Type Here to Get Search Results !

Swadesh Adhyayan - স্বদেশ অধ্যয়ন ( Hs 2nd year Chapter 5)

 Swadesh Adhyayan - স্বদেশ অধ্যয়ন ( Hs 2nd year Chapter 5)

Swadesh Adhyayan
Swadesh Adhyayan


সূচিপত্ৰঃ স্বদেশ অধ্যয়ন :
প্ৰথম অধ্যায়ঃ Click here
দ্বিতীয় অধ্যায়ঃ Click here
তৃতীয় অধ্যায়ঃ Click here
চতুৰ্থ অধ্যায়ঃ Click here
পঞ্চম অধ্যায়ঃ Click here
ষষ্ঠ অধ্যায়ঃ Click here
সপ্তম অধ্যায়ঃ Click here
অষ্টম অধ্যায়ঃ Click here
নৱম অধ্যায়ঃ Click here


পঞ্চম অধ্যায়ঃ মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন

1.এটা শব্দৰে উত্তৰ দিয়াঃ

(i) ভূগােল বিজ্ঞানত ব্যৱহাৰ হৈ থকা প্রধান আহিলাক_____বােলে।

উত্তৰঃ মানচিত্ৰ ।

(ii)________সহায় লৈ মানচিত্র অঙ্কন কৰা হয়।

উত্তৰঃ মাপনীৰ ।

(iii)________পােন প্রথমতে পৃথিৱীৰ আকাৰৰ জ্ঞান দিছিল।

উত্তৰঃ ইৰাটোস্হেনিছে ।

(iv) ইছলামীয় সােণােৱালী যুগৰ বিখ্যাত মানচিত্রকৰ_______য়ে, ১১৫৪ চনত উৎকৃষ্ট মানচিত্র প্রস্তুত কৰিছিল।

উত্তৰঃ আল ইদ্ৰিছিয়ে ।

(v) অক্ষৰেখা আৰু দ্রাঘিমাৰেখাই কটাকটি কৰি_____গঠন কৰে।

উত্তৰঃ সমকোণ ।

(vi) পথাৰ জৰীপ কৰােতে, অতি সৰল পদ্ধতি_____ব্যৱহাৰ কৰা হয়।

উত্তৰঃ শিকলি জৰীপ

২ । চমু উত্তৰ দিয়া 

(i) মাপনী কাক বােলে? ই কেইপ্রকাৰৰ আৰু কি কি?

উত্তৰঃ ভূ-পৃষ্ঠত থকা কোনো দুটা নিদিষ্ট বিন্দুৰ মাজত থকা প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰৰ প্ৰতিনিধিত্ব কৰা দূৰত্বৰ অনুপাতক স্কেল বা মাপনী বুলি কোৱা হয় ।

(ii) ২ মাইল = ৬৩৩৬০ ক নিৰূপক ভগ্নাংশলৈ প্রকাশ কৰা।

উত্তৰঃ ২ মাইল = ৬৩৩৬০
                        = ৬৩৩৬০ × ২
                        = ১২৬৭২০
   এতেকে R.F = ১:১২৬৭২০         
                      

(iii) ৰৈখিক মাপনী আৰু কর্ণ মাপনীৰ মাজত পার্থক্য কি?

উত্তৰঃ ৰৈখিক মাপনীয়ে কেৱল মুখ্য আৰু গৌণ ভাগকেইটা দেখুৱাই কিন্তু কৰ্ণ মাপনীত নিপূণভাৱে সকলো দেখুৱাই ।

(iv) দূৰ সংবেদন কাক কয়?

উত্তৰঃ কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্য পাতি সংগ্ৰহ কৰাকে দূৰ সংবেদন‌ বোলে । 
 

(v) মানচিত্রৰ সৈতে কি কি উপাদান জড়িত হৈ আছে?

উত্তৰঃ মানচিত্ৰৰ সৈতে জড়িত উপাদান হ'ল
(১) মানচিত্রৰ নাম
(২) অৱস্থান
(৩) মানচিত্রৰ সীমাৰেখা আৰু দিশ
(৪) মানচিত্রৰ মাপনী
(৫) আকৃতি আৰু আকাৰ
(৬) দূৰত্ব
(৭) মাটিকালি
(৮) প্রচলিত সাংকেতিক চিহ্ন
(৯) মান চিত্রৰ সময় 

(vi) মানচিত্র কেই প্রকাৰৰ আৰু কি কি?

উত্তৰঃ মানচিত্ৰ দুই প্ৰকাৰৰ । সেইয়া হল -
ক) নিদৰ্শনমূলক মানচিত্ৰ
খ) বিষয় প্ৰসঙ্গ থকা মানচিত্ৰ

(vii) জৰীপ কার্য বুলিলে কি বুজায় ?

উত্তৰঃ কোনাে ভূক্ষেত্রক ভালদৰে অধ্যয়ন কৰি লৈ, মানচিত্র প্রস্তুত কৰাকে জৰীপ বােলে । অর্থাৎ ভূক্ষেত্রৰ জোখ মাখ, উচ্চতা, কৌণিক অৱস্থান,
সীমা ইত্যাদিবােৰক গণিত, জ্যামিতি অথবা অন্যান্য বৈজ্ঞানিক সম্বন্ধীয় উপায়েবে ভালদৰে অধ্যয়ন কৰাকে জৰীপ কৰা বুলি কোৱা হয় । 

3. নিম্নলিখিত সমূহক চমুকৈ বুজাই লিখাঃ

(i) অভিক্ষেপ কাক বােলে? ই কেই প্রকাৰৰ আৰু কি কি?

উত্তৰঃ গোলকীয় পৃষ্ঠত থকা অক্ষৰেখা আৰু দ্ৰঘিমাৰেখাক এখন মিহি সমতলত পদ্ধতিমূলকভাৱে ৰূপান্তৰ কৰাকে অভিক্ষেপ বুলি কোৱা হয়।
         অভিক্ষেপ তিনি প্ৰকাৰৰ
         ১। বেলন অভিক্ষেপ
         ২। শাঙ্কৱ অভিক্ষেপ
         ৩। শীৰ্ষকেন্দিক অভিক্ষেপ
        

(ii) 'GIS ছফটৱেৰৰ' দ্বাৰা কি কি কার্য সাধন হয়?

উত্তৰঃ GIS ছফটৱেৰে বহুতো কাৰ্যকে সামৰি লয় । যেনে ডিজিটেল মেপক একগােট কৰা কার্যবােৰ ।
এই পদ্ধতিৰ মুখ্য চাৰিটা উপাদান হল 
       (i) সংগ্রহঃ মানচিত্র, পৰিক্রমিত মানচিত্র, আকাশৰ পৰা তােলা ছবি , উপগ্রহৰ পৰা লােৱা চিত্র, জৰীপ আদিৰে বিভিন্ন ভৌগােলিক তথ্য সংগ্রহ কৰা হয়।
       (ii) সংৰক্ষণঃ তথ্য সংগ্রহ কৰাৰ পিছত উপযুক্তভাৱে সেইবােৰক তথ্য ভাণ্ডাৰ হিচাবে সংৰক্ষণ কৰে। প্রয়ােজন সাপেক্ষে সম্পাদনা, অনুসন্ধান, পুনৰদ্ধাৰ বা বর্তমানৰ তাৰিখলৈ অর্থাৎ Update কৰি লব পাৰে।
       (iii) বিশ্লেষণঃ বিশ্লেষণৰ মাধ্যমেৰে নতুন তথ্য সম্বলিত কৰা হয় বা উদ্ঘাটনাে কৰিব পাৰে।
       (iv) উৎপাদনঃ‌ বিশ্লেষণৰ মাধ্যমেৰে নিঃসৰণ কৰি উলিওবা ফলাফলক বিভিন্ন উপাদানেৰে যেনে--- গ্রাফ বা লেখনিচিত্র, দণ্ডচিত্র, জ্যামিতিক চিত্র, মানচিত্র তালিকা, ৰেখা‌ চিত্র, বিৱৰণী, প্রতিবেদন আদিক প্রস্তুত কৰি উলিওৱাকে উৎপাদন বােলে।

(iii) দূৰ সংবেদনৰ চমু আভাস দিয়া।

উত্তৰঃ দূৰ সংবেদন এক বিশেষ প্রযুক্তি, য'ত প্রত্যক্ষ সংস্পর্শত নহাকৈ, সংবেদনৰ জৰিয়তে কোনাে ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্যপাতি আদি সংগ্রহ কৰা হয় । এই প্রযুক্তি মুক্তভাৱে জড়িত হৈ থাকে, সংবেদনযুক্ত কৃত্রিম উপগ্রহ বা উচ্চতাৰে উৰা বিমান। কৃত্রিম উপগ্রহই বা অধিক উচ্চতাৰে উৰা আকাশীযানবােৰে পৃথিৱীখনক সুক্ষ্মাতিসূক্ষ্মৰূপে পৰীক্ষা কৰিব বা তথ্য সংগ্রহ কৰিব পাৰে।
     দূৰসংবেনদৰ বৈশিষ্ট্যবোৰ হল - 
ক) যদি কোনাে বৃহৎ বনাঞ্চল বনাগ্নিত পতিত হয়, মহাকাশৰ পৰা দুৰসংবেদনৰ দ্বাৰা তাৰ চিত্র তৎকালীনভাৱে বনৰক্ষকক যােগান ধৰিব পাৰে।

খ) আকাশত, মেঘৰ চালচলনলৈ লক্ষ্য ৰাখি দৈনিক বতৰৰ বাতৰিৰ যােগান সহজতে দিয়াৰ লগতে,
ডাঙৰ ধুমুহা যেনে---- ফাইলিন, চিনুক, বৰদৈচিলা, কালবৈশাখী, টর্নেড', ফণি আদিৰ গতিবিধি আৰু বেগৰ হুবহু তথ্য দিয়ে। আগ্নেয়গিৰিৰ উদগীৰণ হৈ থকা সময়ৰ ছবি, নতুনা, পৃথিৱী পৃষ্ঠত বলি থকা ধূলিৰ ধুমুহাৰ ছবিবােৰাে তৎকালীনভাৱে যােগান ধৰে।

গ) মহাসমুদ্রৰ তলিখনৰ সঠিক মানচিত্র আৰু লগতে নতুন অৱয়ব আৱিষ্কাৰ কৰাৰ ক্ষেত্রতাে দূৰ সংবেদনৰ প্রয়ােগ থাকে। মহাসমুদ্র তলিৰ খলা-বমাবােৰ যেনে--- বৃহৎ পর্বতৰ লানি, দ' খাত নতুবা চুম্বকীয় ধুহি নিয়া কার্যকো চিত্র সহকাৰে দেখুৱাব পাৰে।

4. নিম্নলিখিত প্রশ্ন কেইটাক বহলাই লিখাঃ

(i) ভূগােল বিজ্ঞানত ব্যৱহাৰ হােৱা মানচিত্রৰ ইতিহাসৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ পুৰণি মানচিত্রখন এডােখৰ ঘুৰণীয়া শিলাত লিপিবদ্ধ কৰা আছিল। স্পেইনত দেখিবলৈ পােৱা এই শিলা খণ্ডৰ মানচিত্রক, চৈধ্য হাজাৰ বছৰৰ আগতে শিলত কাটি উলিয়াইছিল। 
     ভূগাল বিজ্ঞানৰ পিতা হিচাবে প্রসিদ্ধ ইৰাটোস্থেনিছে খ্রীষ্টপূর্ব 276 আৰু 194 ৰ মাজৰ সময়ছােৱাতে সূর্য্যৰ প্রতি ধ্যান ৰাখি আৰু গণিতৰ সহায়েৰে পৃথিৱীৰ আকাৰৰ গণনা কৰি উলিয়াইছিল।
      ইয়াৰ পিছত জ্যোতির্বিদ পণ্ডিত, গণিতজ্ঞ তথা ভূগোলবিদ টোলেমিয়ে এখন সঠিক মানচিত্রৰ প্রস্তুত কৰিছিল । 
     মধ্যযুগৰ মানচিত্রকৰ সকলে কেৱল ধর্মীয় বিশ্বাসক প্রতিফলিত কৰিবলৈ মানচিত্র প্রস্তুত কৰিছিল। মধ্যযুগীয় ইউৰােপীঅ'
মানচিত্রসমূহ জেৰুজালেমক কেন্দ্র ৰাখি প্রস্তুত কৰিছিল। স্থলাংশ ভাগৰ্গ ঘুৰণীয়া এটা চকাৰ দৰে ৰাখি, চাৰিওকাষে এখনি সমুদ্র আৱৰি থকাৰ দৰে নির্মাণ কৰিছিল। এনে মানচিত্র 'T' in 'O' হিচাবে নামাকৰণ কৰি লৈছিল। 
      ইছলামীয় সােণােৱালী যুগত, অর্থাৎ পৰৱর্তী কালত আৰৱীয়ান মানচিত্র সকলােরে বহুগুণে জাটিল গণিত আৰু জ্যোতির্বিজ্ঞানৰ আলম লৈ বিভিন্ন সুত্রৰ প্রয়ােগেৰে, মানচিত্রৰ অভিক্ষেপ অঙ্কন কৰিব পাৰিছিল। সেই সময়ছােৱাত, অর্থাৎ 1154 চনত বিখ্যাত বৈজ্ঞানিক তথা মানচিত্রকৰ আল ইদ্রিছিয়ে ইউৰােপীয় সকলতকৈ বহুগুণে বিশিষ্ট তথা উৎকুষ্ট ভূ-মানচিত্র প্রস্তুত কৰিব পাৰিছিল। তেওঁৰ মানচিত্রত সমগ্র মহাদেশ যেনে ইউৰেছিয়া, যত স্কেণ্ডিনেভিয়া, আৰবীয়ান উপদ্বীপিয় অংশ, শ্রীলংকা দ্বীপ, কৃষ্ণসাগৰ আৰু কাস্পিয়ান সাগৰ আদি সকলােবােৰ সন্নিবিষ্ট হৈছিল।
      19 শতিকাৰ আদিভাগতে, 'লিথােগ্রাফি নামৰ ছপাকৰণ প্রক্রিয়াৰ উদ্ভাৱন ঘটে আৰু খুউব কম পৰিশ্রম আৰু খৰচৰ দ্বাৰা মানচিত্রকৰ সকলে একেবাৰে শুদ্ধকৈ অঙ্কন কৰি উলিয়াব পৰা হ'ল ।
      

(ii) 'শিকলি জৰীপত কি কি ব্যৱহাৰ হয় বর্ণনা কৰা।

উত্তৰঃ শিকলি জৰীপত প্ৰধানকৈ 'ইঞ্জিনিয়াৰিং চেইন' আৰু গাণ্টাৰছ চেইন'ৰ বেছি ব্যৱহাৰ হয় । ইঞ্জিনিয়াৰ্চ চেইনৰ দৈৰ্ঘ 100 lt 100 টা জোৰা আছে আৰু প্ৰতি 10টা জোৰাৰ মূৰে মূৰে একোটা খাজ কটা মাৰি 

(iii) 'বেলন অভিক্ষেপ' কাক বােলে আৰু কেনে অর্থত ব্যৱহাৰ হয় লিখা।

উত্তৰঃ অনুভূমিকভাৱে থকা সৰল সমতূল্য অক্ষৰেখাৰ সৈতে দ্রাঘিমা ৰেখাবােৰে সমকোণৰ সৃষ্টি কৰি কটাকটি কৰি থাকে ইয়াক বেলন অভিক্ষেপ বোলা হয় । এই অভিক্ষেপৰ দুর্বল অংশটো মেৰুদেশীয় অঞ্চলৰ সৈতে জড়িত, য'ত পৃথিৱীৰ আকৃতি বিকৃতভাৱে বয়। আনহাতে বিষুব অঞ্চল আৰু আশে পাশে, মানচিত্রত ভূ-আকৃতি, প্রকৃত আকৃতিৰ দৰেই শুদ্ধভাৱে থাকে। এই অভিক্ষেপত গোটেই পৃথিৱীখনকে দেখুওৱা পাৰি ।

Post a Comment

3 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!