Assamese poem lyrics - অসমীয়া কবিতা -Assamese romantic poem
Assamese poem lyrics - অসমীয়া কবিতা -Assamese romantic poem
1.এক পক্ষীয় প্ৰেম
তোমাৰ হাঁহি ভৰা মুখ খনে মোৰ মন মোহেতোমাক চাই মোৰ হিয়া জুৰ পৰেনাজানো এয়া প্ৰেম নেতুমাৰ মোহিনী বাণ ।ওচৰত গৈ কথা পাতিবলৈতুমাৰ হাহিটো ওচৰৰ পৰাচাবলৈ খুব মন যায়।হয়তো মই তুমাক ভাল পাইপেলাইছো অলপ বেছিকৈকিন্ত এই হৃদয় বৰ অবুজহয়তো ই নাজানেএক পক্ষীয় ভালপোৱা কেতিয়াও সফলনহয় কিন্তু বিচাৰিব জানিলেতোএক পক্ষীয় প্ৰেমতো পোৱা যায়প্ৰেম প্ৰাপ্তিৰ অন্য এক মাদ্ৰকতা✍️ৰাজ
মোৰ মন যায় পখিলা হৈ কাব্যিকতাৰ
মৌ চুহিবলৈ,
মোৰ মন যায় মকৰা হৈ জালপাতি জ্ঞান অন্বেষণলৈ,
মোৰ মন যায় পক্ষী হৈ তোমাক বাৰ্তা দিবলৈ,
মোৰ মন যায় বৰল হৈ দুৰ্নীতি নাশিবলৈ
মোৰ মন যায় নদী হৈ পংকিলতা ধুবলৈ,
আৰু মোৰ মন যায় ৰুলাৰ হৈ চিৰাচৰিত অসমতা বোৰ নি:শেষ কৰিবলৈ!
✍️ "লোহিত হাজৰিকা"
assamese poem lyrics collections
3.গৰখীয়া
বেলি ডুবু ডুবু হ'ল গৰখীয়া
সেন্দুৰী ৰঙৰ দৰে ,
ৰান্ধনী বেলিয়ে পূব আকাশত
সাতো ৰং সৃষ্টি কৰে ।
অপূৰ্ব ৰেঙনি দেখি গৰখীয়া
দুহাতে বাউলি মাতে ,
নাজানে হিহঁতে কোনে ৰং বুলালে
নীলাভ অভ্ৰৰ গাতে ।
অতি আমোদিত সুলভ মনেৰে
নাচোন-বাগুণ কৰি ,
কেনিনো সন্ধিয়া নামিলে ধৰালৈ
থাকিলে নিজে পাহৰি ।
গৰু-গাই সবে নিজে বাট বুলে
পথৰ ধুলি উৰুৱাই ,
আজি চোন পিছে উকা পথ দেখোঁ
গৰখীয়া লগত নাই ।
গাঁৱৰ বুঢ়া-মেথা ডেকা-গাভৰু সৱে
বেজাৰতে চাব যায় ,
গই পাই দেখে সৱে মিলি খেলে
পথাৰতে দেখা পায় ।
গাঁৱতে থাকে চেনেহা চেনেহী
একতাৰে বান্ধ খাই ,
নগৰীয়া হ'লে সেই আমোদ কণ
বিচাৰি পাবলৈ নাই ।
✍️উত্তম শৰ্মাassamese kobita lyrics
4. নিসংগতা
যেতিয়াই মই সংগীহীন হৈ পৰো
নিজানত বহি চৌপাশৰ
সেউজীয়া বোৰৰ সতে কথা
পাতো মাথো তোমাৰ কথা।
মলয়া বতাহ জাকেচুমা
আঁকি যায় মোৰ দুগালত।
চুমাৰ পৰশত শীতল পৰে মোৰ দেহ মন।
গছৰ ডালত ৰৈ থকা চৰাই
বোৰেও মোৰ বাবে গুণগুণাই।
আকাশ খনেও যেন মোক সান্ত্বনা
দিবলৈ নিজৰ ৰং সলাই।
আকাশ, বতাহ, চৰাই
সকলোৱে মোৰ সংগী হৈ পৰে।
✍️ চান্দ মহম্মদ
5.পোহৰৰ সন্ধানত
জীৱনৰ খলা বমাত উজুটি খাই খাই
পৰিছে ভাগৰি তথাপিও কিয় জানো
মনে নামানে আন্ধাৰত খেপিয়াই খেপিয়াই
তাই এটা কলম পালে
সেই কলমেৰে মনৰ বেদনাবোৰ
আলফুলকৈ উকা কাগজত
শব্দৰ খেলা পাতিলে
তাতেই চকুৰ সোণগুটিৰ
টোপালবোৰে চিকমিকাবলৈ ধৰিলে
তাই সোণ গুটিৰ দলিচা পাৰি
আঁকি আঁকি সপোনৰ পথাৰখন
চিৰসেউজীয়া কৰিলে
আন্ধাৰৰ পৰা পোহৰৰ সন্ধানত
নামিল তাইৰ এবুকু ভৰা সপোনবোৰ
মনৰ ফাকে ফাকে
বেদনাবোৰ সিঁচৰিত হৈ পৰিল |
✍️ অন্নদা বড়ো ৰংপী,গুৱাহাটী
Assamese Poems on nature
6.শাওনৰ আবেলি
শাওনৰ এচাটি মৃদু বতাহে
কিনো কলে কাণে কাণে
তাকে দেখি পথাৰৰ সেউজী ৰোৱাবোৰ
আনন্দতে হালে-জালে
চিপ্ চিপ্ আকাশি বৰষুণ পৰে
লিহিৰি সেউজী পাতত
এইয়া শৰতৰ আগমণি বতৰা যেন
নিয়ঁৰ চেঁচা অনুভৱ হৃদয়তে---------।
✍️দিগন্ত দুৱৰা, শিৱসাগৰ
Assamese Poem
7. স্নিগ্ধ হৃদয়ত সোণোৱালী সপোনে
প্ৰাণ পোৱা
পুৱতি নিশাৰ কবিতা তুমি 💞
নিয়ৰ সনা অচিনাকী চহৰখনৰ
চিনাকী সুগন্ধি 🥀
সেউজ হৃদয়ৰ দলিচাত
ৰঙীন স্বপ্ন তুমি
মোৰ বাবে দুগাল কৰিবা নে?
কৃষ্ণচূড়াৰ ৰঙেৰে ৰাঙলী.......💞
✍️পূবালী
Axomiya Kobita
8.ভালপোৱা ❣️
ভঙা সপোনৰ ৰিক্ত সীমনাত
আকৌ বৈছে প্ৰাপ্তিৰ ঢৌ।
আকৌ এবাৰ ভাল লগা হৈছে
কৃষ্ণচূড়াৰ ৰং বোৰ, আবেলিবোৰ।
সপোনবোৰ পুনৰ সজীৱ হৈছে
কাৰোবাৰ আগমনত।
সামৰি লৈছোঁ নতুন আবেগ।
নাজানো,,,,
কিয় ইমান পৃথক এই আবেগ?
জীৱনৰ বুজা নুবুজাৰ মাজতে
এই ক্ষণ ইমান মধুৰ।
কেতিয়াও শুনি নোপোৱা সূৰৰ মূৰ্চনা
কেতিয়াও বুজি নোপোৱা অজান শিহৰণ।
মিঠা মিঠা লগা এই সপোনবোৰ
সদায় যেন এই সপোনপুৰীতে থাকিম।
ভালপোৱা বোৰ কিয় ইমান মধুৰ?
নাজানো,,,,
কিন্তু, ভাল লাগে সকলোবোৰ।
নুবুজো,,,,
এই ভাল লগাৰ অৰ্থ কি?
হয়তো,,,,
প্ৰথম প্ৰেমৰ কোমল স্নিগ্ধ অনুভূতি।
Assamese Poem in assamese Language
9.সপোন❤️
হাজাৰ দুখ-ভাগৰ, কষ্টৰ মাজত
তোমাক লৈ দেখা অলেখ সপোন ❤️🥀
তোমাৰ নাম,মোৰ নামৰ লগত মিল খাই যোৱাৰ এটি সপোন❤️
তোমাৰ মনৰ দায়িত্ব লোৱাৰ এটি সপোন 🥀❤️❤️
✍️ শিল্পী শিখা খনিকৰ।
10.🥀মোৰ নীলা চৰাই জনী🥀
মোৰ নীলা চৰাই জনী
বৰ মৰমৰ আছিল তাই
সৌ নীলা বোৰৰ মাজেৰে
কোনোবা এটা শান্তি প্ৰিয়
আবেলি উৰি আহিছিল তাই।
মোৰ উৰুখা পজা ঘৰটোলৈ
আঁশাৰ চাকি এগছ জ্বলি উঠিছিল
তেজ ৰঙাকৈ, চাৰিওঁফালে
মৰমবোৰে একাজলি ৰ'দ সানি
দিছিল সপোনে সাৰ পাব পৰাকৈ।
হঠাৎ এদিন মোৰ নীলা চৰাই জনী
অভিমান কৰি উৰি গৈছিল
কোনোবা দূৰ-দিগন্তলৈ
সপোনবোৰো চোন পলকতে
ঠান-বান হৈ পৰিছিল।
সময়ৰ আহ্বানত দুখবোৰ
আপোন কৰি লৈ মই আকৌ
অকলশৰীয়া হৈ পৰিছিলোঁ,
আৰু পজাঘৰটো'ও বিস্মৃতিবোৰ
বুকুত বান্ধি ধূসৰ হৈ পৰি ৰৈছিল
শব্দ বিহীন এটি কবিতা হৈ।
মোৰ নীলা চৰাই জনী গ'লগৈ
যোৱাৰ পৰত মোক দি গ'ল
আজাৰ ফুলেৰে বেজাৰ
বোৰৰে আতি আতি বান্ধা
এডাল বিষাদৰ মালা।।
✍️ পূজা শইকীয়া 🖤
Poem in Assamese
Assamese Romantic poem
১২.প্ৰেৰনা
আপোনজন হেৰাই গলে...
বুকুখনত শব্দ নহয়....
শূন্য হৈ যায়।
উজাগৰী নিশা আকাশলৈ চাওঁ...
দুচকু মুদি অনুভৱ কৰো তোমাক....
সেমেকা বতাহজাকে দি যায়
বাতৰি তোমাৰ.......
আহা তুমি নিৰবে সদায়।
শুকাই যোৱা সপোনৰ ফুলপাহ....
জীপাল হয় প্ৰতিটো নিশাই,..
হৃদয়ত আৱেগৰ ঢৌয়ে খুন্দিয়াই।
স্মৃতিৰ পাপৰিত জোনাকী য়ে পোহৰ বিলায়।
অজানিতে এটা সুখৰ হাঁহি .
মুখত জিলিকি যায়।
জীৱনটোৱে প্ৰেৰণা পায়।
তুমি আছা মোৰ সৈতে....
অনুভৱ কৰো সদায়।।
Very nice poem collection 👌
ReplyDelete. * নামঘৰ *
ReplyDeleteনামঘৰ গুৰু জনাৰ উপাসনাৰ ঘৰ ।
সত্ৰীয় সংস্কৃতিৰ সাধনাৰ ঘৰ,
ভাওনা ভাগৱত ৰ আখৰা ঘৰ ।।
যত ভকতে লৈ নামৰ যুতি তোলে ভক্তিৰ জোৱাৰ ।।
ডবা, শংখ , খোল,তালৰ শব্দত হৃদয় কঁপে অসমীয়াৰ l
য'ত নাই সৰু বৰ , নহয় কোনো কাৰো পৰ ।
অসম আৰু অসমীয়াৰ ইয়ে স্বাভিমানৰ ঘৰ ।
নামঘৰ মুক্তি ৰ দুৱাৰ , সম্বল মাথো ভগবানক পোৱাৰ l
তেনেহলে কেনেকৈ হব পালে ই ধ্বংসৰ দুৱাৰ ?
য'ত বাজিছিল কেৱল মংগল উৰুলী ,তাত কেনেকৈ গৰজিছে এতিয়া ধ্বংসৰ কিৰিলী ?
গুৰু জনাই জানো ভাবিছিল এই কথা যে
নামঘৰে লব কাৰোবাৰ জীৱন কেতিয়াবা ।
তেওঁ জানো ভাবিছিল, ভক্তিৰ এই ঠাই হব কেতিয়াবা কাৰোবাৰ বিচাৰৰ ৰায় ।
য'ত নাচিল কোনো কাৰো পৰ ,তাত কেনেকৈ হব পাৰে বিচাৰ কোন সৰু কোন বৰ ?
নামঘৰ নহয় কোনো আদালতৰ ঘৰ ।
নামঘৰ মাথো সংস্কৃতিৰ ৰংঘৰ ,
সংস্কৃতিৰ আখৰা ঘৰ , অসমীয়া সংস্কৃতিৰ ভঁৰাল ঘৰ নামঘৰ ।।।
🖋 সুনিল বৰুৱা