Type Here to Get Search Results !

১০০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

 


১) অসমৰ প্ৰথম অৰ্জুন বঁটা লাভ কৰা খেলুৱৈ গৰাকী কোন ?

উঃ  ভোগেশ্বৰ বৰুৱা |

২) সতী সাধনী কোন বংশৰ ৰাণী আছিল?

উঃ চুতীয়া |

৩) অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল ?

উঃ শৰৎচন্দ্ৰ গোস্বামী !

৪) বগীবিল দলংৰ দৈৰ্ঘ্য কিমান ?

উঃ ৪.৯৪ কিঃ মিঃ !

৫) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ?

উঃ বসন্ত দাস !

৬) শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি  কোন আছিল?

উঃ লাচিত বৰফুকন ।

৭) শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল?

উঃ ৰামসিংহ ।

৮) ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলা খন কি?

উঃ কাৰ্বি আংলং ।

৯) ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত হৈছিল?

উঃ ২০০৭ চনত ।

১০) অসমীয়া চলচ্চিত্ৰ "হালধীয়া চৰাইয়ে বাওধান খায়" কোনে পৰিচালনা কৰিছিল?

উঃ জাহ্নু বৰুৱা ।

১১) ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?

উঃ ২.৩৯%  ।

১২) শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীত সমূহ কি ভাষাত লিখা হৈছিল?

উঃ ব্ৰজাৱলী ।

১৩) অসমৰ অৰ্জুন বঁটা লাভ কৰা প্ৰথম মহিলা কোন ?

উঃ মনালিছা বৰুৱা !

১৪) দিহিঙীয়া ৰজা বুলি কাক কোৱা হয় ?

উঃ চুহুংমুং !

১৫) প্ৰথম বৰপাত্ৰ গোহাঁই কোন ?

উঃ কনচেং !

১৬) বৰফুকন আৰু বৰবৰুৱা পদ কোনে সৃষ্টি কৰিছিল ?

উঃ প্ৰতাপ সিংহ !

১৭) প্ৰথম বৰবৰুৱা কোন ?

উঃ মোমাই তামুলী !

১৮) লৰা ৰজা বুলি কাক কোৱা হয় ?

উঃ চুলিকফা !

১৯) ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰথমে পঞ্চায়তীৰাজ ব্যৱস্থা আৰম্ভ হৈছিল? 

উঃ ৰাজস্থান |

২০) মে-ডাম-মে-ফি কোন তাৰিখে পালন কৰা হয় ?

উঃ ৩১ জানুৱাৰী !

২১) আলি আই লৃগাং উৎসৱ কেতিয়া অনুষ্ঠিত হয়?

উত্তৰ:- ফাগুন মাহৰ প্ৰথম বুধবাৰে।

২২) ওমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰ:- আহোমসকলৰ।

২৩) চ'মাংকান কোন জনগোষ্ঠীয় সংস্কৃতি ?

উত্তৰ:- কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।

২৪) বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰ:- বড়ো।

২৫) অসমৰ প্ৰথম তেল শোধনাগাৰ ক'ত আছে?

উত্তৰ:- ডিগবৈ ।

২৬) বায়খো উৎসৱ কোন জনগোষ্ঠীৰ?

উত্তৰ:- ৰাভাসকলৰ।

২৭) খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰ:- বড়ো।

২৮) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি?

উত্তৰ:- 'বনকুৱৰী', কবি চন্দ্ৰকুমাৰ আগৰৱালা।

২৯) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি?

উত্তৰ:- 'বনফুল'।

৩০) ‘বনফুলৰ' কবি কোন?

উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।

৩১) প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি?

উত্তৰ:- ৰাম-নৱমী।

৩২) অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি?

উত্তৰ:- হাফলং।

৩৩) অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি?

উত্তৰ:- তেজপুৰ।

৩৪) ভাৰতে ফ্ৰান্সৰ পৰা কিনা বিমানখনৰ নাম কি?

উত্তৰ:- Rafale Fighter Jet.

৩৫) ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটোৰ নাম কি?

উত্তৰ:- মোহনবাৰী বিমান বন্দৰ।

৩৬) হাৱা মহল ক'ত অৱস্থিত?

উত্তৰ:- জয়পুৰত।

৩৭) প্ৰথম অসমীয়া বেৰিষ্টাৰ গৰাকী কোন আছিল?

উত্তৰ:- আনন্দৰাম বৰুৱা।

৩৮) অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে?

উত্তৰ:- বোকাজান।

৩৯) ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন?

উত্তৰ:- সৰ্বপল্লী ৰাধাকৃষ্ণণ।

৪০) ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতি কোন?

উত্তৰ:- এম ভেংকায়া নাইডু।

৪১) বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন?

উত্তৰ:- অমিত শ্বাহ।

৪২) ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?

উত্তৰ:- চৰ্দাৰ বল্লভভাই পেটেল।

৪৩) অৰ্জুন বঁটা ক'ত দিয়া হয়?

উত্তৰ:- ক্ৰীড়াৰ ক্ষেত্ৰত।

৪৪) অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল?

উত্তৰ:- ভোগেশ্বৰ বৰুৱা।

৪৫) অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী খেলুৱৈ কোন?

উত্তৰ:- মনালিছা বৰুৱা।

৪৬) স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইত শুভাৰম্ভণি কৰা হয়?

উত্তৰ:- ২০১৪ চনৰ ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাট, নতুন দিল্লীত।

৪৭) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত ন'বেল বঁটা পাইছিল?

উত্তৰ:- ১৯১৩ চনত।

৪৮) নগাঁৱৰ পুৰণি নাম কি?

উত্তৰ:- খাগৰিজান।

৪৯) অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?

উত্তৰ:- যোৰহাটত।

৫০) পানী দিহিং পক্ষী অভয়াৰণ্য ক'ত আছে?

উত্তৰ:- শিৱসাগৰত।

৫১) প্ৰশ্ন : দাণ্ডি যাত্ৰাৰ লগত কি জড়িত আছে?

উত্তৰ : নিমখ।

৫২) প্ৰশ্ন : ভাৰতৰ প্ৰথম গৰাকী মহিলা শাসক কোন?

উত্তৰ : ৰেজিয়া চুলতান।

৫৩) প্ৰশ্ন : চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তি গৰাকী কোন?

উত্তৰ : মঙ্গল পাণ্ডে।

৫৪) প্ৰশ্ন : কনিষ্ক কোন বংশৰ এজন শ্ৰেষ্ঠ ৰজা আছিল?

উত্তৰ : কুশান।

৫৫) প্ৰশ্ন : শ্বেৰ শ্বাহ চুৰীৰ দুৰ্গ ক’ত অৱস্থিত?

উত্তৰ : সহশ্ৰম।

৫৬) প্ৰশ্ন : গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল?

উত্তৰ : লুম্বিনী।

৫৭) প্ৰশ্ন : ছাহজাহানে তলৰ কোনটো সাজিছিল?

(ক) শালিমাৰ বাগিছা

(খ) মতি মছজিদ

(গ) হজ খাছ

(ঘ) চিছ মহল

উত্তৰ : চিছ মহল।

৫৮) প্ৰশ্ন : কোন গৰাকী মোগল সম্ৰাটে তাজমহল সাজিছিল?

উত্তৰ : ছাহজাহানে।

৫৯) প্ৰশ্ন : জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক’ত হৈছিল?

উত্তৰ : অমৃতসৰ।

৬০) প্ৰশ্ন : কোন মগধৰ শাসক বুদ্ধৰ সমসাময়িক আছিল?

উত্তৰ : বীসিম্বাৰ।

৬১) প্ৰশ্ন : প্ৰাচীন সমুদ্ৰত বীণ বজোৱা অৱস্থা দেখুৱাই মুদ্ৰিত কৰা হিন্দু ৰজা জনৰ নাম কি?

উত্তৰ : সমুদ্ৰ গুপ্ত।

৬২) প্ৰশ্ন : হিটলাৰ কেতিয়া জাৰ্মানীৰ উপদেষ্টা (Chancellor) হৈছিল?

উত্তৰ : ১৯৩৩ খ্ৰীষ্টাব্দ।

৬৩) প্ৰশ্ন : ৰাজস্থানৰ আজমীৰত অৱস্থিত তাৰাগড় দূৰ্গ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : আকবৰে।

৬৪) প্ৰশ্ন : অশোকৰ জীয়েক কোন হয়?

উত্তৰ : সংঘামিত্ৰা।

৬৫) প্ৰশ্ন : মহাবীৰ আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা কোন আছিল?

উত্তৰ : অশোক।

৬৬) প্ৰশ্ন : পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথম গৰাকী ব্যক্তি কোন?

উত্তৰ : মেগেলান।

৬৭) প্ৰশ্ন : মহেঞ্জোদাৰো আৰু হৰপ্পা ক’ত অৱস্থিত?

উত্তৰ : পাকিস্তান।

৬৮) প্ৰশ্ন : জৈন ধৰ্মৰ ২৪ তম তীৰ্থাংকৰৰ নাম কি?

উত্তৰ : মহাবীৰ।

৬৯) প্ৰশ্ন : পুৰণি কালত দিল্লী কি নামেৰে জনা গৈছিল?

উত্তৰ : ইন্দ্ৰপ্ৰস্থ।

৭০) প্ৰশ্ন : ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?

উত্তৰ : সমুদ্ৰ গুপ্ত।

৭১) প্ৰশ্ন : ১৫২৬ চনৰ পানিপথৰ যুদ্ধ কাৰ মাজত হৈছিল?

উত্তৰ : বাবৰ আৰু ইব্ৰাহিম লোডীৰ মাজত।

৭২) প্ৰশ্ন : কাশ্মীৰ বুৰঞ্জীৰ তথ্য সম্বলিত উৎস গ্ৰন্থ খন কি?

উত্তৰ : কলহনৰ ৰাজতৰঙ্গিনী।

৭৩) প্ৰশ্ন : মগদ্গ নামৰ ঠাই খিনি কোন ৰাজ্যত অৱস্থিত?

উত্তৰ : বিহাৰ।

৭৪) প্ৰশ্ন : ১৩০৩ খ্ৰীষ্টাব্দত আলাউদ্দিন খিল্‌জিয়ে চিতোৰ আক্ৰমণ কৰি জয় কৰাৰ সময়ত তাত কোনে শাসন কৰিছিল?

উত্তৰ : ৰাণা সংগ।

৭৫) প্ৰশ্ন : দিল্লীৰ কুতুব মিনাৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল?

উত্তৰ : কুতুবুদ্দিন আইবাক ।

৭৬) মগধ ৰাজ্যৰ ৰাজধানী কত আছিল ?

উত্তৰ= পাটলিপুত্ৰ !

৭৭) মেগাস্থেনিছৰ মতে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ নগৰখন আছিল ?

উত্তৰ= পাটলিপুত্ৰ !

৭৮) মেগাস্থেনিছে ভাৰতীয় সমাজক কিমান টা জাতিত বিভাজন কৰিছিল ?

উত্তৰ=  সাতটা জাতিত !

৭৯) ইন্দিকা'ৰ কোনে লিখিছিল ?

উত্তৰ= মেগাস্থেনিচ !

৮০) যোগদৰ্শনৰ প্ৰতিষ্ঠাপক কোন ?

উত্তৰ= পতঞ্জলি !

৮১) মানুহে সৰ্বপ্ৰথম ব্যৱহাৰ কৰা ধাতুবিধ কি ?

উত্তৰ:- তাম !

৮২)ফৰাচী বিপ্লৱ কেতিয়া হৈছিল ?

উত্তৰ:- ১৭৮৯ চনত!

৮৩) ৰুচ বিপ্লৱ কেতিয়া হৈছিল ?

উত্তৰ:- ১৯০৫ চনত!

৮৪) কলম্বাছে কেতিয়া আমেৰিকা আবিস্কাৰ কৰিছিল ?

উত্তৰ:- ১৪৯২ চনত !

৮৫) সাম্যবাদী মতবাদৰ জনক কোন ?

উত্তৰ:- কাৰ্লমাৰ্ক্স !

৮৬) পেৰিছৰ আইফেল টাৱাৰ কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ:- আলেকজেণ্ডাৰ গুস্তাভ আইফেলে (১৮৮৯) !

৮৭) কত আৰু কেতিয়া পিৰামিড নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ:- খ্ৰী:পূ ২৭৫০ মিচৰত !

৮৮) আলেকজেণ্ডাৰ কৰ ৰজা আছিল ?

উত্তৰ:- মেচিডোনীয়া !

৮৯) আলেকজেণ্ডাৰ  মৃত্যু কত হৈছিল ?

উত্তৰ:- বেবিলনত !

৯০) মহম্মদ ঘোৰী কোন দেশৰ ৰজা আছিল ?

উত্তৰ:- আফগানিস্তান !

৯১) চীন আৰু ভাৰতৰ মাজত কিমান চনত যুদ্ধ হৈছিল ?

উত্তৰ:- ১৯৬১ চনত !

৯২) প্ৰথম এলিজাবেথে কেতিয়া সিংহাসন আৰোহণ কৰিছিল ?

উত্তৰ:- ১৫৫৮ চনত !

৯৩) নেপোলিয়নৰ শেষ যুদ্ধখনৰ নাম কি ?

উত্তৰ:- ৱাটাৰলু !

৯৪) বিশ্বৰ প্ৰাচীনতম সংসদীয় গণতন্ত্ৰ কত প্ৰচলন হৈছিল ?

উত্তৰ:- গ্ৰেট ব্ৰিটেইন !

৯৫) ফৰাচী দেশে স্বাধীনতা দিৱস কেতিয়া পালন কৰে ?

উত্তৰ:- ১৪ জুলাই !

৯৬)  ইজৰাইল কেতিয়া স্বাধীন হৈছিল ?

উত্তৰ:- ১৯৪৮ চনত !

৯৭) ভাৰতে স্বাধীনতা লাভ কৰা সময়ত ইংলেণ্ডৰ প্ৰধান মন্ত্ৰী কোন আছিল ?

উত্তৰ:- লেবাৰ পাৰ্টীৰ নেতা ছাৰ ক্লিমেন্ট এটলী !

৯৮) প্ৰথম বিশ্বযুদ্ধৰ কেতিয়া পাৰ কেতিয়ালৈ হৈছিল ?

উত্তৰ:- ৮ আগষ্ট  ১৯১৪ পৰা ১১ নৱেম্বৰ ১৯১৮ চনলৈ  !

৯৯) দ্বিতীয় বিশ্বযুদ্ধৰ কেতিয়া পাৰ কেতিয়ালৈ হৈছিল ?

উত্তৰ:- ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ !

১০০) দহজন ৰজাৰ যুদ্ধ কোনখন নদীৰ পাৰত হৈছিল ?

উত্তৰঃ পৰুচিনি ( ৰবি ) !

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!