Type Here to Get Search Results !

Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan

  Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan


Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan
Swadesh Adhyayan

Swadesh Adhyayan

 

Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan


4.
ক) অসম জৈৱবৈচিত্র্যত চহকী হোৱাৰ কাৰণবোৰ ব্যাখ্যা কৰা।

 উত্তৰ :- অসম জৈৱবৈচিত্র্যত চহকী হোৱাৰ কাৰণবোৰ হল - 

      ১.জলবায়ুৰ বৈশিষ্ট্য :- জলবায়ুৰ বৈশিষ্ট্যৰ বাবেই শীতকালত যিবোৰ উদ্ভিদ আৰু প্ৰাণী অসমত পোৱা যায় গ্রীষ্মকালত এচাম বেলেগ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায় যাৰ বাবে অসম জৈৱবিচিত্ৰতাৰ এক চহকী অঞ্চলত পৰিণত হৈছে। 


      ২.হিমালয় পৰ্বতমালা অৱস্থিত :- হিমালয়ৰ বৰফ গলা পানীয়ে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ বাহিনীৰ প্ৰায়বোৰ উপনদীক গোটেই বছৰ পানীৰে পৰিপুষ্ট কৰি ৰাখিছে। গোটেই বছৰ পানী থকাৰ বাবে নদ-নদীবোৰত বিভিন্ন প্ৰজাতিৰ বহুতো উদ্ভিদ আৰু জলচৰ প্ৰাণীৰ সমাহাৰ ঘটিছে সকলো ঋতুতে প্রয়োজন অনুসৰি খেতি মাটিত পানী যোগান ধৰা সম্ভৱ হৈছে। বর্ষা ঋতুত যেতিয়া মৌচুমী বায়ু উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে তেতিয়া হিমালয়ৰ এই পাহাৰ-পৰ্বতবোৰৰ অৱস্থিতিৰ বাবে প্ৰচুৰ পৰিমাণে শৈলোৎক্ষেপ বৃষ্টিপাত হয়। ইয়াৰ ফলত নদ-নদীবোৰ পানীৰে উপচি পৰি ঠায়ে ঠায়ে প্ৰৱল বানৰ সৃষ্টি কৰে যদিও প্রাকৃতিকভাৱে পোৱা এই পানী হাবি জংঘলবোৰ বৰ্তি থকাত আৰু খেতি-বাতি কৰাত যথেষ্ট সহায় হৈছে। নদী, উপনদী আৰু আন আন জলাশয়সমূহত মাছ, কাছকে ধৰি বিভিন্ন প্রজাতিৰ জীৱ আৰু বিভিন্ন প্ৰজাতিৰ উদ্ভিদেৰে অসমক জৈৱবিচিত্ৰতাৰে চহকী অঞ্চলত পৰিণত কৰিছে।

      ৩.অসমৰ মাটি :- অসমৰ ভৌগোলিক অৱস্থান, ভূ-প্রকৃতি আৰু জলবায়ুৰ লগতে অসমৰ মাটিৰ গুণাগুণে প্ৰদেশখনৰ অর্থনীতিত বিশেষ প্রভাৱ পেলাইছে। উদ্ভিদৰ প্ৰকাৰ, বৃদ্ধি, গঠন আদিৰ ওপৰত মাটিৰ গুণাগুণে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে ‍ (উদ্ভিৰ ওপৰতেই যিহেতু প্রাণীজগত নিৰ্ভৰশীল সেয়েহে অসমৰ জৈৱবিচিত্ৰতাত অসমৰ মাটিৰ গুণাগুণৰ প্ৰভাৱো অপৰিসীম।

Read also 👉প্ৰথম প্ৰেম - এটি ৰোমান্টিক লাভ ষ্টৰি


Hs 2nd year swadesh adhyayan question answer | Class 12 swadesh adhyayan


 (খ) অসমৰ পলসুৱা মাটিৰ গুণাগুণ আৰু বিতৰণৰ এটা টোকা লিখা।
 উত্তৰ :- ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকা প্ৰধানকৈ নদীগঠিত পলসুৱা মাটিৰে গঠিত। এই পলসুৱা মাটিক দুটা ভাগত ভগাব পাৰি। নতুন পলসুৱা আৰু পুৰণি পলসুৱা মাটি। এই মাটিবোৰ পলসুৱা হোৱাৰ বাবে বিভিন্ন শস্য উৎপাদনৰ বাবে উপযোগী । ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়োপাৰে সঘনে বানপানী হোৱা অঞ্চল প্ৰধানকৈ নতুন পলসুৱা মাটিৰ। এই মাটিৰ ৰং সাধাৰণতে মধ্যমীয়াৰ পৰা গাঢ় ধোঁৱা বৰণীয়া। পুৰণি পলসুৱা মাটি কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, শোণিতপুৰ, লক্ষীমপুৰ আৰু অংশ বিশেষে ধেমাজি জিলাত প্ৰধানকৈ পোৱা যায়। নদীকাষৰীয়া নতুন পলসুৱা আৰু পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাজভাগত প্ৰধানকৈ পুৰণি পলসুৱা মাটি দেখা যায়। ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ পুৰণি পলসুৱা মাটিভাগ তুলনামূলকভাৱে উত্তৰপাৰতকৈ ঠেক। কিন্তু মানকাচৰ, দক্ষিণ শালমাৰা, গোৱালপাৰা, নগাঁও, হোজাই জিলাত পুৰণি পলসুৱা মাটিভাগ যথেষ্ট বহল।

বৰাক উপত্যকাত মিজোৰামৰ পাহাৰবোৰৰ সমান্তৰালকৈ কেইবাটাও পুৰণি পলসুৱা মাটিৰ ঠেক কিন্তু দীঘলীয়া অঞ্চল আছে। পুৰণি পলসুৱা মাটিৰ ৰং গাঢ় মটীয়াৰ পৰা মটীয়া হালধীয়া হোৱা দেখা যায়।

Read also নীলা খামৰ চিঠি - ৰোমান্টিক লাভ ষ্টৰি

  (গ) অসমৰ ভূপ্রকৃতি প্ৰধানকৈ সমতলীয় হোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ তুলনাত কি কি সুবিধা আলোচনা কৰা।
উত্তৰ :- অসমৰ ভূপ্রকৃতি প্ৰধানকৈ সমতলীয় হোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ তুলনাত সুবিধা সমূহ হ'ল 

১. যাতয়তৰ সুবিধা

২. খেতিৰ বাবে উপযোগী

৩ . উদ্যোগ স্থাপনৰ সুবিধা

৪. ৰেলপথৰ সুবিধা

             👉Read more👈

 

প্ৰশ্ন উত্তৰ কেইটা বন্ধু বৰ্গ সৈতে share কৰি দিবা 

বাকী কেইটা প্ৰশ্ন যদি লাগে Comment ত মোক জনাই দিবা মই Update কৰি দিম সকলোখিনি পাঠৰ মোৰ Note বনাৱা আছে 

 

Post a Comment

3 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. 1st chapter 3,4 question for answer khini please diok sun

    ReplyDelete
  2. Swadesh adhyanar 2nd year 1st chapter ar 4/ গ আৰু ঘ question or answer duta diok

    ReplyDelete

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!