Type Here to Get Search Results !

duty of a students essay in assamese language - ছাত্ৰৰ কৰ্তব্য ৰ বিষয়ে ৰচনা - students duty essay in assamese language

 duty of a students essay in assamese language - ছাত্ৰৰ কৰ্তব্য ৰ বিষয়ে ৰচনা 

students duty essay in assamese language , ছাত্ৰৰ কৰ্তব্য ৰ বিষয়ে ৰচনা

ছাত্ৰৰ কৰ্তব্য

Table of content (toc)

আৰম্ভণিঃ 

জিৰ ছাত্ৰ কাইলৈৰ দেশৰ নাগৰিক" - অৰ্থাৎ ছাত্ৰসকল হৈছে আমাৰ দেশৰ ভৱিষ্যৎ, ছাত্ৰ সমূহ হ'ল একো একোজন মানৱ সম্পদ  । বিদ্যালয় , মহাবিদ্যালয়ত অধ্যয়ন কৰি ভৱিষ্যতে দেশ তথা জাতিৰ উন্নতিত বৰঙণি যোগাব পৰাই  ছাত্ৰৰ প্ৰকৃত সফলতা , শিক্ষাৰো প্ৰকৃত উদ্দেশ্য । 

     ছাত্ৰ জীৱন হৈছে মানৱ জীৱনৰ সোণালী সময়। জীৱনৰ এই পৰ্যায়ত তেওঁ যি শিকে, বুজি পায় বা গ্ৰহণ কৰে, তেওঁ তেওঁৰ ব্যক্তিত্ব আৰু চৰিত্ৰ নিৰ্মাণত এক মুখ্য ভূমিকা পালন কৰে।

    অৰ্থাৎ, আমি ক'ব পাৰোঁ যে ছাত্ৰ জীৱন হৈছে মানৱ জীৱনৰ ভেটি। এই সময়ছোৱাত, শিক্ষাৰ্থীজন সাধাৰণতে সাংসাৰিক দায়বদ্ধতাৰ পৰা মুক্ত, তথাপিও তেওঁ বহুতো দায়বদ্ধতা আৰু কৰ্তব্য পালন কৰিব লাগিব। তাৰ বাবে ছাত্ৰসকলে কেতবোৰ কৰ্তব্য আৰু নীতি - নিয়ম মানি চলাটো নিতান্ত্ই প্ৰয়োজনীয় 

ছাত্ৰৰ কৰ্তব্য :-

 " ছাত্ৰনাং অধ্যয়ন তপ: ।" অধ্যয়নেই ছাত্ৰৰ মূখ্য কৰ্তব্য । অৱশ্য অধ্যয়ন বুলি কলে অকল পাঠ্যক্ৰমত সন্নিৱিষ্ট পাঠ্যপুথিখিনি মুখস্হ কৰাকে নুবুজায় । পাঠ্যক্ৰমৰ লগত সংগতি নথকা অথচ জীৱন - যাপনৰ ক্ষেত্ৰত সহায় কৰা অন্যান্য গ্ৰন্থও ছাত্ৰসকলে অধ্যয়ন কৰিব লাগে ।

     ছাত্ৰৰ স্বাভাৱিক প্রবৃত্তি আৰু প্ৰতিভাক সুস্থ আৰু সুপৰিকল্পিতভাৱে বিকাশৰ পথ নির্দেশ কৰি সৰ্ব্বাঙ্গ সুন্দৰ জীৱন যাপনৰ দিয়াৰ লগতে সুনাগৰিক গঢ়ি তুলিব পৰাটোৱেই শিক্ষাৰ মূল উদ্দেশ্য আৰু যিসকলে এই শিক্ষা অনুধাবন কৰি সৰ্বাঙ্গ সুন্দৰ জীৱন গঢ়িবলৈ প্রয়াস পায়, সেইসকলেই ছাত্র।  ছাত্র জীৱনত সু-শিক্ষা লাভ কৰি, শৰীৰ, মন, বুদ্ধি, প্রতিভাক শিক্ষাৰূপী কষটি শিলেৰে ঘঁহি মাজি মনুষ্যত্বৰ পূর্ণ বিকাশ সাধনত ব্ৰতী হৈ এক মধুৰ জীৱন গঢ়ি তােলেই শিক্ষাৰ্থীসকলৰ মুখ্য উদ্দেশ্য হােৱা উচিত ।

duty of a students essay in assamese language - ছাত্ৰৰ কৰ্তব্য ৰ বিষয়ে ৰচনা 

    সংসাৰ এক বিচিত্র ৰণক্ষেত্ৰ। মানুহ সেই ৰণক্ষেত্ৰৰ একোজন সৈনিক। সেই সৈনিকে জীৱন যুদ্ধত বিজয়ীৰূপে নিজকে প্রতিষ্ঠা কৰিবলৈ অনুশীলনৰ আৱশ্যক; এই অনুশীলন—সুশিক্ষা লাভ, প্রকৃত মনুষ্যত্ব লাভৰ, জীৱন-যুদ্ধৰ সক্ষম সেনানী হােৱাৰ অনুশীলন। এই অনুশীলনৰ বাবে গভীৰ আৰু প্রশস্ত অধ্যয়নৰ আৱশ্যক। গতিকে প্রথম পৰ্য্যায়ত অধ্যয়নেই ছাত্রৰ মুখ্য ব্রত। এই ব্রত সফল কৰি তুলিবলৈ সাধনা লাগে। সাধনা আহিব আন্তৰিকতাপূর্ণ মনােযােগ , ঐকান্তিক অনুশীলন আৰু অনুসন্ধিৎসাৰ যােগেদি। গভীৰ দূৰদৃষ্টি আৰু আত্মপ্রত্যয়ৰাে একান্ত প্রয়ােজন মানৱ জীৱনৰ অসাধ্য একো নাই ; ঘঁহি থাকিলে শিলাে ক্ষয় যায়। “আনে যিটো কৰিব পাৰিছে, সেইটো আমিও পাৰিম।” এই প্রত্যয় ছাত্ৰৰ অন্তৰে অন্তৰে নিহিত থাকিব লাগিব। 

    ছাত্ৰৰ ছাত্ৰীয়ে প্রথমে নিজৰ পাঠ্য বিষয় সমূহৰ সম্যক জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ, জীৱনৰ পৰীক্ষাত উত্তীর্ণ হ'ব লাগিলে প্রথমে বিদ্যালয়ৰ পৰীক্ষাত কৃতকাৰ্য্যতা লাভ কৰিব লাগিব। কৃতকাৰ্য্যই কৃতকাৰ্য্যতা আনিব। এই কৃতকাৰ্য্যতাত উত্তীর্ণ হ'ব লাগিলে অধ্যয়ন আৰু অধ্যৱসায়ৰ লগতে শৃঙ্খলা, নিয়মানুবর্তিতা, সময়ানুৱৰ্ত্তিতাৰাে একান্ত প্রয়ােজন কথাতে কয় গৰম হৈ থাকোতে ইস্ত্ৰীটো মাৰিব, সময়ৰ শৰ মাৰিব জানিলেহে শৰ পহুৰ মঙহ খাবলৈ আশা কৰিব পাৰি। সময়ৰ মূল্যবােধ থাকিলেহে কামতাে উদ্গতি লাভ কৰিব পাৰি। 

duty of a students essay in assamese language - ছাত্ৰৰ কৰ্তব্য ৰ বিষয়ে ৰচনা 

         জীৱন সৰ্বাঙ্গ সুন্দৰ কৰি গঢ়ি নিজকে জীৱন যুঁজৰ বাবে প্রস্তুত কৰিবৰ কাৰণে কেৱল পাঠ্য-পুথিৰ সীমাৱদ্ধ জ্ঞান আহৰণতে ব্যস্ত থাকিলেই নহয়; সংসাৰ যুঁজত যিদৰে নানা সমস্যার সম্মুখীন হ'ব লগা হয়, সেইদৰে সেইবােৰৰ লগত প্রতিযােগিতাত জয়লাভ কাৰণেও নিজকে বিভিন্ন বিষয়ত প্রস্তুত কৰি ল'ব লগা হয়। সেইবাবে পাঠ্যপুথিৰ লগত সমন্বয় ৰাখি অন্যান্য লাগতিয়াল বিষয়ৰ জ্ঞান আহৰণৰ প্রয়ােজন। ছাত্র জীৱনতে সেই জ্ঞান আহৰণ কৰি গণতান্ত্রিক দেশত নিজৰ অধিকাৰ প্রতিপন্ন কৰাৰ, সুনাগৰিক হিচাপে নিজ দায়িত্ব সফলতাৰে পালন কৰিব আৰু স্বকীয় কামনা, ইচ্ছা ৰূপায়ণ কৰি উন্নত জীৱন যাপনৰ পথ প্রশস্ত কৰি তােলাৰ দিহা কৰা উচিত।

পিতৃ-মাতৃৰ প্রতি ছাত্ৰৰ কর্তব্য:  

          প্ৰতিজন শিক্ষাৰ্থীয়ে মাক দেউতাকৰ প্ৰতি সদায় সন্মান কৰাৰ এক মহৎ কৰ্তব্য আছে। সকলো পিতৃ-মাতৃয়ে বিচাৰে যে তেওঁলোকৰ পুত্ৰই অতি সাহসেৰে তেওঁৰ নাম উত্থাপন কৰক। তেওঁ ডাঙৰ হৈ সুস্বাস্থ্য, সু-মানৱ  ,খ্যাতি লাভ কৰে । ছাত্র-ছাত্ৰীৰ শিষ্টাচাৰ, সাধুতা, নম্রতা, কর্তব্যপৰায়ণতা, ভক্তি পৰায়ণতা আদি সজ ছাত্র-ছাত্রীৰ আন আন চাৰিত্রিক বৈশিষ্ট্য। কেৱল উচ্চ শিক্ষা লাভ কৰিলেই মানুহক প্রকৃত মানৱৰূপে পৰিগণিত কৰিব নােৱাৰে, যদিহে তেওঁৰ কেতবোৰ গুণ নাথাকে। কুমলীয়া বাঁহ এডালক ইচ্ছামতে ভাঁজ দিব পাৰি; কিন্তু বুঢ়া বাঁহ এডালক ভাজ দিব  নােৱাৰি; ভাজ দিবলৈ চেষ্টা কৰিলে। বাঁহ ডাল ভাঙি যায়।  সেয়ে ছাত্র জীৱনৰপৰাই এই গুণবােৰ আহৰণ কৰিব লাগিব। এই গুণ আহৰণৰ প্রথম মঞ্চখনেই  হল নিজৰ ঘৰখন। ঘৰখনত পিতৃ মাতৃৰ প্ৰতি ভক্তি ৰাখি তেওঁলােকৰ আশা-আকাঙ্খা পূৰণৰ বাবে অহােপুৰুষাৰ্থ কৰিব লাগিব। মনত ৰখা উচিত যে পিতৃ-মাতৃৰ কাৰণেই আমি বিনন্দীয়া সৃষ্টিৰ অপৰূপ সৌন্দর্য, বিচিত্রতা চাবলৈ, উপভােগ কৰিবলৈ সমৰ্থ হৈছোঁ। সেইবাবে তেওঁলােকলৈ ভক্তি ৰাখি, তেওঁলােকে যি কৰিলে সুখী হয়, সন্তুষ্ট হয়, তেওঁলােকৰ জীৱনলৈ চিৰ সুখ, চিৰ শান্তি আহে তাকে কৰা উচিত। নিজৰ ভাই-ককাই, বাই-ভনীৰ প্ৰতিও মৰমিয়াল হ'ব লাগে। ঘৰখনৰ নিজা ভাই-ককাই, বাই-ভনীৰ লগত মিলি -জুলি থাকিব পাৰিলে বিদ্যালয়, সমাজৰ বৃহত্তৰ সমাজখনৰ বৃহত্তৰ পৰিবেশতাে নিজকে খাপ খুৱাই ল’ব পৰা যায়। ওচৰ-চবুৰীয়াসকলৰ প্ৰতিও সহনশীল, সহানুভূতিশীল হােৱা উচিত।

শিক্ষক সকলৰ প্ৰতি ছাত্ৰৰ কৰ্তব্য:

   শিক্ষকসকলৰ প্ৰতি ছাত্র-ছাত্রীসকল একান্ত ভক্তি পৰায়ণ হােৱা উচিত। কাৰণ শিক্ষকসকলে আমাৰ দৃষ্টি মনোভাৱ বহল কৰে পৃথিৱীখন চাবলৈ, এই বহল পৃথিৱীত নিজৰ স্থান নির্ণয় কৰিবলৈ আৰু তাত নিজকে প্রতিষ্ঠিত কৰিবলৈ শিকায়। আমাক অজ্ঞান আন্ধাৰৰপৰা পােহৰৰ বাটলৈ পথ দেখুৱাই লৈ যায় সুনাগৰিক হৈ সুস্থ জীৱন যাপন কৰিবলৈ, প্রকৃত মানুহ হিচাপে পৃথিৱীত জীয়াই থাকিবলৈ, সুখী জীৱন যাপন কৰাৰ উপযুক্ত হােৱাৰ পথ প্রদর্শন কৰে। সেইবাবে আমি গুৰুসকলক সন্মান কৰাৰ লগতে সকলো আদেশ পালন কৰি শিক্ষা লাভত নিজকে নিয়ােগ কৰা উচিত। ছাত্র-ছাত্রীসকলৰ শিক্ষক সকলৰ প্রতি কৃতকাৰ্য্যতাই, গৌৰৱেই শিক্ষকসকলৰ জীৱনৰ মূলধন। শিক্ষকসকলে ছাত্র আৰু ছাত্রীসকলৰ সদায় মঙ্গলৰ কামনা কৰে আৰু নিজৰ বুদ্ধিবৃত্তি, শক্তি সামর্থ্য সকলােখিনি নিস্বার্থভাৱে প্ৰয়ােগ কৰি ছাত্ৰ-ছাত্ৰীসকলক সু-মানৱ গঢ়ি তুলিবলৈ চেষ্টা কৰে। ছাত্র-ছাত্রীৰ সফলতাই শিক্ষকসকলৰ জয়মাল্য সেই কথা মনত ৰাখি ছাত্র-ছাত্রীসকলে শিক্ষকসকলৰ প্রতি ভক্তি আৰু সন্মান প্রদর্শন কৰা ছাত্ৰৰ কৰ্তব্য । 

       ছাত্ৰজনৰ তেওঁৰ বিদ্যালয়ৰ প্ৰতিও দায়িত্ব আছে। তেওঁ নিজৰ বিদ্যালয়ৰ উন্নীতকৰণত যিমান সম্ভৱ অৱদান আগবঢ়োৱা উচিত। বিদ্যালয়খন পৰিষ্কাৰ কৰি ৰখাত সহায় কৰক আৰু লগতে আপোনাৰ আন সহপাঠীসকলক বিদ্যালয়ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰা। তদুপৰি, ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও বিদ্যালয়ৰ মৰ্যাদা আৰু সম্পত্তিৰ ক্ষতি কৰা  উচিত নহয়। 

       সহপাঠীসকলৰ সৈতে নম্ৰ হোৱাটোও ছাত্ৰৰ কৰ্তব্য ।

সমাজৰ প্রতি‌ ছাত্ৰৰ কৰ্তব্য :

       মানুহ সামাজিক প্রাণী। সমাজ বাদ দি মানুহে সুস্থ, উন্নত আৰু আনন্দ-সমুজ্জ্বল জীৱন যাপন কৰাটো কল্পনাই কৰিব নােৱাৰি। ছাত্ৰ - ছাত্ৰীসকলো সমাজৰে একোটা অঙ্গ। গতিকে সমাজৰ প্রতিও ছাত্ৰসকলৰ কর্তব্য আছে। অধ্যয়নত ৰত থাকিও সেইবাবেই আজৰি সময়ত,  স্কুল - কলেজ বন্ধ দিনত সমাজৰ অন্যান্য ব্যক্তিৰ লগতে মিলি সামাজিক উন্নয়ন কাৰ্য্যত সমাজক সহায় কৰা উচিত।ছাত্ৰসকলে নিজৰ প্রধান কর্তব্য বিদ্যা অর্জনৰ মাজেদিয়েই সমাজক নানা প্রকাৰে সহায় কৰিব পাৰে; মহামাৰীৰ সময়ত মানুহে পালন কৰিব লগীয়া নীতি-নিয়মৰ বিষয়ে সমাজক জ্ঞান দিব পাৰে; ঔষধালয়ৰপৰা ঔষধপাতি আনি ৰোগী লােকসকলক সহায় কৰিব পাৰে।প্রাকৃতিক দুর্যোগ, অগ্নিকাণ্ড, বানপানী আদিত পীড়িত লােকসকলক দান-বৰঙণি সংগ্রহ কৰি সাহায্য আগবঢ়াব পাৰে; নিৰক্ষৰ লােকক দুটা আখৰ চিনাকি কৰি দিব পাৰে। সামাজিক তিথি-উৎসৱ, সভা-সমিতি আদিত ডাঙৰসকলক সহায় কৰিব পাৰে।

স্বদেশ আৰু স্বজাতিৰ প্ৰতি ছাত্ৰৰ কৰ্তব্য:

       সকলো নাগৰিকৰ ৰাষ্ট্ৰৰ প্ৰতি কিছু দায়িত্ব আছে। তেওঁৰ ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় সংগীত আৰু তেওঁৰ সংবিধানক সন্মান কৰাটোও তেওঁৰ কৰ্তব্য। তেওঁ কেতিয়াও এনে ক'ব নালাগে যি টো ৰাষ্ট্ৰৰ মৰ্যাদাৰ বিৰোধী। সদায় ৰাষ্ট্ৰ বিৰোধী উপাদানৰ বিষয়ে সজাগ হোৱা আৰু কোনো ধৰণে ৰাষ্ট্ৰীয় সম্পত্তিৰ ক্ষতি নকৰাটো ছাত্ৰৰ কৰ্তব্য।  

    ছাত্ৰসকলেই দেশৰ ভৱিষ্যৎ নাগৰিক, দেশৰ গুৰি ধৰোঁতা, জাতিৰ মেৰুদণ্ড; সেইবাবে উপযুক্ত নাগৰিক হিচাপে, জীৱন গঢ়ি তুলিবলৈ ছাত্ৰাৱস্থাৰপৰাই অনুশীলন কৰিব লাগিব। আন হাতেদি ছাত্র শক্তি, পৃথিৱীৰ এনে এটা বৃহৎ শক্তি, যাৰ প্ৰভাৱত দেশৰ শাসনতন্ত্র সলনি হ'ব পাৰে ; এটম বােমাই, আণৱিক শক্তিয়ে যি কাৰ্য্য সাধন কৰিব নােৱাৰে সেই কাৰ্য্য ছাত্র সম্মিলিত আঙুলিৰ চিয়াৰত মুহূৰ্ততে সম্ভৱ হৈ উঠিব পাৰে। এই এক মহান শক্তি ছাত্ৰসকলে কল্যাণকামী ৰাষ্ট্ৰ এখনত জনগণৰ কল্যাণৰ কাৰণে প্রয়ােগ কৰিলে দেশে দ্রুতৰভাৱে উন্নয়নৰ পথত আগুৱান হ'ব পাৰে। গতিকে ছাত্র শক্তিয়ে সুচিন্তাৰে, সুপৰিকল্পিতভাৱে সমাজৰ কল্যাণমূলক কামতাে আগভাগ লােৱা উচিত।

        ছাত্রসকল বংশৰ, জাতিৰ ‍ভৱিষ্যতৰ আশাৰ চাকি। সমাজে, জাতিয়ে, দেশে কামনা কৰে প্ৰতিজন ছাত্রই প্রকৃত শিক্ষা লাভ কৰি একোটি একো জ্ঞানৰ ভাণ্ডাৰ হওক ; উৎসাহ উদ্যম কর্মপ্রেৰণাৰ মহীয়ান উৎস হওক; তেওঁলােকৰপৰাই হাজাৰ হাজাৰ প্রজ্ঞাৰ, মনীষাৰ সৃষ্টি হওক। একো একোটি দীপ্তিময়, প্রভাযুক্ত জ্যোতিঃপুঞ্জ পিতৃ মাতৃৰ, সমাজ, জাতিৰ জীৱনলৈ, মধুময় দিনৰ মহাজ্যোতি কঢ়িয়াই আনা ছাত্ৰৰ কৰ্তব্য । 

   এনেদৰে আমি দেখিছোঁ যে শিক্ষাৰ্থীজনে তেওঁৰ জীৱনত বিভিন্ন ধৰণৰ কৰ্তব্য পালন কৰিব লাগিব। তেওঁ কেতিয়াও এই কৰ্তব্য আৰু দায়বদ্ধতাৰ পৰা নিজকে আঁতৰাই সফলতাৰ শীৰ্ষত উপনীত হ'ব নোৱাৰে। তেওঁ সদায় তেওঁৰ দৈনন্দিন কাৰ্যকলাপ নিৰীক্ষণ কৰিব লাগিব আৰু জীৱনত যি ভাল সেয়া গ্ৰহণ কৰাৰ অভ্যাস কৰিব লাগিব।


ৰচনা খন পঢ়ি যদি ভাল পালা তেন্তে বন্ধু বৰ্গ হৈতে চেয়াৰ কৰি দিবা । আৰু যদি কবা বিষয়ৰ ওপৰত ৰচনা লাগে তেন্তে কমেণ্টত জনাবা

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!