Type Here to Get Search Results !

assamese gk 2021 - সাধাৰণ জ্ঞান - general knowledge in Assamese language

 assamese gk 2021 - সাধাৰণ জ্ঞান - general knowledge in Assamese language

assamese gk 2021 - সাধাৰণ জ্ঞান - general knowledge in Assamese language

অসমীয়া সাধাৰণ জ্ঞান 

Table of content(toc)


ভাৰতৰ ভূগোল সাধাৰণ জ্ঞান - Assamese gk


১। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সর্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে?

উ: কৰ্ণাটক।

২। ভাৰতবৰ্ষৰ কোনখন চহৰক পিং চিটি বুলি জনা যায়?

উ: জয়পুৰ।

৩। ভাৰত-পাক সীমান্তত অৱস্থিত বিশ্বৰ দীর্ঘতম তুষাৰ নদীখনৰ নাম কি ?

উ: চিয়াচেন হিমবাহ।

৪। ভাৰত উপমহাদেশে মাটিকালিৰ হিচাপত কিমান ঠাই আগুৰি আছে?

উ: ৩২,৮৭,২৬৩ বৰ্গ কিঃমিঃ (প্ৰায়)।

৫। ভাৰতবৰ্ষৰ সমুদ্রতট ৰেখাৰ মুঠ দৈর্ঘ্য কিমান?

উ: ৭,৫১৬.৫ বৰ্গ কিঃমিঃ (প্ৰায়)

৬। ভাৰতৰ চেন্নাইত অৱস্থিত দীর্ঘতম সমুদ্র তীৰ (বীচ্ছ)টোৰ নাম কি?

উ: মেৰীনা বীচ্চ।

৭। ভাৰতবৰ্ষৰ বৃহত্তম লুণীয়া পানীৰ হ্রদটোৰ নাম কি?

উ: চিল্কা হ্ৰদ।

৮। ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যােৱা অক্ষৰেখাডালৰ নাম কি ?

উ: কৰ্কটক্ৰান্তি ৰেখা।

৯। ভাৰতৰ ভূ-ভাগত থকা আগ্নেয়গিৰি বিশিষ্ট দ্বীপ দুটাৰ নাম কি?

উ: নাৰকোণ্ডম আৰু বেৰেন।

১০। আন্দামান দ্বীপপুঞ্জৰ নিকটতম বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ?

উ: ম্যানমাৰ।

১১। কাঞ্চীপুৰম ঠাইডােখৰ কোনখন ৰাজ্যত অৱস্থিত?

উ: তামিলনাডু।

১২। ভাৰতবৰ্ষৰ পশ্চিম উপকূলত অৱস্থিত মাহে অঞ্চল কোন কেন্দ্রীয় শাসিত অঞ্চলৰ এটা অংশ ?

উ: পুডুচেৰী।

১৩। ভৌগােলিক ইতিহাসমতে ভাৰতবৰ্ষৰ প্রাচীনতম পর্বতমালাৰ নাম কি?

উ: আৰাৱলী।

১৪। শিৱমুদ্রম জলপ্রপাত ক'ত অৱস্থিত?

উ: কাবেৰী নদীত।

১৫। ভাৰতৰ দ্বিতীয় বৃহত্তম নদী অৱবাহিকা কোনখন নদীত আছে?

উ: গোদাবৰী।

১৬। ভাৰতৰ কোনখন ৰাজ্যত পুষ্কৰ হ্রদ অৱস্থিত?

উ: ৰাজস্থান।

১৭। কোনখন নদীয়ে এলাহাবাদ গংগা নদীৰ লগত মিলিত হৈছে?
উ: যমুনা।


১৮। মৌচুমী বতাহৰ দ্বাৰা অধিকভাৱে প্ৰভাৱিত ৰাজ্যখনৰ নাম কি?

উ: তামিলনাডু।

১৯। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সর্বাধিক প্রাকৃতিক ৰবৰ উৎপাদন কৰে?

উ: কেৰালা।

২০। ৰবি কৃষিকালত ভাৰতবৰ্ষত কোনটো খাদ্যশস্য গােটৰ উৎপাদন কৰা হয়?

উ: ঘেঁহু, বার্লি, বুট।

২১। ভাৰতবৰ্ষৰ সর্বাধিক কুঁহিয়াৰ উৎপাদন কৰা ৰাজ্য কোনখন?

উ: উত্তৰ প্ৰদেশ।

২২। ভাৰতবৰ্ষৰ প্ৰধানকৈ কোন কোন ৰাজ্যত কপাহ উৎপাদন কৰা হয় ?

উ: মহাৰাষ্ট্ৰ আৰু গুজৰাটত।

২৩। ভাৰতবৰ্ষৰ কোনখন ঠাইক 'আলফেনচো’আমৰ গৃহ বুলি কোৱা হয়?

উ: ৰত্নগিৰি (মহাৰাষ্ট্ৰ)

২৪। কোনখন দেশে ভাৰতবৰ্ষৰ সৈতে দীর্ঘতম সীমাৰেখাৰে সংলগ্ন হৈ আছে?

উ: চীন।

২৫। ভাৰতৰ দীর্ঘতম পথটোৰ নাম কি ?

উ: গ্ৰেণ্ড ট্ৰাংক পথ।

২৬। ভাৰতৰ কোনখন ৰাজ্যই সর্বাধিক বনাঞ্চল আগুৰি আছে?

উ: মধ্যপ্ৰদেশ।

২৭। ভাৰতৰ উচ্চতম জলপ্রপাতটোৰ নাম কি ?

উ: জগ জলপ্ৰপাত।

২৮। ভাৰতৰ সৰ্বোচ্চ বিমানঘাটিটো কি?

উ: চাশ্বাল (লাডাখ)

২৯। বিশ্বৰ ভিতৰতে সর্বাধিক বৃষ্টিপাত হােৱা ভাৰতৰ ঠাইখন কি ?

উ: মৌচিনৰাম।

৩০। ভাৰতৰ কোনখন হ্ৰদৰ পানী আটাইতকৈ বেছি লুণীয়া ?

উ: সম্ভাৰ।

৩১। ভাৰতীয় মান সময় আৰু গ্ৰীণউইচ মান সময়ৰ মান পার্থক্য কিমান সময়ৰ? 

উ: ৫ ঘন্টা ৩০ মিনিট।

৩২। ভাৰত আৰু লংকাক বিভাজিত কৰা প্ৰণালীটোৰ নাম কি?

উ: পক প্ৰণালী।

৩৩। ভাক্রা নাংগল বান্ধটো কোনটো নদীত অৱস্থিত?

উ: ছুটলেজ।

৩৪। ভাৰতৰ কোনখন নদী বংগৰ দুখ বুলি জনা যায় ?

উ: দামোদৰ নদী।

৩৫। ভাৰতৰ কোনখন ঠাইক ভাৰতবৰ্ষৰ হৃৎপিণ্ড বুলি কোৱা হয়?

উ: যোধপুৰ।

৩৬। ভাৰতৰ সৈতে কিমানখন দেশৰ সমূহীয়া আন্তর্জাতিক সীমাৰেখা আছে?

উ: সাত।

৩৭। প্ৰাক-ঐতিহাসিক যুগত পুৰণি ভাৰত কোনখন ছুপাৰ মহাদেশ (Super Continent)-ৰ অংশ আছিল? 

উ: গ'নৱানালেণ্ড ।

৩৮। ভাৰতবৰ্ষৰ বৃহত্তম বদ্বীপটোৰ নাম কি?

উ: সুন্দৰবন।

৩৯। বংগোপসাগৰ, ভাৰত মহাসাগৰ আৰু আৰৱ সাগৰৰ পানীভাগ কোন ঠাইত লগ লাগিছে?

উ: কন্যাকুমাৰী।

৪০। ভাৰতবৰ্ষৰ দীৰ্ঘতম বান্ধটোৰ নাম কি ?

উ: হীৰাকুড বান্ধ (উৰিষ্যা)

৪১। ভাৰতবৰ্ষৰ সর্বোচ্চ বান্ধটোৰ নাম কি?

উ: ভাক্ৰা নাংগল বান্ধ।

৪২। ভাৰতৰ কোনখন ৰাজ্যত সর্বাধিক সংখ্যক চহৰ আছে?

উ: উত্তৰ প্ৰদেশত।

৪৩। ভাৰতৰ ক্ষুদ্রতম কেন্দ্রীয় শাসিত অঞ্চলটোৰ নাম কি?

উ: লাক্ষাদ্বীপ ৩২ কিঃমিঃ।

৪৪। মাটিকালিৰ ভিত্তিত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি ?

উ: ৰাজস্থান।(৩,৪২,২৩৯ বৰ্গ কিঃমিঃ)

৪৫। বাংলাদেশ আৰু ম্যানমাৰ উভয়ৰে ভূমি সীমাৰ লগত ভাৰতৰ কোনখন একমাত্র ৰাজ্য সংলগ্ন হৈ আছে?

উ: মিজোৰাম।

৪৬। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৃহত্তম সমুদ্রক্ষেত্ৰ অৱস্থিত ?

উ: গুজৰাট।

৪৭। জৱাহৰলাল নেহৰুৱে ভাৰতৰ কোনখন চহৰক ভাৰতৰ অক্সফ'ৰ্ড আৰু কেম্ব্রিজবুলি আখ্যা দিছে?

উ: পুনে।

৪৮। ভাৰতৰ ক'ত একমাত্র সক্রিয় আগ্নেয়গিৰিটো অৱস্থিত?

উ: বেৰেণ দ্বীপত (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ)

৪৯। ভাৰতৰ বৃহত্তম মানৱসৃষ্ট হ্ৰদ কোনটো ?

উ: গোবিন্দ সাগৰ হ্ৰদ (ভাক্ৰা নাংগল)


৫০। ভাৰতবৰ্ষৰ দীর্ঘতম নলা (কেনেল) টোৰ নাম কি ?

উ: ৰাজস্থান কেনেল বা ইন্দিৰা গান্ধী কেনেল।


৫১। ভাৰতবৰ্ষৰ উচ্চতম প্রৱেশদ্বাৰ কোনটো ?

উ: বুলন্দ দৰৱাজা (আগ্ৰা) 

৫২। ভাৰতবৰ্ষৰ সর্ববৃহৎ চিৰিয়াখানা কোনখন?

উ: জু'লজিকেল গাৰ্ডেন (কলকাতা)

৫৩। উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ’গুৱাহাটী কোনখন নদীৰ পাৰত অৱস্থিত?

উ: ব্ৰহ্মপুত্ৰ।

৫৪। ভাৰতৰ কোনখন ৰাজ্য খনিজ পদার্থত আটাইতকৈ চহকী ?

উ: ঝাৰখণ্ড।

৫৫। ভাৰতৰ উচ্চতম দূৰদৰ্শন স্তম্ভ কোনটো ?

উ: নতুন দিল্লীস্থ প্ৰিতমপুৰ দূৰদৰ্শন স্তম্ভ (২৩৫ মিটাৰ ওখ)

৫৬। ভাৰতৰ ক্ষুদ্রতম ৰাজ্য ৰাজ্য গোৱাৰ মাটিকালি কিমান ?

উ:৩৭০২ বৰ্গ কিঃমিঃ

৫৭। বিশ্বৰ উচ্চতম ৰণক্ষেত্ৰখন ভাৰতৰ ক'ত অৱস্থিত ?

উ: চিয়াছেন গ্লেচিয়েৰ।

৫৮। বিশ্বৰ উচ্চতম বান্ধটো হিমাচল প্রদেশত অৱস্থিত। ইয়াৰ নামটো কি ?

উ: ভাক্ৰা নাংগল বান্ধ (৭৪১ ফুট)

৫৯। ভাৰতৰ বৃহত্তম উদ্যোগ কোনটো ?

উ: বয়ন উদ্যোগ।

৬০। এখনতকৈ অধিক ৰাজধানী থকা ভাৰতৰ ৰাজ্য কোনখন?

উ: জম্মু আৰু কাশ্মীৰ।

৬১। ভাৰতৰ সর্ববৃহৎ মৰুভূমি কোন ঠাইত অৱস্থিত?

উ: ৰাজস্থান।

৬২। ভাৰতৰ দীর্ঘতম ৰে'লৱে প্লেটফর্মটোৰ নাম কি?

উ: খড়গপুৰ।

৬৩। কিমানটা দ্বীপ লগ লাগি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ গঠিত?

উ: ৫০০ টা।

৬৪। চণ্ডীগড় চহৰখনৰ আৰ্হি কোনে তৈয়াৰ কৰিছিল ?

উ: লে কোৰবাছিয়াৰ।


৬৫। জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ ক্ষুদ্রতম ৰাজ্যখনৰ নাম কি ?

উ: ছিকিম।

আমাৰ দেশৰ কিছু তথ্যৰ সাধাৰণ জ্ঞান - gk in Assamese language



১। ভাৰতবৰ্ষৰ সর্বপ্রথম পাৰমাণবিক শক্তি কেন্দ্ৰটো কোনখন ঠাইত অৱস্থিত?

উ: তাৰাপুৰ (মহাৰাষ্ট্ৰ)

২। ভাৰতবৰ্ষৰ সর্ববৃহৎ সংগ্রহালয় কোনটো ?

উ: ইণ্ডিয়ান মিউজিয়াম (কলকাতা)

৩। ভাৰতৰ বিলাসী ৰে'ল The Palace on Wheels-এ ক’ৰ পৰা যাত্ৰা আৰম্ভ কৰে ?

উ: দিল্লীৰ কেন্টনমেন্টনৰ পৰা ।

৪। কর্ণাটকৰ শ্ৰাৱণবেলাগােলাত অৱস্থিত ভাৰতবৰ্ষৰ সর্বোচ্চ মূর্তিটোৰ নাম কি ?

উ: শ্ৰীগোমতেশ্বৰ মূৰ্তি বা ভগৱান বাহুবলী।


৫। ভাৰতবৰ্ষৰ দীর্ঘতম সুৰংগ কোনটো ?

উ: জৱাহৰ সুৰংগ।

৬। মাউন্ট এভাৰেষ্ট আৰােহণ কৰা প্রথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি ?

উ: বাচেন্দ্ৰী পাল ( ১৯৮৪)

৭। কিমানটা গুহা লগলাগি অজন্তা গুহা গঠিত হৈছে?

উ: ২৯ টা।

৮। ভাৰতীয় বৈদেশিক বাণিজ্য প্রতিষ্ঠান ক'ত অৱস্থিত ?

উ: নতুন দিল্লী।

৯। ভাৰতবৰ্ষত এক টকীয়া কাগজী মুদ্রা ছপাকৰণৰ একচেটিয়া স্বত্ব কাক প্রদান কৰা হৈছে?

উ: ভাৰত চৰকাৰ।

১০। সর্বাধিক কয়লা উৎপাদন কৰা ৰাজ্যখনৰ নাম কি ?

উ: ছত্তীছগঢ়

১১। ভাৰতবৰ্ষত বীমা ব্যৱসায় নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে গঠন কৰা সংস্থাটো কি? 

উ: ইঞ্চিউৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথ'ৰিটি।

১২। ভাৰতৰ সবাতােকৈ বৃহৎ জেট লাইনাৰ (Jet Liner) কোনখন?

উ: ভাৰতৰ নতুন বোয়েয়িং - ৭৪৭-৪০০ (Boeing 747-400) ৪০০ জন যাত্ৰী লৈ একেৰাহে ৮,৩০০ মাইল‌ উৰিবলৈ সক্ষম।

১৩। ভাৰতৰ দীর্ঘতম পথ দলং কোনখন ?

উ: মহাত্মা গান্ধী সেতু।

১৪। সর্বোচ্চ স্থানত অৱস্থিত অল ইণ্ডিয়া ৰেডিঅ'ৰ সম্প্ৰসাৰণ কেন্দ্ৰটোৰ নাম কি?

উ: লেহ।

১৫। ভাৰতৰ এখন ৰাজ্যক ঈশ্বৰৰ ৰম্যভূমি’(The Abode of God) নামে জনা যায়। ৰাজ্যখন কি ?

উ: হাৰিয়ানা।

১৬। মাটিকালিৰ ফালৰ পৰা ভাৰতৰ ক্ষুদ্রতম ৰাজ্যখনৰ নাম কি ?


উ: গোৱা।

ভাৰতৰ ৰাজনীতি সাধাৰণ জ্ঞান - general knowledge in Assamese language

১। ৰাজ্যসভাৰ অধ্যক্ষ কোন?

উ: উপ-ৰাষ্ট্ৰপতি।

২। ভাৰতৰ পৰিকল্পনা আয়ােগৰ সভাপতি কোন?

উ: ভাৰতৰ প্ৰধান মন্ত্ৰী।

৩। কেবিনেট মন্ত্রী পৰিষদ সমূহীয়াকৈ কাৰ ওচৰত দায়ী?

উ: লোকসভা।

৪। ভাৰতবৰ্ষৰ মহান্যায়বাদীক কোনে নিযুক্তি দিয়ে?

উ: ৰাষ্ট্ৰপতি।

৫। ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?

উ: ৰাজ্যপাল।

৬। কেন্দ্রীয় মন্ত্রী পৰিষদৰ মুৰব্বী কোন?

উ: প্ৰধান মন্ত্ৰী।

৭। চহৰ এখনৰ কোনটো প্রশাসনীয় গােটক স্থানীয়ভাৱে নির্বাচন কৰা হয়?

উ: নগৰপালিকা নিগম বা পৌৰ নিগম।

৮। ভাৰতত ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন?

উ: ৰাজ্যপাল।

৯। ভাৰতবৰ্ষৰ সংসদৰ সভা দুখনৰ নাম কি ?

উ: লোকসভা আৰু ৰাজ্যসভা।

১০। লােকসভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হােৱা প্রয়ােজন?

উ: ২৫ বছৰ।

১১। ভাৰতৰ ৰাষ্ট্রপতিয়ে লােকসভালৈ কিমানজন সদস্য মনােনীত কৰিব পাৰে?

উ: দুজন সদস্য।

১২। লােকসভাৰ অধ্যক্ষ কোনে নির্বাচিত কৰে ?

উ: লোকসভাৰ সদস্যসকলে।

১৩। কেন্দ্রীয় কেবিনেট মন্ত্রীসকলক কোনে নিযুক্তি দিয়ে?

উ: ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।

১৪। ভাৰতবৰ্ষৰ কেন্দ্রীয় লােকসেৱা আয়ােগ (UPSC) ৰ অধ্যক্ষ আৰু সদস্যসকলৰ কার্যকাল কিমান?

উ: ৬ বছৰ।

১৫। ৰাজ্যসভাৰ সর্বোচ্চ সদস্য সংখ্যা কিমান?

উ: ২৫০ জন।

১৬। লােকসভাৰ সর্বোচ্চ সদস্য সংখ্যা কিমান ?

উ: ৫৫২ জন (সৰ্বাধিক)

১৭। ভাৰতৰ সাধাৰণ নির্বাচন পােনপ্ৰথমে কোন চনত অনুষ্ঠিত হৈছিল ?

উ: ১৯৫২ চনত।

১৮। ভাৰতত ৰাষ্ট্ৰপতি নতুবা উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ভাৰতত কোনে ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰে?

উ: উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশে।

১৯। ৰাজ্যৰ ৰাজ্যপালৰ মৃত্যু হলে বা তেওঁ পদত্যাগ কৰিলে, নতুন ৰাজ্যপাল এজনক নিযুক্তি প্রদান নকৰালৈকে ৰাজ্যপালৰ দায়িত্ব ভাৰ কোনে পালন কৰে ?

উ: উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।

২০। ড° বি আৰ আম্বেদকাৰে ভাৰতীয় সংবিধানৰ কোনটো অধিকাৰক সংবিধানৰ অন্তৰ আত্মা’ আখ্যা দিছিল ?

উ: সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।

২১। লােকসভাৰ প্রথম অধ্যক্ষ কোন আছিল ?

উ: জি ভি মাভালাংকাৰ ।

২২। ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে?

উ: ২১ খন।

২৩। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল কোন আছিল ?

উ: সৰোজিনী নাইডু।

২৪। পােন প্ৰথমবাৰৰ বাবে ভাৰতীয় সংবিধান কেতিয়া সংশােধন কৰা হৈছিল ?

উ: ১৯৫১ চনত।

২৫। ভাৰতীয় জাতীয় পতাকাখনৰ দীঘ আৰু প্রস্থৰ অনুপাত কিমান?

উ: ২:৩

২৬। ২৪ নং অনুচ্ছেদে শিশু শ্ৰমৰ বাধা দিয়া ক্ষেত্র টো কি? 

উ: বিপদসংকুল উদ্যোগত।

২৭। ভাৰতবৰ্ষৰ্ক কিয় গণতান্ত্রিক ৰাষ্ট্ৰ বুলি কোৱা হয় ?

উ: ৰাষ্ট্ৰৰ মূৰব্বী জনক জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কৰা হয় বাবে।

২৮। ভাৰতৰ উচ্চতম ন্যায়ালয় ক’ত অৱস্থিত ?

উ: নতুন দিল্লী।

২৯। ভাৰতৰ সংবিধানখন কেতিয়াৰপৰা বলৱৎ কৰা হয় ?

উ: ২৬ জানুৱাৰী , ১৯৫০

৩০। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কার্যকাল কিমান ?

উ: ৫ বছৰ।

৩১। ভাৰতৰ জাতীয় পতাকাত থকা অশােক চক্ৰত কিমানডাল দণ্ড আছে?

উ: ২৪ ডাল ।

৩২। স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উ: চি ৰাজাগোপালাচাৰী।

৩৩। ভাৰতৰ সংবিধানত বর্তমান কিমানটা অনুসূচী আছে?

উ: ১২ টা।

৩৪। ভাৰতত হিন্দীৰ পিছতে সর্বাধিক কথিত ভাষাটো কি?

উ: তেলেগু।

৩৫। ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ অন্তত কোনখন নতুন ৰাষ্ট গঠিত হৈছিল? 

উ: বাংলাদেশ।

৩৬। ভাৰতবৰ্ষত এজন নাগৰিকে কিমান বছৰ বয়সত ভােটাধিকাৰ লাভ কৰে?

উ: ১৮ বছৰ।

৩৭। ভাৰতীয় সংবিধানৰ পিতৃ স্বৰূপ কাক আখ্যা দিয়া হয় ?

উ: ড° বি আৰ আম্বেদকাৰ।

৩৮। ভাৰতৰ ৰাষ্ট্রপতি পদৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ প্রার্থী ন্যূনতম বয়স কিমান হ'ব লাগে ?

উ: ৩৫ বছৰ।

৩৯। এতিয়ালৈ মুঠ কেইটা আঞ্চলিক ভাষাক ভাৰতীয় সংবিধানে স্বীকৃতি প্রদান কৰিছে?

উ: ২২ টা ভাষা।

৪০। কোনখন বিধেয়ক কেৱল লােকসভাতহে উত্থাপন কৰিব পাৰি?

উ: বিত্তীয় বিধেয়ক।

৪১। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে হিন্দীক ভাৰতৰ চৰকাৰী ভাষা হিচাপে ঘােষণা কৰিছে?

উ: ৩৪৩ নং অনুচ্ছেদ।

৪২। ভাৰতৰ সংবিধানে নাগৰিকসকলৰ বাবে কিমানটা মৌলিক অধিকাৰ প্ৰদান কৰিছে?

উ: ৬ টা।

৪৩। কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্রপতিয়ে কোনাে এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্রবর্তন কৰিব পাৰে ?

উ: ৩৫৬ নং অনুচ্ছেদ।

৪৪। উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান ?

উ: ৬৫ বছৰ।

৪৫। কোনখন উচ্চ ন্যায়ালয়ে সর্বাধিক ৰাজ্যত ক্ষেত্ৰাধিকাৰ সাব্যস্ত কৰে?

উ: গুৱাহাটী উচ্চ ন্যায়ালয় ( অসম)

৪৬। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ বিধানসভাৰ কার্যকাল ৬ বছৰ ?

উ: জম্মু আৰু কাশ্মীৰ।

৪৭। নির্বাচকমণ্ডলীৰ সংখ্যাৰ ভিত্তিত ভাৰতৰ ক্ষুদ্রতম লােকসভা নির্বাচনী সমষ্টি কোনটো ?

উ: লাক্ষাদ্বীপ।

৪৮। ভাৰতৰ কোনখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ১৯৮২ চনত পােন প্ৰথমবাৰৰ বাবে ইলেক্ট্রনিক ভােট গ্রহণ যন্ত্র (EVM) ব্যৱহাৰ কৰা হৈছিল ?

উ: কেৰালা ৰাজ্যিক বিধান সভাৰ নিৰ্বাচন।

৪৯। ৰাষ্ট্রপতিয়ে লােকসভাত সংখ্যাগৰিষ্ঠতা অর্জন কৰা দলৰ নেতাজনক কি পদত নিযুক্তি দিয়ে?

উ: প্ৰধান মন্ত্ৰী।

৫০। ভাৰতৰ কোনখন ৰাজ্যই লােকসভালৈ সৰ্বাধিক সদস্য নির্বাচিত কৰি পঠিয়ায়?

উ: উত্তৰ প্ৰদেশ।

৫১। ভাৰতীয় সংবিধানখন সংশােধনৰ দায়িত্ব কাৰ হাতত ন্যস্ত কৰা হৈছে?

উ: ভাৰতীয় সংসদক হাতত ন্যস্ত কৰা হৈছে।

৫২। ভাৰতৰ কোনখন ৰাজ্যই ১৯৫৯ চনত পােন প্রথমে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা প্রবর্তন কৰিছিল ?

উ: ৰাজস্থান।

৫৩। ভাৰতৰ কেৱল এখন কেন্দ্রীয় শাসিত অঞ্চলৰ নিজা উচ্চ ন্যায়ালয় আছে। এই কেন্দ্রীয় শাসন অঞ্চলৰ নাম কি ?

উ: দিল্লী।

অসমীয়া সাধাৰণ জ্ঞান ২০২১- Assamese gk 2021


১। লক্ষ্ণৌ কোনখন নদীৰ পাৰত অৱস্থিত?

উ: গোমতী।


২। জম্মু আৰু কাশ্মীৰৰ ৰাজধানী শ্রীনগৰ কোনখন নদীৰ পাৰত অৱস্থিত?

উ: ঝিলাম।

৩। সৰযু নদীৰ পাৰত কোনখন পবিত্র নগৰ অৱস্থিত ?

উ: অযোধ্যা।

৪। অসী আৰু বৰুণ নদী দুখনৰ নামৰ পৰা কোনখন ভাৰতীয় চহৰৰ নামটো উৎপত্তি হৈছে?

উ: বাৰানসী (বৰুন আৰু অসী)

৫। দিলৱাৰা জৈন মন্দিৰ আৰু পুলিচ স্কুলৰ বাবে বিখ্যাত ৰাজস্থানৰ একমাত্র পার্বত্য ঠাইডােখৰৰ নাম কি?

উ: মাউণ্ট আবু।


৬। যমুনা নদীৰ সোঁপাৰত অৱস্থিত এনে এখন চহৰৰ নাম উল্লেখ কৰা যিখন ঠাই তাজমহলৰ বাবেও বিখ্যাত?

উ: আগ্ৰা।

৭। চালাৰ জং মিউজিয়াম চাব বিচাৰিলে ভাৰতৰ কোনখন চহৰলৈ যাব লাগিব ?

উ: হায়দৰাবাদ।

৮। শ্বাজা-মইন-উদ-দিন ছিষ্টিৰ কবৰ ক'ত অৱস্থিত?

উ: আজমীৰ।

৯। কাশ্মীৰত প্রায় ১৩,৫০০ ফুট উচ্চতাত অৱস্থিত হিন্দুসকলৰ বিখ্যাত তীর্থস্থানখনৰ নাম কি ?

উ: অমৰনাথ।

১০। উত্তৰাঞ্চলৰ হিমালয়ৰ গংগােত্রী হিমবাহৰ ওচৰত অৱস্থিত বিখ্যাত হিন্দু তীর্থস্থান কোনখন ?

উ: বদ্ৰীনাথ।

১১। এছিয়াৰ প্ৰথমটো ৰংগমণ্ডল এম্ফিথিয়েটাৰ (Amphitheatre) ভাৰতবৰ্ষৰ অসমত অৱস্থিত। ইয়াৰ নামটো কি ?

উ: ৰংঘৰ।

১২। আগ্রাৰ ওচৰৰ ফতেহপুৰ চিক্রী কিহৰ বাবে বিখ্যাত?

উ: বুলন্দ দৰৱাজা।

১৩। চাহৰ বাবে বিশ্ববিখ্যাত পশ্চিমবঙ্গস্থিত ঠাইখনৰ নাম কি?

উ: দাৰ্জিলিং।

১৪। ভাৰতৰ কোনখন ঠাইত পােনপ্রথমে তেল উদঘাটন কৰা হৈছিল ?

উ: ডিগবৈ, অসম।

১৫। বন্ধৰ দিনত নাক্কি হ্রদ অথবা চানচেট পইন্ট চাবৰ ইচ্ছা থাকিলে কোন ঠাইলৈ যাব লাগিব ?

উ: মাউণ্ট আবু।

১৬। বাণিজ্যিক আৰু ঔদ্যোগীক ক্ষেত্ৰত যথেষ্ট আগবঢ়া ভাৰতৰ সর্বপ্রথম মেট্র চহৰখনৰ নাম কি?

উ: মুম্বাই।

১৭। মহাৰাষ্ট্ৰৰ কোনখন ঠাই সুমথিৰাৰ বাবে বিখ্যাত?

উ: নাগপুৰ।

১৮। হুন্দ্ৰু জলপ্রপাত ভাৰতৰ কোনখন চহৰৰ ওচৰত আছে?

উ: ৰাঁচী।

১৯। চাৰমিনাৰ ক’ত অৱস্থিত ?

উ: হায়দৰাবাদ।

২০। ইন্দিৰা গান্ধীৰ সমাধি কত অৱস্থিত ?

উ: শক্তিস্থল, দিল্লী।

২১। ভাৰতবৰ্ষৰ কোনখন চহৰ হ্ৰদৰ চহৰ’ নামে জনাজাত ?

উ: উদয়পুৰ।

২২। কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী’ বুলি কোৱা হয়?

উ: মুম্বাই।

২৩। যদি ৰােম সপ্তপাহাৰৰ চহৰ হয়, তেন্তে ভাৰতৰ সপ্তদ্বীপৰ চহৰ কোনখন?

উ: মুম্বাই।

২৪। ৰে'ল পৰীক্ষা আৰু গৱেষণা কেন্দ্র ক'ত অৱস্থিত ?

উ: লক্ষ্ণৌ।

২৫। মধ্যপ্রদেশৰ কোনখন চহৰ কুম্ভমেলাৰ এখন অন্যতম স্থলী ?

উ: উজ্জেয়ন।

২৬। ভাৰতীয় পেট্রলিয়াম প্রতিষ্ঠান ক'ত অৱস্থিত ?

উ: ডেৰাডুন।

২৭। প্রথমটো সোঁৱৰণিমূলক ডাক টিকটত কোনখন ভাৰতীয় চহৰৰ উদ্বোধনৰ তথ্য সন্নিবিষ্ট আছে?

উ: নতুন দিল্লী।

২৮। ভাৰতৰ কোনখন চহৰত বিখ্যাত ‘হাৱা মহল’অৱস্থিত ?

উ: জয়পুৰ।

 ভাৰতৰ কীৰ্তিস্তম্ভ সমুহ আৰু ইয়াৰ অৱস্থিতি আৰু নিৰ্মাতা সকল: 

অসমীয়া কুইজ


১। মহাৰাষ্ট্ৰৰ কোনখন ঠাই প্রাচীন গুহা আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত?

উ: অজন্তা গুহা।


২। কোনখন ঠাই সূর্য দেৱতাৰ মন্দিৰৰ বাবে বিখ্যাত?

উ: উড়িশাৰ পুৰী জিলা, ইয়াক ক'লা পেগোডা বুলি কোৱা হয়।


৩। অনন্য খােদিতকৰণ আৰু স্থাপত্য ৰূপাংকনৰ বাবে মাউন্ট আবুস্থিত জৈন মন্দিৰটো বিখ্যাত। এই মন্দিৰটোৰ নাম কি?

উ: ৰাজস্থানৰ দিলৱাৰা মন্দিৰ।

৪। ঔৰংগাবাদৰ ওচৰত অৱস্থিত বিশ্ববিখ্যাত গুহাবােৰৰ নাম কি?

উ: ইলোৰা গুহা।

৫। মুম্বাইৰ পৰা ১৫ মাইল নিলগত অৱস্থিত ১৮ শতিকাৰ বিখ্যাত বৌদ্ধ গুহা মন্দিৰটোৰ নাম কি ?

উ: এলিফেন্টা গুহা।

৬। মুম্বাই পােতাশ্ৰয়ত অৱস্থিত ওখ মুকলি প্ৰৱেশদ্বাৰটোৰ নাম কি?

উ: ভাৰতৰ প্ৰৱেশদ্বাৰ মুম্বাই।

৭। চুলতান মামুদৰ কবৰ বুলি জ্ঞাত বিশ্বৰ বৃহত্তম গম্বুজটোৰ নাম কি ?

উ: কৰ্ণাটকৰ বিজাপুৰত থকা গোল গম্বুজ।

৮ | মধ্যপ্রদেশত অৱস্থিত বিখ্যাত মন্দিৰটোৰ নাম কি ?

উ: খাজুৰাহো।

৯। যমুনা নদীৰ পাৰত অৱস্থিত মহাত্মা গান্ধীৰ সমাধিস্থল কি নামেৰে জনাজাত ?

উ: ৰাজঘাট (দিল্লী)

১০। মধ্যপ্রদেশৰ কোনখন ঠাই বৌদ্ধসকলৰ গৃহস্বৰূপ আৰু বৌদ্ধস্তুপৰ বাবেও বিখ্যাত?

উ: সাঁচী।

১১। ছাহজাহানে তেওঁৰ মৰমৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰা স্মৃতিসৌধটোৰ নাম কি ?

উ: আগ্ৰাৰ তাজমহল।

১২। কলকাতাত অৱস্থিত বিখ্যাত কলা বীথিকাটোৰ নাম কি?

উ: ভিক্টোৰিয়া মেম'ৰিয়েল।

১৩। গােৱালিয়ৰত অৱস্থিত বিখ্যাত দুর্গটোৰ নাম কি ?

উ: গোৱালিয়ৰ দুৰ্গ।

১৪। কোনটো বিখ্যাত কীর্তিস্তম্ভৰ মুখ্য প্রৱেশ পথটোৰ নাম লাহােৰ গেট’?

উ: লালকিল্লা।

১৫. অজন্তা গুহা কত অৱস্থিত?

উ: জলগাঁও।

১৬. অজন্তা গুহা কোনে নিৰ্মাণ কৰিছিল? 

উ: গুপ্ত শাসক।

১৭. আগ্ৰা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল?

উ: আকবৰ।

১৮. চাৰ মিনাৰ কোনে নিৰ্মাণ কৰিছিল?

উ: কুলি কুতুব শ্বাহ।

১৯. এলিফেন্টা গুহা কোনে নিৰ্মাণ কৰিছিল?

উ: ৰাষ্ট্ৰকূট শাসকসকল।

২০. ইলোৰা গুহা ক'ত অৱস্থিত? 

উ: ঔৰংগাবাদ।

২১. ইলোৰা গুহা কোনে নিৰ্মাণ কৰিছিল?

উ: বৌদ্ধ সকল।

২২. হুমায়ুনৰ সমাধি ক'ত অৱস্থিত? 

উ: দিল্লী।

২৩. হুমায়ুনৰ সমাধি কোনে নিৰ্মাণ কৰিছিল? 

উ: হুমায়ুনৰ পত্নী।

২৪. জামা মছজিদ কত অৱস্থিত?

উ: দিল্লী।

২৫. জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? 

উ: ছাহজাহান।

২৬. লালবাগ কত অৱস্থিত?

উ: বাংগালুৰু।

২৭. লালবাগ কোনে নিৰ্মাণ কৰিছিল? 

উ: হাইদৰ আলি।

২৮. ৰাষ্ট্ৰপতি ভৱন কত অৱস্থিত? 

উ: দিল্লী।

২৯. ৰাষ্ট্ৰপতি ভৱন কোনে নিৰ্মাণ কৰিছিল? 

উ: ব্ৰিটিছ চৰকাৰ।

৩০. কুতুব মিনাৰ কত অৱস্থিত? 

উ: দিল্লী।

৩১. কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? 

উ: কুতুবুদ্দিন আইবাক।

৩২. কামাখ্যা মন্দিৰ কত অৱস্থিত? 

উ: গুৱাহাটী, (অসম)

৩৩. কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? 
উ: নৰনাৰায়ণ।

৩৪. লালকিল্লা কত অৱস্থিত? 

উ: দিল্লী।

৩৫. লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? 

উ: ছাহজাহান।


৩৬. সবৰমতী আশ্ৰম কত অৱস্থিত? 

উ: আহমেদাবাদ।

৩৭. সবৰমতী আশ্ৰম কোনে নিৰ্মাণ কৰিছিল?

উ: মহাত্মা গান্ধী।

৩৮. শান্তি নিকেতন কত অৱস্থিত? 

উ: পশ্চিম বংগ।

৩৯. শান্তি নিকেতন কোনে নিৰ্মাণ কৰিছিল?

উ: ৰবীন্দ্ৰনাথ ঠাকুৰ।

৪০. স্বৰ্ণ মন্দিৰ কত অৱস্থিত?

উ: অমৃতসৰ।

৪১. স্বৰ্ণ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

উ: গুৰু ৰামদাস।

৪২. ছেন্ট জৰ্জ দুৰ্গ কত অৱস্থিত?

উ: চেন্নাই।

৪৩.ছেন্ট জৰ্জ দুৰ্গ কোনে নিৰ্মাণ কৰিছিল?

উ: ইষ্ট ইণ্ডিয়া কোম্পানী।

৪৪. তাজমহল কত অৱস্থিত?

উ: আগ্ৰা।

৪৫. তাজমহল কোনে নিৰ্মাণ কৰিছিল?

উ: ছাহজাহান।

৪৬.বিষ্ণুপদ মন্দিৰ কত অৱস্থিত?

উ: গয়া।

৪৭. বিষ্ণুপদ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

উ: ৰাণী অহল্যাবাঈ।

৪৮. বিজয় স্তম্ভ কত অৱস্থিত?

উ: চিতোৰগড়।

৪৯. বিজয় স্তম্ভ কোনে নিৰ্মাণ কৰিছিল?

উ: মহাৰাণা কুম্ভ।

৫০. ভিক্ট'ৰিয়া মেম'ৰিয়েল কত অৱস্থিত?

উ: কলকাতা।

৫১. ভিক্ট'ৰিয়া মেম'ৰিয়েল কোনে নিৰ্মাণ কৰিছিল?

উ: ব্ৰিটিছ চৰকাৰ।

৫২. গেটৱে অৱ ইণ্ডিয়া কত অৱস্থিত?

উ: মুম্বাই।


৫৩. গেটৱে অৱ ইণ্ডিয়া কোনে নিৰ্মাণ কৰিছিল?

উ: ব্ৰিটিছ চৰকাৰ।


৫৪. আগ্ৰা দুৰ্গ কত অৱস্থিত?

উ: আগ্ৰা।

     খেল-জগতৰ সাধাৰণ জ্ঞান- assamese general knowledge 2021


১। প্রথম এছিয়ান গেমছত ভাৰতে কোন দেশক পৰাভূত কৰি সােণৰ পদক লাভ কৰিছিল ?

উ: ইৰাণ।

২। ১৯৯৮ চনত বেংককত অনুষ্ঠিত হােৱা ত্রয়ােদশ এছিয়ান গেমছৰ ১৫ মিটাৰ ট্ৰেক আৰু ফিল্ড ইভেন্টত সােণৰ পদক অর্জন কৰা প্ৰথম ভাৰতীয়জনৰ নাম কি ?

উ: জ্যোতিৰ্ময় শিকদাৰ।

৩। ২০১০ চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হােৱা ঠাইখনৰ নাম কি?

উ: নতুন দিল্লী।

৪। এছিয়ান গেমছত পােন প্রথমবাৰৰ বাবে সােণৰ পদক লাভ কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন?

উ: কমলজিৎ সন্ধু।

৫। প্রথম এছিয়ান গেমছত ভাৰতে কিমানটা সােণৰ পদক লাভ কৰিছিল? 

উ: ১৭ টা।


৬। এদিনীয়া আন্তর্জাতিক ক্রিকেট খেলত হেট্রিক অর্জনক প্রথম ভাৰতীয় খেলুৱৈগৰাকী কোন?

উ: চেতন শৰ্মা।

৭। কিমান চনত লিয়েণ্ডাৰ পেজআৰুমহেশ ভূপতিয়ে উইম্বলডনৰ পুৰুষৰ ডাবলছ খিতাপলাভ কৰে? 

উ: ১৯৯৯ চনত।

৮। ২০০৯ চনৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰা মহিলা ক্রীড়াবিদজনৰ নাম কি? 

উ: এম চি মেৰিক'ম।

৯। নিজৰ টেষ্ট ক্রিকেট কেৰিয়াৰত সুনীল গাভাস্কাৰে মুঠ কেইটা শতক অর্জন কৰিছিল ?

উ: ৩৪

১০। আন্তর্জাতিক ক্রিকেট কাউন্সিলৰ (I.C.C.) মুৰব্বী হােৱা প্রথমগৰাকী ভাৰতীয় তথা এছিয়াৰ প্ৰথমগৰাকী ব্যক্তি কোন?

উ: জগমোহন ডালমিয়া।

১১। কোন চনত ভাৰতে বিশ্বকাপ ক্রিকেট প্রতিযােগিতাত জয়লাভ কৰিছিল ?

উ: ১৯৮৩

১২। কোনজন ভাৰতীয় ক্রিকেটাৰ লিটল মাষ্টাৰ (Little Master) হিচাপেও জনাজাত ?

উ: শচীন তেণ্ডুলকাৰ।

১৩। ভাৰতে কোন চনত টেষ্ট ক্রিকেটত স্বীকৃতি লাভ কৰে?

উ: ১৯৩২

১৪। শততম উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় ক্রিকেটাৰ কোন?

উ: কপিল দেৱ।

১৫। টেষ্ট খেলা প্রথমগৰাকী ভাৰতীয় খেলুৱৈৰ নাম কি?

উ: ৰণজিৎ সিং

১৬। মহিলাৰ বিশ্বকাপ ক্রিকেট কিমান চনৰ পৰা আৰম্ভ হৈছে?

উ: ১৯৭৩

১৭৷ টেষ্ট মেচৰ দুয়ােটা ইনিংছত শতক অর্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ক্রিকেটাৰ কোন?

উ: ১৯৪৭ - ৪৮ চনত অষ্ট্ৰেলিয়াৰ এডেলেইডত বিজয় হাজাৰেই দুটা ইনিংছত ক্ৰমে ১১৬ আৰু ১৪৫ ৰাণ কৰিছিল।

১৮। ভাৰতীয় ফুটবলত আটাইতকৈ পুৰণি টুর্ণামেন্ট কোনখন? ই কেতিয়া আৰম্ভ হৈছিল ?

উ: ডুৰাণ্ড কাপ টুৰ্ণামেন্ট । ই ১৮৮৮ চনত ছিমলাত আৰম্ভ হৈছিল।


১৯। একেৰাহে চাৰিবাৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হােৱা ভাৰতীয় টেবুল টেনিছ খেলুৱৈগৰাকীৰ নাম কি ?

উ: চেতন বাবু।

২০। আটাইতকৈ দীর্ঘতম কেৰিয়াৰ থকা ভাৰতীয় লন টেনিছ খেলুৱৈগৰাকীৰ নাম কি ?

উ: ৰামনাথন কৃষ্ণণ।

২১। ভাৰতৰ প্রথম মহিলা গ্ৰেণ্ডমাষ্টাৰগৰাকীৰ নাম কি ?

উ: এছ বিজয়া লক্ষ্মী।

২২। মুঠ চাৰিবাৰ দবাৰ সন্মানীয় পুৰস্কাৰ অস্কাৰ লাভ কৰি ইতিহাস ৰচা ভাৰতীয় দবাৰুজন কোন?

উ: বিশ্বনাথ আনন্দ।

২৩। ২০০৮ চনৰ বেইজিং অলিম্পিকত ভাৰতৰ সুশীল কুমাৰেব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ কোনবিধ খেলৰ সতে জড়িত?

উ: বক্সিং।

২৪। ২০০৮ চনৰ বেইজিং অলিম্পিকত ভাৰতে অলিম্পিক প্রতিযােগিতাত প্ৰথমটো স্বর্ণপদক খুটিং শিতানত লাভ কৰে। এই ক্রীড়াবিদজনৰ নাম কি ?

উ: অভিনৱ বিন্দ্ৰা।

২৫। ২০১০ চনৰ কমনৱেলথ গেমছৰ আয়ােজক দেশখনৰ নাম কি ?

উ: ভাৰতবৰ্ষ।

 ২৬। ভাৰতৰ জনপ্রিয় ক্রিকেট তাৰকা‌ শচীন তেণ্ডুলকাৰৰ সম্পূর্ণ নাম কি?

উ: শচীন ৰমেশ তেণ্ডুলকাৰ।

২৭। অলিম্পিক পদক লাভ কৰা প্রথম ভাৰতীয় মহিলা ভাৰােত্তোলক গৰাকীৰ নাম কি ?

উ: কৰ্ণম মালেশ্বৰী।

২৮। ফর্মুলা ৱান কাৰ ৰেছিং প্রতিযােগিতাত অংশ গ্রহণ কৰা প্রথম ভাৰতীয়জনৰ নাম কি?

উ: নাৰায়ণ কাৰ্তিকেয়ন।

২৯। হকীৰ যাদুকৰ বুলি পৰিচিত ভাৰতীয় হকী খেলুৱৈগৰাকীৰ নাম কি ?

উ: ধ্যান চান্দ।

৩০। ইণ্টাৰনেচনেল গ্রেণ্ডমাষ্টাৰ খিতাপলাভ কৰিবলৈ সক্ষম হােৱা কনিষ্ঠতম ভাৰতীয় দবাৰুজনৰ নাম কি ?

উ: পৰিমাৰ্জন নেগী।

৩১। অলিম্পিক প্রতিযােগিতাৰ চূড়ান্ত পর্যায়ত উপনীত হােৱা প্রথম মহিলা এথলীটগৰাকীৰ নাম কি ?

উ: পি টি উষা।

৩২। ভাৰতৰ ৰাষ্ট্ৰীয় খেলবিধৰ নাম কি ?

উ: হকী।

More Mock Test

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!