Type Here to Get Search Results !

Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan-2nd Chapter

Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan 2nd Chapter

Hs 2nd year swadesh adhyayan question answer , Class 12 swadesh adhyayan-2nd Chapter
Hs 2nd year Swadesh Adhyayan

👉For all Syllabus click here👈

👉For 1st Chapter Click here👈
প্ৰথম অধ্যায়ঃ Click here
দ্বিতীয় অধ্যায়ঃ Click here
তৃতীয় অধ্যায়ঃ Click here
চতুৰ্থ অধ্যায়ঃ Click here
পঞ্চম অধ্যায়ঃ Click here
ষষ্ঠ অধ্যায়ঃ Click here
সপ্তম অধ্যায়ঃ Click here
অষ্টম অধ্যায়ঃ Click here
নৱম অধ্যায়ঃ Click here

 দ্বিতীয় অধ্যায়ঃ অসমৰ জনদৃশ্য
—জন-গাঁথনি
   — জনপ্ৰব্ৰজন সমস্যা আৰ সম্ভাৱনীয়তা


Hs 2nd Year Swadesh Adhyayan

         জানিবলগীয়া কথা

• ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যা – ৩,১২,০৫,৫৭৬ 

● ২০১৯ চনৰ মাৰ্চৰ প্ৰাক্‌-কলন অনুসৰি জনসংখ্যা প্রায় ৩.৫০ কোটি

• ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ২.৬ শতাংশ 

● মাটিকালি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় ২.৪ শতাংশ

● কুৰি শতিকাৰ কালছোৱাত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ : ৮.১ গুণ 

• উক্ত কালছোৱাত ভাৰতত বৃদ্ধিৰ হাৰ: ৪.৩ গুণ

• নগৰীকৰণ প্ৰক্ৰিয়া : মন্থৰ, মাথো ১৪ শতাংশ

• জিলাৰ সংখ্যা : ৩৩ খন, পাহাৰীয়া জিলা ৩ খন

● মহকুমা : ৫৬ খন (২০১১ চন) 

● ৰাজহ চক্ৰ : ১৮৪ টা

• খিলঞ্জীয়া অধিবাসীসকলৰ মাজত নৃতাত্বিক, সামাজিক আৰু ধৰ্মীয়, ভাষিক আদি উপাদানসমুহৰ

বৈচিত্র্য বিৰাজমান। বৈচিত্র্যপূর্ণ জনশৈলীৰ সমাবেশৰ হেতুকে অতি সচেতনতাই অসমৰ সমাজ

সাংস্কৃতিক ঐক্যৰ অন্তৰায়ৰ সৃষ্টি কৰা দেখা যায়।

• শিল্প-বাণিজ্যৰ অনগ্ৰসৰতাৰ হেতু মুঠ কৰ্মৰত জনসংখ্যাৰ ৫২.৪ শতাংশ প্রাথমিক বৃত্তিৰ সৈতে

জড়িত।

• কৃষিজীৱি : ৪০ শতাংশ 

● কৃষি শ্রমিক : ১২.৪ শতাংশ

• দ্বিতীয় বৃত্তি : ১৪.০ শতাংশ

• তৃতীয় বৃত্তি : ২৪.৩ শতাংশ 

• চতুর্থক বৃত্তি : ৬.০ শতাংশ

● পঞ্চমক বৃত্তিঃ ৩.০ শতাংশ

● সাক্ষৰতাৰ হাৰ : ৭২.২ শতাংশ

• মহিলাৰ সাক্ষৰতাৰ হাৰঃ ৬৬.৩ শতাংশ

• মানৱ সম্পদ উন্নয়ন নিম্নমানৰ প্ৰচেষ্টা : লেহেমীয়া)

• জনবসতিৰ ঘনত্ব৩৯৭ প্রতি বর্গ কিলোমিটাৰত

• পাহাৰীয়া জিলা তিনিখনত ১২ প্রতি বর্গ কিলোমিটাৰত



৯। অসমত বিভিন্ন বৃত্তিত নিয়োজিত জনসংখ্যা শতাংশ হিচাবত দেখুওৱা।

উত্তৰঃ - অসমত বিভিন্ন বৃত্তিত নিয়োজিত জনসংখ্যাঃ-

 ১.প্রাথমিক বৃত্তি : ৫২.৪ শতাংশ (কৃষিজীৱী ৪০ শতাংশ, কৃষি শ্রমিক ১২.৪ শতাংশ)

২. দ্বিতীয় বৃত্তি : ১৪.০ শতাংশ

৩.তৃতীয় বৃত্তি২৪.৩ শতাংশ

৪.চতুৰ্থক বৃত্তি৬.৩ শতাংশ

 ৫.পঞ্চমক বৃত্তি : ৩.০ শতাংশ

Also Read 250+ Happy Birthday Wish quotes in Assames

১০। মানৱ সম্পদ উন্নয়নৰ লাইখুটা বুলিলে কি বুজা? এই লাইখুটা কেইটা কি কি?

উত্তৰঃ-  সম্পদ উন্নয়নৰ (এইচ.আৰ.ডি.) হৈছে কৰ্মচাৰীসকলক তেওঁলোকৰ ব্যক্তিগত আৰু সাংগঠনিক দক্ষতা, জ্ঞান আৰু সামৰ্থ্য বিকাশত সহায় কৰাৰ পৰিকাঠামো। মানৱ সম্পদ বিকাশত কৰ্মচাৰীৰ প্ৰশিক্ষণ, কৰ্মচাৰীৰ কেৰিয়াৰ বিকাশ, প্ৰদৰ্শন ব্যৱস্থাপনা আৰু বিকাশ, প্ৰশিক্ষণ, পৰামৰ্শ, উত্তৰাধিকাৰী পৰিকল্পনা, মুখ্য কৰ্মচাৰী চিনাক্তকৰণ, টিউচন সহায়, আৰু সংগঠন বিকাশৰ দৰে সুযোগ অন্তৰ্ভুক্ত থাকে।

         মানৱ সম্পদ বিকাশৰ সকলো দিশৰ গুৰুত্ব হৈছে আটাইতকৈ উৎকৃষ্ট কৰ্মচাৰী বিকশিত কৰা যাতে সংগঠন আৰু ব্যক্তিগত কৰ্মচাৰীসকলে গ্ৰাহকসকলৰ সেৱাত তেওঁলোকৰ কামৰ লক্ষ্য পূৰণ কৰিব পাৰে।

         মানৱ সম্পদ বিকাশ আনুষ্ঠানিক হ'ব পাৰে যেনে শ্ৰেণীকোঠাৰ প্ৰশিক্ষণ, মহাবিদ্যালয়ৰ পাঠ্যক্ৰম, বা এক সাংগঠনিক পৰিকল্পিত পৰিৱৰ্তন প্ৰচেষ্টা। বা, মানৱ সম্পদ বিকাশ এজন মেনেজাৰৰ দ্বাৰা কৰ্মচাৰী প্ৰশিক্ষণৰ দৰে অনানুষ্ঠানিক হ'ব পাৰে। স্বাস্থ্যৱান সংগঠনবোৰে মানৱ সম্পদ বিকাশত বিশ্বাস কৰে আৰু এই সকলোবোৰ আধাৰ সামৰি লয়।

          মানৱ সম্পদ উন্নয়নৰ লাইখুটা চাৰিটা । এই কেইটা হ'ল - 

          ১.সমতা (Equality) 

          ২. উৎপাদন (Prosecution)

          ৩.স্হায়িত্ব (Durability)

          ৪. অধিকাৰ (Rights)

          

  Also Read নীলা খামৰ চিঠি - ৰোমান্টিক লাভ ষ্টৰি


 ১১। কৌশল বিকাশ কি? কৌশল বিকাশ অসমত কেনেকৈ কৰিব পাৰি ।

উত্তৰঃ- কৌশল বিকাশ হৈছে কৌশলগত বিকল্পবোৰ গৱেষণা আৰু চিনাক্ত কৰা, আটাইতকৈ প্ৰতিশ্ৰুতিপূৰ্ণ বাছনি কৰা আৰু উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে সমগ্ৰ সংগঠনত কেনেদৰে সম্পদ আৱণ্টন কৰা হ'ব সেইটো নিৰ্ণয় কৰা।
        কৌশল বিকাশ অসমত কৰিব পৰা উপায়ঃ
১. অসমৰ নিৱনুৱা সকলক কাৰিকৰী শিক্ষাৰে শিক্ষিত কৰি ।
২. সাধাৰণ শিক্ষিত লোক যিসকলক দক্ষতা বিকাশৰ জৰিয়তে শক্তিশালী সম্পদ হিচাপে গঢ়ি তুলি ।
৩. অসমৰ নিৱনুৱা সকলক ঔদ্যোগিক স্হাপনৰ ঋণ প্ৰদান কৰি ।

১২। অসমত পাহাৰীয়া জিলা কেইখনৰ নাম লিখা।

 উত্তৰঃ- অসমৰ পাহাৰীয়া জিলা তিনিখন ।

 সেইকেইখন হ'ল - 

          কাৰ্বি আংলং , পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও 

 

১৩.পাহাৰীয়া জিলাকেইখনত জনবসতি সেৰেঙা হোৱাৰ ৪ টা কাৰণ লিখা।

উত্তৰঃ পাহাৰীয়া জিলাকেইখনত জনবসতি সেৰেঙা হোৱাৰ ৪ টা কাৰণ হ'ল - 

     ১. পথ পৰিবহণৰ সু-ব্যৱস্থা নাই

     ২. কল- কাৰাখানা, উদ্যোগ, চিকিৎসালয় , শিক্ষা অনুষ্ঠানত অতি কম ।

     ৩. পাহাৰীয়া জিলাকেইখন অসমান হোৱাৰ বাবে সকলো খেতিৰ বাবে উপযোগী নহয়

     ৪. পাহাৰীয়া জিলা কেইখনত প্ৰয়োজনীয় নূন্যতম সুবিধাৰ অভাৱ ।


            Extra Important Questions Answerer


১। প্ৰশ্নঃ. অসমত দ্ৰুতহাৰত বৃদ্ধি হোৱা জনসংখ্যাৰ মূল কাৰণ কি ?

উত্তৰঃ অসমত দ্ৰুতহাৰত বৃদ্ধি হোৱা জনসংখ্যাৰ মূল কাৰণ হৈছে দুটা -

(ক) জন্মৰ হাৰ বৃদ্ধি আৰু মৃত্যুৰ হাৰ হ্ৰাস, (খ) জনপ্ৰব্ৰজন জীৱিকাৰ তাড়নাত বাংলাদেশ, নেপাল আদিৰ পৰা বৈধ-অবৈধভাৱে জনস্রোত বোৱাৰ উপৰিও ভাৰতবৰ্ষৰ আন ৰাজ্যবোৰৰ পৰা ঘটা শ্রমিক আৰু ব্যৱসায়ীৰ প্ৰব্ৰজন ।


২। প্ৰশ্নঃ অসমত বৰ্তমান কিমানখন গাঁও আছে ?

উত্তৰঃ অসমত বৰ্তমান ২৬,৩৯৫ খন গাওঁ আছে।


৩। প্ৰশ্নঃ অসম চুক্তি' কেতিয়া স্বাক্ষৰিত কৰা হৈছিল ?
 উত্তৰঃ ১৯৮৫ চনত ‘অসম চুক্তি' স্বাক্ষৰিত কৰা হৈছিল।


৪। এটা অঞ্চলত জনসংখ্যাৰ বৃদ্ধি হোৱাৰ কাৰণ সমূহ কি কি ?

উত্তৰঃ এটা অঞ্চলত জনসংখ্যাৰ বৃদ্ধি হাৰ তিনিটা কাৰণত হ'ব পাৰে

 (i) জন্মৰ হাৰ, 

 (ii) মৃত্যুৰ হাৰ আৰু 

 (iii) প্রব্রজন।

  সেয়েহে সংক্ষেপে জনসংখ্যাৰ বৃদ্ধিৰ হাৰ গণনা কৰিবলৈ তলৰ সুত্ৰটো ব্যৱহাৰ কৰা হয়— জনসংখ্যাৰ বৃদ্ধি (P) = (জন্মৰ হাৰ ~ মৃত্যুৰ হাৰ) + প্ৰব্ৰজন

প্ৰব্ৰজন = (আস্তঃপ্রব্রজন ~ বহিঃপ্রব্রজন)

     👉Read more👈




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!