Type Here to Get Search Results !

অসমীয়া সাধাৰণ জ্ঞান ২০২১-২০২২(pdf) | Assam GK 2021-2022 in Assamese language( pdf )

 অসমীয়া সাধাৰণ জ্ঞান ২০২১(pdf) - Assam GK to 2021 in Assamese language ( pdf )

অসমীয়া সাধাৰণ জ্ঞান ২০২১(pdf) - Assamese general knowledge in assamese language pdf
অসমীয়া সাধাৰণ জ্ঞান ২০২১(pdf)
(Part-2)

সকলো ধৰণৰ প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নঃ , আপুনি যদি প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰস্তুতি কৰিছে, যেনে- অসম পুলিচ , টেট , APSC , APDCL, PNRD, Panchayat আদিৰ । তেন্তে এই ১১১টা অসমীয়া সাধাৰণ জ্ঞান ২০২১-২০২২ প্ৰশ্নোত্তৰ খিনিয়ে বহু সহায় কৰিব । লগতে আপুনি যদি এই প্ৰশ্নোত্তৰ খিনিৰ pdf Download কৰিব পাৰিব একেবাৰে তলত গৈ Download কৰিব পাৰিব ।

অসমীয়া সাধাৰণ জ্ঞান ২০২১-২০২২(pdf) - Assam GK 2021 in Assamese language (pdf) 

অসমীয়া সাধাৰণ জ্ঞান কুইজ ২০২১ ( অতি গুৰুত্বপূৰ্ণ ):

সাধাৰণ জ্ঞান (অসমীয়া সাহিত্য)২০২১-Assam GK 2021 in Assamese language

১)প্ৰশ্ন : ‘অসম’ নামটোৰ কেতিয়াৰ প্ৰচলন হয়?
উত্তৰ :
ত্ৰয়োদশ শতিকা মানত আহোম সকলে এই ভূ-খণ্ড জয় কৰাৰ পাছত।


২) প্ৰশ্ন : অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?
উত্তৰ :
খ্ৰীষ্টিয় নৱম-দশম শতিকা মানত।


৩) প্ৰশ্ন : অসমৰ পুৰণি নামটি কি?
উত্তৰ :
কামৰুপ (প্ৰাগজ্যোতিষপুৰ)


৪) প্ৰশ্ন : প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?
উত্তৰ :
মাধৱ কন্দলি।


৫) প্ৰশ্ন : মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতা জনৰ নাম কি?
উত্তৰ :
ৰাম সৰস্বতী।


৬) প্ৰশ্ন : অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উত্তৰ :
ভট্টদেৱ।


৭) প্ৰশ্ন : প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?
উত্তৰ :
পদ্মাৱতী দেৱফুকননী।


৮) প্ৰশ্ন : প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
উত্তৰ :
ধৰ্মপুস্তক (১৮১), আত্মাৰাম শৰ্মা।


৯) প্ৰশ্ন : গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাট খনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল?
উত্তৰ :
“ধৰালৈ যিদিনা নামিব সৰগ” – সত্যপ্ৰসাদ বৰুৱা।


১০) প্ৰশ্ন : ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি?
উত্তৰ :
Oxford English Dictionary.


১১) প্ৰশ্ন : অসমত প্ৰথম ইংৰাজী অসমীয়া (Anglo assamese) অভিধান কোনে প্ৰণয়ন কৰে?
উত্তৰ :
বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই (যোৰহাট)।


১২) প্ৰশ্ন : “বন্দো কি ছন্দেৰে” নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন?
উত্তৰ :
অম্বিকাগিৰি ৰায় চৌধুৰী।


১৩) প্ৰশ্ন : অলিভাৰ টি কট্টাৰ কোন?
উত্তৰ :
অসমৰ প্ৰথম বাৰ্তালোচনী “অৰুণদইঅ’ৰ (১৮৪৬) প্ৰতিষ্ঠাপক মুদ্ৰক।


১৪) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?
উত্তৰ :
কৃষ্ণকান্ত সন্দিকৈ। (১৯৪৮-১৯৫৭)


১৫) প্ৰশ্ন : ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’……….. ৰ সুৰকাৰ কোন আছিল?
উত্তৰ :
কমলা প্ৰসাদ আগৰৱালা।


১৬) প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম, ঠাই, কিমান চনত জন্ম হৈছিল?
উত্তৰ :
পদ্মনাথ গোহাঞিবৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।


১৭) প্ৰশ্ন : অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল?
উত্তৰ :
আনন্দৰাম বৰুৱা।


১৮) অসমৰ প্ৰথম মহিলা আই. এ. এছ (I.A.S.) কোন?
উত্তৰ :
পাৰুল দাস (১৯৭৪ চন) 


১৯) অসমৰ প্ৰথম মহিলা এ. ছি. এছ. (A.C.S.) কোন?
উত্তৰ :
শুচিব্ৰতা ৰায়চৌধুৰী।


২০) প্ৰশ্ন : কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ :
শ্ৰীধৰ কন্দলি।


২১) প্ৰশ্ন : শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল?
উত্তৰ :
সান্দিপনী। 


২২) প্ৰশ্ন : অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি?
উত্তৰ :
The Assam Tribune. (১৯৪৬ চনত ৰাধাগোবিন্দ বৰুৱাৰ দ্বাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত, প্ৰথম সম্পাদক – লক্ষ্মীনাথ ফুকন)।


২৩) প্ৰশ্ন : নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্ত্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটাক কি নামেৰে নামাকৰণ কৰা হৈছে?
উত্তৰ :
“পাদশিলা”।


২৪) প্ৰশ্ন : প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?
উত্তৰ :
বিষ্ণুৰাম মেধি (মাদ্ৰাজ ১৯৫৭)।


২৫) প্ৰশ্ন : স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ :
ভাৰতৰত্ন গোপীনাথ বৰদলৈ।


২৬) প্ৰশ্ন : ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অদিষ্ঠিত হোৱা সুযোগ্য অসম সন্তান জন কোন বাৰু?
উত্তৰ :
ফকৰুদ্দিন আলি আহমেদ। (১৯৭৪-৭৭)


২৭) প্ৰশ্ন : অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল?
উত্তৰ :
ডাঃ ৰজনীপ্ৰভা শইকীয়া।


২৮) প্ৰশ্ন : লণ্ডন বিশ্ববিদ্যালয়ৰ “ডি-লিট” সন্মান লাভ কৰা ব্যক্তিজন কোন?
উত্তৰ :
সূৰ্য কুমাৰ ভূঞা।


২৯) প্ৰশ্ন : কোন চনত, ক’ৰ পৰা প্ৰথম প্ৰকাশ হৈছিল “জোনাকী” নামৰ আলোচনীখন। প্ৰথম সম্পাদকজন কোন আছিল?
উত্তৰ :
১৮৮৯ চনত কলিতাৰ পৰা। প্ৰথম সম্পাদক – চন্দ্ৰ কুমাৰ আগৰৱালা।


৩০) প্ৰশ্ন : জ্যোতিপ্ৰসাদ আগৰৱালাহতঁৰ এসময়ৰ “পকী” নামৰ ঘৰটো কি নামেৰে জনাজাত?
উত্তৰ :
জ্যোতি ভাৰতী।


৩১) প্ৰশ্ন : বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ নাম কি আছিল?
উত্তৰ :
প্ৰিয়লতা দত্ত।


৩২) প্ৰশ্ন : কোন কবিৰ কবিতা – ‘মৃত্যুওটো এটা শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ………..’
উত্তৰ :
হীৰেণ ভট্টাচাৰ্য।


৩৩) প্ৰশ্ন : ইংৰাজৰ ৰাজত্ব কালত ১৯০১ চনতে স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন?
উত্তৰ :
ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন।


৩৪) প্ৰশ্ন : কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস “অভিযাত্ৰী”?

উত্তৰ : চন্দ্ৰপ্ৰভা শইকীয়ানী।


৩৫) প্ৰশ্ন : ‘বীণবৰাগী’ কবিতা পুথিৰ ৰচক কোন?
উত্তৰ :
চন্দ্ৰকুমাৰ আগৰৱালা।


৩৬) প্ৰশ্ন : প্ৰসিদ্ধ চিন্তাবিদ ড° হীৰেণ গোঁহায়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ :
“অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” শীৰ্ষক গ্ৰন্থৰ বাবে।


৩৭) প্ৰশ্ন : অ. ভা. উ. সা. সভা বুলিলে কি বুজা?
উত্তৰ :
অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।


৩৮) প্ৰশ্ন : বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্শ কোন?
উত্তৰ :
ড° অমৰজ্যোতি চৌধুৰী।


৩৯) প্ৰশ্ন : ২০০৭ চনত চাপৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি কোন?
উত্তৰ :
কনক সেন ডেকা। (দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত)


৪০) প্ৰশ্ন : ২০০৬ চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন?
উত্তৰ :
নলিনীধৰ ভট্টাচাৰ্য।


৪১) প্ৰশ্ন : ২০০৬ চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন?
উত্তৰ :
ৰতন থিয়াম।


৪২) প্ৰশ্ন : ‘চিৰচেনেহী মোৰ ভাষা জননী’ এই গীতটো কোনে ৰচনা কৰিছিল?
উত্তৰ :
সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই।


৪৩) প্ৰশ্ন : আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসৰ নাম কি?
উত্তৰ :
পদ্মনাথ গোহাঞি বৰুৱাৰ “ভানুমতী”।


৪৪) প্ৰশ্ন : অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য ‘তামোল’ শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান?
উত্তৰ :
অষ্ট্ৰিক জাতি।


৪৫) প্ৰশ্ন : বিষ্ণু ৰাভাৰ কোন চনৰ কোন তাৰিখে কিমান সময়ত মৃত্যু হৈছিল?
উত্তৰ :
১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত মৃত্যু হৈছিল।


৪৬) প্ৰশ্ন : জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি নামে জনাজাত তিনিজন ব্যক্তিৰ দুগৰাকী হ’ল চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। তৃতীয় গৰাকী কোন?
উত্তৰ :
লক্ষ্মীনথ বেজবৰুৱা।


৪৭) প্ৰশ্ন : অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?
উত্তৰ :
‘ল’ৰা বন্ধু’ (১৮৮৮), সম্পাদক – কৰুনাভিৰাম বৰুৱা।


৪৮) প্ৰশ্ন : ২০০৪ চনৰ ‘সাহিত্য অকাডেমী’ পুৰস্কাৰ লাভ কৰা অসমীয়া সাইহত্যিক গৰাকী কোন?
উত্তৰ :
হীৰেন্দ্ৰ নাথ দত্ত (গ্ৰন্থ : মানুহ অনুকূলে)।


৪৯) প্ৰশ্ন : ‘জোনাকৰে ৰাতি, অসমীৰ মাটি, জিলিকি জিলিকি পৰে …….’ ভূপেন হাজৰিকা ৰচিত এই গীত কোনে গাইছে?
উত্তৰ :
লতা মংগেশকাৰ।


৫০) প্ৰশ্ন : ২০০২ চনৰ কমলকুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?
উত্তৰ :
ড° ভবেন্দ্ৰনাথ শইকীয়া।


৫১) প্ৰশ্ন : ১৯৭৯ চনত ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰ বাবে – উপন্যাস খনৰ নাম কি?
উত্তৰ :
মৃত্যুঞ্জয়।


৫২) প্ৰশ্ন : অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?
উত্তৰ :
অৰুণোদয় (১৮৪৬) সম্পাদক – ড° নাথান ব্ৰাউন।


৫৩) প্ৰশ্ন : কোন অসমীয়া সাহিত্যিকৰ ছদ্মনাম ‘শীলভদ্ৰ’?
উত্তৰ :
ৰেৱতী মোহন দত্ত চৌধুৰী।


৫৪) প্ৰশ্ন : সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ :
বনফুল (১৯৫২), যতীন্দ্ৰ নাথ দুৱাৰা।


৫৫) প্ৰশ্ন : তেওঁ লিখা বিখ্যাত উপন্যাসখনৰ নাম মিৰিজীয়ৰী। তেওঁক কোৱা হয় অসমৰ উপন্যাস সম্ৰাট। তেওঁ কোন?
উত্তৰ :
ৰজনী কান্ত বৰদলৈ।


৫৬) এজন ব্যক্তিয়ে লাভ কৰিছিল ক্ৰমে সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা। সেই পুৰোধা ব্যক্তিজন কোন?
উত্তৰ :
সাহিত্যিক তথা সাংবাদিক – চন্দ্ৰপ্ৰসাদ শইকীয়া।


৫৭) প্ৰশ্ন : বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি?
উত্তৰ :
দহিকতৰা আৰু কেতেকী।


৫৮) প্ৰশ্ন : ড° নিৰ্মল প্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়?
উত্তৰ :
নীলা বাইদেউ।


৫৯) প্ৰশ্ন : অসম সাহিত্য সভাৰ সভানেত্ৰী পদয় অধিষ্ঠিত, পদ্মশ্ৰী উপাধি লাভ কৰা তেওঁ আছিল প্ৰথম মহিলা। ‘অলকানন্দা’ গ্ৰন্থৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। কি নাম আছিল তেওঁৰ?
উত্তৰ :
নলিনী বালা দেৱী।


৬০) প্ৰশ্ন : “পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায়”। এইষাৰ উক্তি কাৰ?
উত্তৰ :
সত্যনাথ বৰাৰ।


৬১) প্ৰশ্ন : হোমেন বৰগোহাঞিৰ কোনখন উপন্যাসৰ আধাৰত চিত্ৰ নিৰ্মাণ হৈছে?
উত্তৰ :
হালধীয়া চৰায়ে বাওঁধান খায়।


৬২) প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক এগৰাকীয়ে লিখা উপন্যাস ‘দঁতাল হাতীৰ উয়ে খোৱা হাওদা’ আৰু এই উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল ‘অদাহ্য’ নামৰ কথাছবিখন। প্ৰশ্ন হ’ল – সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ :
মামনী ৰয়চম গোস্বামী (ইন্দিৰা গোস্বামী)।


৬৩) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱৰ গুপ্তনাম কি আছিল?
উত্তৰ :
গঙ্গাধৰ কায়স্থ।


৬৪) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন থকা প্ৰথম পুথিখনৰ নাম কি?
উত্তৰ :
চতুৰ্দশ শতিকাত ৰচিত হেমসৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’।


৬৫) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথিখনৰ লেখক কোন আছিল?
উত্তৰ :
আনন্দৰাম ঢেকিয়াল ফুকন (অসমীয়া ল’ৰাৰ মিত্ৰ’ ১৮৪১)


৬৬) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম ‘ছনেট’ ৰচোতা গৰাকী কোন?
উত্তৰ :
হেমচন্দ্ৰ গোস্বামী (প্ৰিয়তমাৰ চিঠি) ।


৬৭) প্ৰশ্ন : প্ৰথম অসমীয়া কল্প বিজ্ঞান ভিত্তিক উপন্যাসখন কি?
উত্তৰ :
‘অপদাৰ্থ (নৱকান্ত বৰুৱা ৰচিত)


৬৮) প্ৰশ্ন : প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? সেইখনৰ সম্পাদিকা কোন আছিল?
উত্তৰ :
১৯২৮ চনত প্ৰকাশিত – ঘৰজেউতি; সম্পাদিকা – কনকলতা চলিহা আৰু কমলালয়া কাকতি।


৬৯) প্ৰশ্ন : গুৱাহাটীৰ পৰা প্ৰকাশিত শিক্ষা-বিষয়ক একমাত্ৰ আলোচনীখনৰ নাম কি?
উত্তৰ :
কুলেন্দু পাঠক সম্পাদিত ‘জিজ্ঞাস’।


৭০) প্ৰশ্ন : প্ৰথম অসমীয়া স্কুলীয়া আলোচনীখনৰ নাম কি? সেইখন ক’ৰ পৰা প্ৰকাশ পাইছিল?
উত্তৰ :
‘প্ৰভাত’ (১৯১৫ চনত)। যোৰহাট নৰ্মাল স্কুলৰ পৰা।


৭১) প্ৰশ্ন : অসম সাহিত্য সভাৰ মিলেনিয়াৰ (২০০০ চন) প্ৰথমখন অধিবেশন ক’ত অনুষ্ঠিত হয়? অধিবেশনৰ সভাপতি কোন আছিল?
উত্তৰ :
ডিব্ৰুগড়ত; হোমেন বৰগোহাঞি।


অসমীয়া কুইজ 


৭২) প্ৰশ্ন : “সীমাৰ মাঝে অসমী তুমি
বাজাও আপোন সুৰ
আমাৰ মাঝে তোমাৰ প্ৰকাশ
তাই এত মধুৰ”। - এই কবিতাফাঁকি কোন কবিৰ।
উত্তৰ :
ৰবীন্দ্ৰ নাথ ঠাকুৰ।


৭৩) প্ৰশ্ন : “আইন-ই আকবৰী” কাৰ ৰচনা?
উত্তৰ :
অবুল ফজলৰ।


৭৪) প্ৰশ্ন : মৌলানা অব্দুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰ :
ইণ্ডিয়া উইনছ্‌ ফ্ৰিডম।


৭৫) প্ৰশ্ন : মেঘদূত কি?
উত্তৰ :
মহাকবি কালিদাসৰ ৰচিত সংস্কৃত ভাষাৰ এখন নাটক।


৭৬) প্ৰশ্ন : ‘তৰুণৰ সপোন’ গ্ৰন্থৰ লেখক কোন?
উত্তৰ :
নেতাজী সুভাষ চন্দ্ৰ বসু।


৭৭) প্ৰশ্ন : খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথম কি ভাষাত ৰচনা কৰা হৈছিল?
উত্তৰ :
হিব্ৰু ভাষাত


৭৮) প্ৰশ্ন : আৰ্যসকলৰ আটাইতকৈ প্ৰাচীন সাহিত্য কি?
উত্তৰ :
বেদ।


৭৯) প্ৰশ্ন : “হোমৰুল লীগ”ৰ মুখপাত্ৰখনৰ নাম কি?
উত্তৰ :
নিউ ইণ্ডিয়া নিউজ।


৮০) প্ৰশ্ন : সংস্কৃত ভাষাত সৰ্বপ্ৰথম কোনে শ্লোক ৰচনা কৰিছিল?
উত্তৰ :
মহাকবি বাল্মীকিয়ে।


৮১) প্ৰশ্ন : ভাৰতৰ কোন গৰাকী মহিলাই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল?
উত্তৰ :
আশাপূৰ্ণা দেবী (প্ৰথম প্ৰতিশ্ৰুতি ; ১৯৭৬ চন)


৮২) প্ৰশ্ন : ভাৰতৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি?
উত্তৰ :
“বেংগল গেজেট” (১৭৮০ চনৰ ২৯ জানুৱাৰী)


৮৩) প্ৰশ্ন : বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ প্ৰথম ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ নাম কি?
উত্তৰ :
কলহনৰ ৰাজ তৰংগিনী।


৮৪) প্ৰশ্ন : কোন দুজন অনা ভাৰতীয় অৰ্থাৎ ভাতৰত বাহিৰৰ ব্যক্তিক ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰা হৈছে?
উত্তৰ :
নেচনেল মেণ্ডেলা (১৯৯০) আৰু খান আব্দুল গফুৰ খান (১৯৮৭)।


৮৫) প্ৰশ্ন : কোন গৰাকী মহিলাই ১৯৪৭ চনৰ ১৪/১৫ আগষ্টৰ মাজনিশা ‘বন্দে মাতৰম’ জাতীয় সঙ্গীতটো দিল্লীৰ লালকিল্লাত হোৱা স্বাধীনতা সমাৰোহত গাইছিল?
উত্তৰ :
সুচেতা কৃপালনি।


৮৬) প্ৰশ্ন : ‘সাৰে জাঁহা সে আচ্ছা’ এই গানটো কোনে ৰচনা কৰিছিল?
উত্তৰ :
মহম্মদ ইকবাল ।


৮৭) প্ৰশ্ন : এজন জাৰ্মান সংস্কৃত পণ্ডিত যাৰ নামত দিলীত এটা হলৰ নাম আৰু কলিকতাত এটা ভৱনৰ নাম ৰখা হৈছে। তেওঁ কোন?
উত্তৰ
: মেক্সমূলাৰ।


৮৮) প্ৰশ্ন : কোন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯১৩ চনত নোবেল বঁটা লাভ কৰে?
উত্তৰ :
গীতাঞ্জলি।


৮৯) প্ৰশ্ন : ‘হৰ্ষ চৰিতৰ’ লেখক কোন?
উত্তৰ :
বানভট্ট।


৯০) প্ৰশ্ন : ‘ৰামচৰিত মানস’ৰ লিখক কোন?
উত্তৰ :
তুলসী দাস।


৯১) প্ৰশ্ন : ‘My Experiments with Truth’ ৰ লেখক কোন?
উত্তৰ :
মোহন দাস কৰমচাঁদ গান্ধী।


কুইজ


৯২) প্ৰশ্ন : বিখ্যাত লেখক আৰ্ণেষ্ট হেমিংৱে কোনখন কিতাপৰ বাবে নবেল বঁটা লাভ কৰিছিল?
উত্তৰ :
The Old Man and the Sea.


৯৩) প্ৰশ্ন : শ্বেক্সপীয়েৰে মুঠতে কিমানখন নাট লিখিছিল?
উত্তৰ :
৩৭ খন।


৯৪) প্ৰশ্ন : ‘ইংৰাজী কবিতাৰ জনক’ বুলি কাক কোৱা হয়?
উত্তৰ :
জিওফ্ৰি চচাৰক।


৯৫) “মোৰ মায়েই মোৰ সমস্ত অনুপ্ৰেৰণাৰ উৎস”- ভাৰতত জন্ম গ্ৰহণ কৰা কিৰণ দেশায়ে ২০০৬ চনৰ “বুকাৰ বঁটা” লাভ কৰি উৎফুল্লিত হৈ এইদৰে মন্তব্য কৰিছিল। কোনখন উপন্যাসৰ বাবে তেওঁ ‘বুকাৰ বঁটা’ লাভ কৰিছে?
উত্তৰ :
দাঁ ইনহেৰিটেন্স অৱ লছ’ (The Inheritance of Loss)


৯৬) প্ৰশ্ন : কোনজন লেখকক এছিয়াৰ ‘হোমাৰ’ বোলা হয়?
উত্তৰ :
ফিৰদৌছি।


৯৭) প্ৰশ্ন : “Dr. Jekyll and Mr. Hyde” কোনে লিখিছে?
উত্তৰ :
ৰৰ্বাট লুইছ ষ্টিভেনছনে।


৯৮) প্ৰশ্ন : ‘Glimpses of world History’ কোনে লিখিছে?
উত্তৰ :
জৱাহৰলাল নেহৰু।


৯৯) প্ৰশ্ন : বিখ্যাত ফৰাচী লেখক ভল্টেয়াৰৰ প্ৰকৃতত নাম কি?
উত্তৰ :
ফ্ৰাচোঁৱা মেৰী অৰুৱে।


১০০) প্ৰশ্ন : ইংলেণ্ডৰ কোনগৰাকী প্ৰধানন্মন্ত্ৰীয়ে কি গ্ৰন্থ ৰচনাৰ বাবে কিমান চনত সাহিত্য নোবেল বঁটা পাইছিল?
উত্তৰ :
চাৰ উইনষ্টন লিওনাৰ্ড চাৰ্চিলে ; তেও৬ৰ ছটা খণ্ডত লিখা ‘দ্য চেকেণ্ড ৱৰ্লড ৱাৰ’ নামৰ গ্ৰন্থখনৰ বাবে, ১৯৫৩ চনত।


১০১) প্ৰশ্ন : Croward’s die many a time before death – এই বিখ্যাত উক্তিটোৰ লিখক কোন?
উত্তৰ :
শ্বেক্সপীয়েৰ।


১০২) প্ৰশ্ন : ইটালীৰ মহাকবি ডাণ্টেই ৰচনা কৰা মহাকাব্যখনৰ নাম কি?
উত্তৰ :
দ্য ডিভাইন কমেডি।


১০৩) প্ৰশ্ন : ভগৱৎ গীতা কোনে প্ৰথমে ইংৰাজলৈ অনুবাদ কৰে?
উত্তৰ :
চালৰ্চ উইলকিন্‌চে।


১০৪) প্ৰশ্ন : বিখ্যাত চিত্ৰ শিল্পী পল গঁগাৰ জীৱনৰ আধাৰত ৰচিত ইংৰাজী উপন্যাসখনৰ নাম কি আৰু লেখক কোন?
উত্তৰ :
“দ্য মুন এণ্ড দ্য চিক্স পেন্স”। লেখক – উইলিয়াম চমাৰচেট মম।


১০৫) প্ৰশ্ন : ৰোমান কবি ভাৰ্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম কি?
উত্তৰ :
ঈনীড।


১০৬) প্ৰশ্ন : ইংলেণজ্ঞৰ সৰ্বশ্ৰেষ্ঠ কবি কোন?
উত্তৰ :
উইলিয়াম শ্বেক্সপীয়েৰ।


১০৭) প্ৰশ্ন : ‘দাস কেপিটেল’ কাৰ অমৰ সৃষ্টি কাৰ ?
উত্তৰ :
কালৰ্মাক্সৰ।


১০৮) প্ৰশ্ন : কোন দুখন গ্ৰন্থৰ ৰচনাৰ বাবে হোমাৰ চিৰস্মৰণীয়?
উত্তৰ :
ইলিয়াদ আৰু ওডিচি।


১০৯) প্ৰশ্ন : বিশ্বত সৰ্বপ্ৰথম কোনে অত্মজীৱনী লিখে?
উত্তৰ :
চেণ্ট আগাষ্টিনে।


১১০) প্ৰশ্ন : ওমৰ খায়াম কোন?

উত্তৰ : “ৰুবায়ত” নামৰ পাৰ্চী ভাষাৰ বিখ্যাত কাব্য গ্ৰন্থৰ ৰচয়িতা।


১১১) প্ৰশ্ন : সপোনত ৰচিত বুলি কোন ইংৰাজী কবিতা বিশ্ববিখ্যাত?
উত্তৰ :
কলেৰিজ ৰচিত “কুবলাই খান”।


১১২) প্ৰশ্ন : ‘হেৰি পটাৰ’ৰ চৰিত্ৰ সৃষ্টি কৰি পঢ়ুৱৈৰ মাজত আলোড়ন সৃষ্টি কৰা গ্ৰন্থকাৰৰ নাম কি?
উত্তৰ :
জে, কে, ৰাউলিং।





More Mock Test

Download PDF

Post a Comment

5 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!