Type Here to Get Search Results !

Assamese love story | নীলা খামৰ চিঠি - ৰোমান্টিক লাভ ষ্টৰি | Assamese Romantic love story

 Assamese  love story | নীলা খামৰ চিঠি - ৰোমান্টিক লাভ ষ্টৰি | Love story in assamese language


Assamese Romantic love story
Assamese love story

Assamese  love story



                   নীলা খামৰ চিঠি 


🍁মই এটি মদাৰৰ পাপৰি🌼 কাঁইটীয়া দালত আছোঁ ওলমি মই টো নাজানো সমাজত মোৰ কিমান আদৰ সেইহে লৈ থাকোঁ গোলাপ🥀, নাহৰ,🌼তগৰ,💐হাছনাহানাৰ খবৰ??❣️


মৰমৰ,

‌ ‌ নিৰব বহু দিনৰ নীৰৱতাৰ অন্তত হাতত কলমটো তুলি ললো। আশাঁ কৰোঁ তুমি কুশলে আছা। নিলিখো বুলিও‌ চোন থাকিব নোৱাৰোঁ,স্মৃতি বোৰে বৰকৈ আমনি কৰে, তোমাৰ মোৰ ভাল লগা বোৰ মোৰ অনুভৱৰ মানস পটত জিলিকি উঠে। অতীতৰ সেই ভাল লগা সময় বোৰলৈ আকৌ উলটি যাব মন যায়।

            মই জানো এতিয়া তুমি মোৰ পৰা বহু দূৰত। লগ পাব মন গ'লেও মই তোমাক আৰু কেতিয়াও লগ পাব নোৱাৰোঁ। তুমি মোক আৰু আমাৰ মৰম বোৰক হয়টো কেতিয়াবাই পাহৰি পেলালা, সেই যে আমি লগ পোৱা প্ৰথম আবেলিটো আৰু মোৰ দুপ্পাতাখন উৰুৱাই নিয়া উম্ননা বতাহ যাকে মোক যে বাৰুকৈয়ে আমনি কৰে।

Assamese  love story

           আমাৰ প্ৰতিটো মূহুৰ্ত বৰ ভাল লগা আছিল নহয় নে তুমি মই আমি লগ পালে তোমাৰ কোলাত মূৰ থৈ বহা সেই বিশেষ ঠাইখিনি। ঘন্টাৰ পিছত ঘন্টা যুৰি আমাৰ মৰম,অভিমান ভৰা থেহ লগা কথা বোৰ,ভেলিনা আইচক্ৰীম, ৰাতি দুপৰলৈকে ফোন, মেচেজ, তোমাৰ এইবোৰ কথা কেতিয়াও মনত নপৰে ন?

           এহ পৰিবনো কিয় মই যে কি বোৰ বকি আছোঁ নহয়,এতিয়া তুমি নতুনৰ সতে সপোন ৰচাত ব্যস্ত, শুনিছোঁ তাই জনী বোলে বৰ মৰম লগা, তাইক কিন্তু মোৰ দৰে নকৰিবা দেই। মোৰ ভূল কি আছিল,কত আছিল মোক তুমি এবাৰো নকলা নিৰব কিয় এনেকুৱা হ'ল আজিলৈকে একো বুজিয়ে নাপালোঁ মই।মোৰ বাবে এইয়া এক উত্তৰ বিহীন প্ৰশ্ন।

          মোক বৰকৈ আমনি কৰে অতীতৰ সেই ভাল লগা কথা বোৰ বেদনা হৈ নিগৰে বহু ৰাতি উজাগৰে পাৰ কৰোঁ, কেতিয়াবা নিজকে শেষ কৰি পেলাব মন যায়। কিন্তু আকৌ ৰৈ যাওঁ জানা নিৰব। তুমি অবিহনে সুখী হবলৈ শি‍ঁকাইছো নিজকে।আজি কালি নিসংগতা বোৰ ভাল লাগে।

          এইবোৰকে আপোন কৰি লৈছোঁ। এতিয়া আৰু ভালপোৱা বোৰে পাহী নেমেলে। কাৰোবাৰ প্ৰেমত পৰি বাউলী জনী হ'বলৈ মন নাযায়। মাথোঁ শুভকামনা নিৰব তুমি সদায় সুখী হোৱা নতুনৰ সতে।জীৱনটো ধুনীয়া কৰি তুলা।

             

                  ইতি,

তোমাৰ নিলাঞ্জনা,অহ ক্ষমা কৰিবা তোমাৰ নহয়,কোনোবা অচিনাকী নীলা 🖤🖤🖤

                       সিমনাত

                                   নীলা🖤

Assamese Love story

প্ৰেমৰ অভিশাপ অন্য এটা লাভ ষ্টৰি


     এজন ল'ৰাই এজনী ছােৱালীক বৰ ভাল পাইছিল। কিন্তু ছােৱালী জনীয়ে ল'ৰা জনৰ লগত প্ৰেমৰ অভিনয় কৰিছিল। সিহঁতৰ প্ৰেমৰ সম্পৰ্কৰ কথা সকলােৱে জানে। মানুহে জানে যে দুয়ােৰে বিয়াও হ'ব।

 কোনেও নাজানে ছােৱালীজনীৰ মনৰ আচল খবৰ। আনকি তাই যে অভিনয় কৰি আছিল এইটো ল'ৰা জনেও ধৰিব পৰা নাছিল।

 

ল'ৰা জনে তাইক মন প্রাণ দি ভাল পাইছিল। ল'ৰা জনৰ চাকৰি নাছিল যদিও তেওঁ ভালেই উপার্জন।

কৰিছিল। মুঠতে ৰূপে গুণে সামাজিক ভাৱে ল'ৰা জন ছােৱালীজনীৰ সম্পূর্ণ উপযুক্ত আছিল।

Love story in assamese language

এনেকৈ বহুদিন পাৰ হ'ল, এদিন চাকৰি কৰা লৰা এজন ছােৱালীজনীক বিয়াৰ প্ৰস্তাৱ দিলে। লুভীয়া ছােৱালীজনীয়ে পাহৰি গ'ল ল'ৰা জনৰ কথা। ধূম ধামেৰে বিয়া হৈ গল। চাকৰি কৰা ল'ৰা জনৰ লগত। ছােৱালী জনীয়ে বিয়া পাতি বৰ আনন্দ মনেৰে সংসাৰ কৰি আছে। 

    ল'ৰা জনৰ মনত বৰ আঘাত পালে। সকলােৱে ল'ৰা জনক সান্তনা দিলে আৰু ছােৱালী জনীক বেইমান বুলি অভিশাপ কৰিলে।

এনেকৈ এবছৰ পাৰ হ'ল। বেকাৰ ল'ৰা জনৰ চাকৰি হৈ গ'ল। পৰিয়ালৰ মানুহ আৰু বন্ধু বান্ধৱী সকল চাই ৰূপে গুণে সুন্দৰ ছােৱালী এজনীৰ লগত ল'ৰা জনৰ বিয়া পাতি দিলে। বৰ সুখৰে আৰম্ভ হল ল'ৰা জনৰ সংসাৰ।

    বিধাতাৰ মহিমা। ছােৱালী জনীৰ এজন সন্তান হ'ল। কিছুদিন পিছত তাইৰ গিৰিয়েকৰ মৃত্যু হ'ল। নাৰীৰ সম্ভল পতিক হেৰুৱাই তাই পাগলৰ দৰে হৈ গ'ল।

তাইৰ চকুত ভাহি উঠে সেই ল'ৰা জনৰ সুখৰ সংসাৰখন। সিটো সংসাৰৰ সমভাগী আছিল তাই। এই কথা ভাবি ভাবি তাইৰ চকুৰে ধাৰাসাৰে চকুলাে বৈ যায়।

Assamese love story

এদিন ল'ৰা জন তেওঁৰ ঘৈণীয়েকৰ সৈতে ক'ৰবাত গৈ আছে। বাটত ছােৱালী জনীৰ লগত দেখা হ'ল। ল'ৰা জন ছােৱালীজনীক দেখি ঘৃণা উপজিল। কিন্তু ছােৱালীজনীয়ে দুয়ােৰে ফালে ৰ লাগি চাই থাকিল।


কিছু সময়ৰ পিছত ছােৱালী জনীৰ মূৰ ঘূৰাই মাটিত বাগৰি পৰিল। দুয়াে দৌৰি আহি তাইৰ মূৰত পানী ঢালি সুস্থ কৰিলে। চকু মেলি ছােৱালী জনী লৰাজনক দেখা পালে । তাইৰ দুয়াে চকুৰে ধাৰাসাৰে চকুলাে ববলৈ ধৰিলে । ল'ৰা জনৰাে দুয়াে চকু চলচলীয়া হৈ পৰিল।

ইতিমধ্যে ছােৱালী জনীৰ ঘৰৰ মানুহ আহি তাইক লৈ গ'ল আৰু ল'ৰা জনেও তেওঁৰ ঘৈণীয়েকক লগত লৈ ঘৰলৈ উভতি আহিল।

                                          ✍️  দিক্ষীতা ডেকা

Also Read:-প্ৰথম প্ৰেম -এটি ৰোমান্টিক লাভ ষ্টৰি        

অসমীয়া কবিতা

Birthday Wish in Assamess

        

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!