Type Here to Get Search Results !

Hs 2nd year swadesh adhyayan question answer | স্বদেশ অধ্যয়ন | Class 12 swadesh adhyayan 3rd chapter

Hs 2nd year swadesh adhyayan question answer , স্বদেশ অধ্যয়ন , Class 12 swadesh adhyayan
স্বদেশ অধ্যয়ন
 Hs 2nd year swadesh adhyayan question answer | স্বদেশ অধ্যয়ন | Class 12 swadesh adhyayan 3rd chapter

প্ৰথম অধ্যায়ঃ Click here
দ্বিতীয় অধ্যায়ঃ Click here
তৃতীয় অধ্যায়ঃ Click here
চতুৰ্থ অধ্যায়ঃ Click here
পঞ্চম অধ্যায়ঃ Click here
ষষ্ঠ অধ্যায়ঃ Click here
সপ্তম অধ্যায়ঃ Click here
অষ্টম অধ্যায়ঃ Click here
নৱম অধ্যায়ঃ Click here

১। জৈববৈচিত্র্য কাক বােলে? ইয়াৰ বিভিন্ন প্রকাৰসমূহ কি কি? উদাহৰণসহ বর্ণনা কৰা।

উত্তৰঃ জৈৱবৈচিত্ৰ্য বুলিলে কোনো এক এক শ্ৰেণীৰ জীৱ , গছ-গছনি কিমান পৰিমাণে থাকে তাকে বুজায় ।

      ইয়াৰ বিভিন্ন প্ৰকাৰ সমূহ হল - 

১. প্ৰজাতিগত বিচিত্ৰতা - কোনো এখন ঠাইৰ বিভিন্ন শ্ৰেণীৰ জীৱৰ মাজত থকা সাংখিক পাৰ্থক্য ‍হল প্ৰজাতিগত বিচিত্ৰতা । উদাহৰণস্বৰূপে : কুকুৰ, মেকুৰী , গৰু প্ৰজাতি ।

২. আনুবংশিক বিচিত্ৰতা - এক শ্ৰেণীৰ জীৱৰ মাজত থকা প্ৰাথক্য হল আনুবংশিক বিচিত্ৰতা । উদাহৰণস্বৰূপে : কুকুৰ বিভিন্ন প্ৰজাতি ।

৩. পৰিস্থিতি তান্ত্ৰিক বিচিত্ৰতা - এটা অঞ্চল বিশেষে নাইবা গোটেই পৃথিৱীৰ পৰিস্থিতি তান্ত্ৰিক সাঙুৰি লোৱাকে পৰিস্থিতি তান্ত্ৰিক বিচিত্ৰতা বোলা হয় । উদাহৰণ স্বৰূপে : মৰুভূমি, অৰণ্য তৃণভূমি ইত্যাদি।

৪. আনবিক বিচিত্ৰতা - জৈৱবৈচিত্ৰ্যৰ কাৰণে , পৃথিৱীৰ জীৱৰ ক্ৰমবিকাশ , নতুন প্ৰজাতিৰ সৃষ্টি হয় তাক আনবিক বিচিত্ৰতা ।

এটি আধৰুৱা প্ৰেম লাভ ষ্টৰি এইটো পঢ়

২। জৈববৈচিত্র্য কিদবে জুখিব পাৰি? ইয়াৰ বিভিন্ন পদ্ধতিসমূহ বর্ণনা কৰা।

উত্তৰঃ জৈৱ বৈচিত্ৰ্য দুই প্ৰকাৰে জুখিব পৰি প্ৰাচুৰ্যতা আৰু সমতা ।

 প্ৰাচুৰ্যতা হৈছে কোনো এটা নিৰ্দিষ্ট এলেকাত থকা জীৱৰ সমষ্টিৰ জোখ ।

 সমতা হৈছে যিকোনো এটা সম্প্ৰদায়ৰ প্ৰতেক প্ৰজাতিয়ে প্ৰতিনিধিত্ব কৰা সমসংখ্যক ব্যক্তি অথবা এটা বা দুটা প্ৰজাতিৰ বৃহৎ জনসংখ্যা আৰু অন্য প্ৰজাতি সমূহ ক্ষুদ্ৰ জনসংখ্যাৰ মাজৰ অনুপাত ।

নীলা খামৰ চিঠি-এটি ৰোমান্টিক লাভ ষ্টৰি এইটো পঢ়

৩। অসমৰ জৈববৈচিত্র্যৰ সম্পর্কে এটা টোকা প্রস্তুত কৰা।

উত্তৰঃ অসম জৈৱবৈচিত্ৰ্যৰ এখন চহকী এখন ৰাজ্য । অসমত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ , পশু-পক্ষী , সৰীসৃপ , মাছ , শামুক , পলু আৰু পখিলা আদি পোৱা যায় ।

ইয়াৰ উপৰিও অদ্বিতীয় প্ৰকৃতি , বতৰ অৱস্থা , মাটিৰ ধৰণ আদিয়ে । অসমক জৈৱবৈচিত্ৰ্যতাত চহকী কৰি তুলিছে । অসমৰ জৈৱ-বৈচিত্ৰ্যৰ কিছুমান বৈচিত্ৰ্য হৈছে- 

     ক) অৰণ্য বা বনাঞ্চল প্ৰাচুৰ্য ।

     খ) ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ

     গ) আৰ্দ্ৰভূমিৰ পৰিৱেশ তন্ত্ৰ ।

     ঘ) ঘাঁহনি পৰিৱেশ তন্ত্ৰ ।

     ঙ) ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সমূহ ।

প্ৰথম প্ৰেম-এটি ৰোমান্টিক লাভ ষ্টৰি এইটো পঢ়

 

৪। অসমৰ জৈৱবৈচিত্র্যৰ সমস্যা আৰু সম্ভাৱনীয়তাৰ সম্পর্কে বর্ণনা কৰা।

উত্তৰঃ অসমৰ জৈৱবৈচিত্ৰ্য সমস্যাসমূহ হ'ল- 

১। জনসংখ্যাৰ বৃদ্ধি আৰু ঘনত্ব।

২। মানুহৰ কার্যকলাপৰ দ্বাৰা বাসস্থান ধ্বংস।

৩। অতিচাৰণ ভূমি।

৪। চোৰাংচিকাৰ।

৫। বান আৰু খহনীয়া সমস্যা।

৬। কৃষিভূমিত অত্যাধিক ৰাসায়নিক দ্রব্যৰ প্রয়ােগ।

৭। জৈৱ লুষ্ঠন।

৮। পৰস্পৰাগত প্রযুক্তি বিদ্যাৰ অবনতি।

অসমৰ জৈৱবৈচিত্ৰ্যৰ সম্ভাৱনীয়তা সমূহ হ'ল - 

১। পৰিবেশ অনুকুল পর্যটন।

২। মৎস্য উৎপাদন।

৩। আলংকাৰিক মাছ।

৪। বাঁহ-বেতৰ উদ্যোগসমূহ।

৫। পৰম্পৰাগত ঔষধ আৰু খাদ্যসমূহ।

৬। পৰম্পৰাগত জ্ঞানৰ ওপৰত গরেষণা।

৭। পর্যটনৰ আন্তঃগাঁথনিৰ সম্ভারনীয়তা।

মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা) এইটো পঢ়া

৫। জৈৱবৈচিত্র্যৰ সংৰক্ষণৰ প্রয়ােজনীয়তা সম্পর্কে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ মানুহৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাই আহিছে। জনসংখ্যা বৃদ্ধি পােৱাৰ লগে লগে পৃথিৱীৰ সম্পদসমূহ দ্রুত গতিৰে হ্রাস পাই আহিছে। বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ উত্তৰণৰ আশীৰ্বাদত ভোগ-বিলাস আৰু সুখময় জীৱন-যাপনৰ স্বাৰ্থত আমিবোৰে সদায়ে চৌদিশৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মাত্ৰাধিক বোজা জাপি আহি আহিছোঁ৷ আমি নিজকে যিমানেই সভ্য বুলি নকওঁ কিয় মানৱ জাতিতকৈ স্বাৰ্থপৰ জীৱ পৃথিৱীত আন একো নাই৷


     ‌ আমিবোৰে নিজৰ মাজতে টনা-আজোৰা কৰি পৰিৱেশৰ আন জীৱকুলৰ বাবে এক অসহ্যকৰ পৰিৱেশ ইতিমধ্যে গঢ়ি তুলিছো৷ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ মোহগ্ৰস্ত হৈ দিনক-দিনে পাহৰি গৈ আছো যে এই পৃথিৱীত আমাৰ জীয়াই থকাৰ অধিকাৰ যিমান আছে সিমানেই আন জীৱৰো আছে৷ প্ৰাকৃতিক সম্পদৰাজিৰ ধ্বংসযজ্ঞ এইধৰণে চলি থাকিব লাগিলে সমগ্ৰ জীৱজগতৰ লগতে মানৱ সমাজৰ নিজৰো অস্তিত্ববিহীন হ’বলৈ বেছি বছৰ নালাগে৷ কিয়নো আন সামান্য প্ৰাণীৰ দৰেই মানৱ জীৱন প্ৰাকৃতিকভাৱে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল৷

     

      উশাহৰ বাবে বিশুদ্ধ অক্সিজেন, খাবলৈ প্ৰদূষণমুক্ত পানী আৰু সুষম আহাৰ নাপালে মানৱ সভ্যতা গতি কৰি আছে এক তিমিৰাচ্ছন্ন ভৱিষ্যত প্ৰজন্মলৈ সেইবাবে গােলকীয় স্তৰত বন্যপানী আৰু সম্পদসমূহৰ সংবক্ষণৰ‌ প্রয়ােজনীয়তা আহি পৰিছে।

     জৈৱবৈচিত্র্য সংৰক্ষণৰ বহুকেইটা দৃষ্টিভংগী আছে। ইয়াৰে প্রথমটো হল মানৱ কেন্দ্রিক দৃষ্টিভঙ্গী।

যিহেতু মানৱ জাতিৰ ভৱিষ্যৎ নির্ভৰ কৰি আহিছে খাদ্য সামগ্রী, বাসস্থান, পানীৰ যােগান ইত্যাদিৰ ওপৰত। আকৌ এই সম্পদসমূহৰ যােগান নির্ভৰ কৰে জৈৱবৈচিত্র্যৰ ওপৰত। তেনে পৰিপ্রেক্ষিতত জৈৱবৈচিত্র্যৰ সংৰক্ষণ অনিবার্য্য। যিহেতু প্রত্যেক প্রজাতিৰ জীৱৰেই জীয়াই থকাৰ অধিকাৰ আছে গতিকে প্রত্যেকৰেই জীয়াই থকাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰি ভৱিষ্যৎ প্রজন্মৰ বাবে এই সম্পদসমূহ সংৰক্ষণ কৰাটো প্রয়োজনীয়। এইটো হ’ল সংৰক্ষণৰ নৈতিক দৃষ্টিভঙ্গী। এইটো মনত ৰাখিবলগীয়া যে আমি ধ্বংস কৰা সম্পদসমূহ পুনৰাই সৃষ্টি কৰিব নোৱাৰো। সেইবাবেই সংৰক্ষণৰ ধাৰণাটোৰ দৰকাৰ যাতে পৃথিৱীয়ে নিজৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে জীৱৰ সৃষ্টি পৰিৱৰ্দ্ধন আৰু বিকাশ ঘটাব পাৰে আৰু ইয়াৰ দ্বাৰা বৈচিত্ৰতা ৰক্ষা কৰাৰ উপৰিও বিলুপ্তিকৰণ ৰোধ কৰিব পাৰে।

    সংৰক্ষণৰ মূলমন্ত্ৰই হ’ল প্ৰকৃতিৰ লগত সহাৱস্থান কৰি জীয়াই থকা ।

Earn money online without investment in assamese ( 2021 )

৬। প্রদূষণ কি? ইয়াৰ বিভিন্ন প্রকাৰসমূহ বর্ণনা কৰা।

উত্তৰঃ মানুহৰ কাৰ্যকলাপৰ মাধ্যমেৰে বহু বেছি দূষিত পদাৰ্থ প্ৰকৃতিক পৰিৱেশৰ লগত মিহলি হয় তাক প্ৰদুষণ বোলে ।

       প্ৰদূষণৰ  প্ৰকাৰ সমূহঃ-

১। বায়ু প্ৰদূষণঃ বিবিধ ৰাসায়নিক পদার্থৰ নিৰ্গমন তথা ক্ষুদ্র কণাসমূহৰ বায়ুমণ্ডললৈ নিসর্গন। সচৰাচৰ গেচীয় প্ৰদূষণসমূহ হ’ল – কাৰ্বন মনক্সাইড , ছালফাৰ ডাইক্সাইড চি এফ চি, নাইট্রজেন অক্সাইড। এই দূষিত গেছসমুহ উৎপাদন কৰে বিভিন্ন উদ্যোগ আৰু যান-বাহনসমূহে। ফ'টকেমীকেল অ'জন আৰু ধুঁৱলী সৃষ্টি হয় নাইট্রজেন অক্সাইড আৰু হাইড্ৰ কাৰ্বনৰ সূৰ্যৰ ৰশ্মিৰ সৈতে হোৱা বিক্ৰিয়াৰ ফলত।

 ২। শব্দ প্ৰদূষণশব্দঃ- প্রদূষণ সংঘটিত হয় দৈনন্দিন পথৰ শব্দসমূহ , উৰাজাহাজৰ শব্দ, উদ্যোগৰ শব্দ, তীব্ৰ প্ৰাৱল্যৰ চনাৰ (SONAR , Sound Navigation Ranging ) যন্ত্ৰৰ উচ্চ মাত্ৰাৰ শব্দৰ জৰিয়তে। 

৩। প্লাষ্টিক প্ৰদূষণঃ ইয়াৰ দ্বাৰা আমাৰ পৰিৱেশত প্লাষ্টিকেৰে তৈয়াৰী পদাৰ্থসমূহ আৰু অতি ক্ষুদ্ৰ প্লাষ্টিকসমূহ জমা হৈ বন্যপ্রাণীৰ বাসস্থান, বন্যপ্রাণী তথা মানুহৰ ওপৰত ঋণাত্মক প্রভাৱ পেলায়।

 ৪। ভূমি প্ৰদূষণঃ- ভূমি প্রদূষণ সংঘটিত হয় যেতিয়া ভূগৰ্ভীয় নিঃসৰণৰ ফলত ৰাসায়নিক পদাৰ্থৰ নিসর্গন ঘটে। গুৰুত্বপূৰ্ণ ভূমি প্ৰদূষকসমূহ হ’ল হাইড্ৰ'কাৰ্বন , গধুৰ ধাতৱ পদার্থসমূহ , অপতৃণনাশক , কীটনাশক আৰু ক্লৰিনেটেড হাইড্ৰ' কাৰ্বনসমূহ।

৫। আণৱিক প্ৰদূষণঃ- বিংশ শতিকাৰ আণৱিক ক্ষেত্ৰখনত ঘটা কার্যকলাপসমূহ যেনে— পাৰমাণৱিক | শক্তি উৎপাদন আৰু আণৱিক যুদ্ধাস্ত্ৰসমূহৰ গৱেষণা, পণ্য উৎপাদনৰ ক্ষেত্ৰখনৰ লগতে বিন্যস্তকৰণে তেজণীয় প্ৰদূষণত অৰিহণা যোগাইছে।

 ৬। জল প্রদূষণঃ- জল প্ৰদূষণত অৰিহণা যোগাইছে ব্যৱসায়িক তথা ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰা

 নিৰ্গত অপৰিশোধিত পানীভাগৰ ভূ-পৃষ্ঠৰ পানী ভাগলৈ নিৰ্গসন , লগতে অপৰিশোধিত ঘৰুৱা নলাসমূহ আৰু ৰাসায়নিক আৱৰ্জনাবিলাকৰ দ্বাৰা।

 

৭। বহনক্ষম উন্নয়ন কাক বােলে? বহনক্ষম উন্নয়নৰ ধাৰণাটো কিদৰে বিকশিত হল বর্ণনা কৰা।

উত্তৰঃ বহনক্ষম উন্নয়ন মানে হ'ল আমি আমাৰ বৰ্তমানৰ আৰ্থিসামাজিক অৱস্থাৰ উন্নয়ন তথা বিকাশৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সম্পদসমূহ সংৰক্ষণ কৰা ।

      ১৯৭২ চনত ষ্টকহ'মত সম্পূৰ্ণ হোৱা বিশ্বসন্মিলনৰ পিছত বহনক্ষমৰ উন্নয়নয়ৰ ধাৰণাটোৰ গুৰুত্বপূৰ্ণ ধাৰণা হিচাপে বৃদ্ধি হৈছে ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশে অংশগ্ৰহণ কৰা এই সন্মিলনত পৰিৱেশৰ অৱস্থাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিছিল ।



অসমীয়া কবিতা



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!