Type Here to Get Search Results !

Assamese Romantic Love story | প্ৰথম প্ৰেম - এটি ৰোমান্টিক লাভ ষ্টৰি (তৃতীয় খণ্ড) | Love story in assamese language

 Assamese Romantic Love story | প্ৰথম প্ৰেম - এটি ৰোমান্টিক লাভ ষ্টৰি (তৃতীয় খণ্ড) | Love story in assamese language

                            (তৃতীয় খণ্ড)


Assamese Romantic love story
Assamese Romantic love story

                            প্ৰথম প্ৰেম 


 (আপুনি যদি প্ৰথম প্ৰেম কাহিনীটোৰ ১ম খণ্ড আৰু ২য় খণ্ড টো যদি এতিয়ালৈকে পঢ়া নাই তেন্তে প্ৰথমে সেইটো পঢ়ি লওক 👉প্ৰথম প্ৰেম ১ম খণ্ড)

জয়ন্ত আমাৰ নিচিনাই সেই স্কুলত নতুন । জয়ন্তই আমাৰ বিষয়ে গম নাপাই , সিও মেঘালীক ভাল পাই । চাগে সি এটা ভাল সুযোগৰ অপেক্ষাত আছে তাৰ প্ৰেম প্ৰকাশ কৰিবৰ বাবে। এদিন সি চিঠিৰ দ্বাৰা সেয়া প্ৰকাশ কৰিলে । মেঘালীক মোক তাৰ বিষয়ে একো কোৱা নাই । তাতে মই লৰা জনক ভালকে চিনিও নাপাওঁ। এতিয়া হল ঘটনা টো । মেঘালীক তাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে বোলে ! মই কাৰোবাৰ মুখত শুনিছোঁ , কিন্তু মোৰ এয়া বিশ্বাস হোৱা নাই । মই সেইটো বিষয়ত তাইক সোধাও নাই । কিন্তু মই লক্ষ্য কৰিছোঁ তাই মোক যোৱা কেইদিনমান ভাল ব্যৱহাৰ কৰা নাই ।
মানে ভালকৈ কথা নাপাতে, মোৰ লগত সময় কটোৱা নাই ! সেইবোৰ লক্ষণে মোক বাৰ বাৰ জয়ন্তৰ কথা টোলৈ মনত পৰে ' কিজানি মই শুনা কথাষাৰ সঁচা নেকি ?' 
 তেনেকৈ চলি আছে । তাই সঁচাই জয়ন্তৰ লগত সময় কটায়, ফূৰ্তি মনেৰে কথা পাতে ! সন্দেহ সঁচালৈ পৰিবৰ্তন হল । 
 তাইক জয়ন্তৰ লগত দেখি মোৰ হৃদয় বিষত ভাঙি গল । 🥺💔
  দিন গৈ আছে । 
এমাহ মান হৈছে । এদিন মোৰ লগৰ এজনে মোক জনালে বোলে জয়ন্ত আৰু মেঘালীক ব্ৰেক আপ হল । নাজানো কি কাৰণত । 
এটা কথা মই সকলোবোৰ জনা সত্ত্বেও তাইক ব্ৰেক আপ দিয়া নাই বা তাইক পাহৰি যোৱা নাই । 
 পাছদিনাৰ পৰা তাই মোৰ লগত আগৰ দৰে ব্যৱহাৰ কৰিব ললে । এতিয়া তাই ভাল কৈ কথা পাতে । কিন্তু তাই মোৰ বিশ্বাস থান বান কৰিছে আৰু এতিয়া তাই বিশ্বাসৰ যোগ্য নহয়। তথাপিও তাইৰ প্ৰতি থকা মৰমে তাইক আঘাত কৰাই তেনে কাম কৰিব দিয়া নাই । দুসপ্তাহ মান হল ।
     সিহঁতৰ গাওঁতে আমাৰ এজন মামা ঘৰ আছে । মাৰ লগত এদিন মামা হঁতৰ ঘৰলৈ আহিলো।
ভাগ্য নে দুৰ্ভাগ্য তাই মামা হতৰ চোতালত বহি আছে । মই আচৰিত হৈছোঁ । তাই মোক চাই ঘৰৰ ভিতৰত সোমাই গল । অলপ পাছত মামাই তাইক চিনাকি কৰাই দিলে তাই মামাৰ বাইৰ ছোৱালী । ! সমন্ধত তাই মাঁক মাহি বুলি মাতে। 
      আমি ঘৰলৈ আহিলো, মই ৰাতি ভাত খাই ৰূমলৈ গলোঁ । ৰাতি টোপনি নাই ভাবিছোঁ যদি মা যদি তাইৰ মাহী হৈ তেন্তে আমি দুজন ভাই ভনী ? মনত বিভিন্ন প্ৰশ্ন ? কিন্তু মনটো বহুত আঘাততো অনুভৱ কৰিছো । বহুত ভাবিলো পাছত এটা কথা মনত আহিলে যদি মই এইটো জানিও যদি সমন্ধত ( relationship ) থাকোঁ তেন্তে ভাই ভনীৰ যিটো প্ৰেম আছে যি এটা পৱিত্ৰ সমন্ধ আছে তাত প্ৰশ্নৰ চীন বহি যাব ! আপুনি বুজি পাইছে চাগে মই কি কব খুজিছোঁ। গতিকে মই তাইক পাহৰিবলৈ চেষ্টা কৰিম যিটো ইমান সহজ নহয় , কিন্তু ইমান কঠিনো নহয় যিহেতু তাইৰ ওপৰত যিটো বিশ্বাস আছিল সেয়া এতিয়া নাই মাথোঁ তাইৰ প্ৰতি মৰম হে আছে । এতিয়া মই তাইৰ পৰা অলপ দূৰত থাকিব বিচাৰোঁ । মই স্কুলতো তাইৰ ওচৰৰ পৰা পৰা পক্ষত দূৰত থাকোঁ। তেনেকৈ এমাহ মানৰ পাছত ফাকুৱা আহিল । ফাকুৱাত তাই তাইৰ লগৰ এজনীৰ ঘৰত আহিছে। 
        ফাকুৱা খেলি হল , ফাকুৱা ৰ তৃতীয় দিনা তাই আমাৰ ঘৰলৈ আহিলে । মই এটা ভাল সুযোগ পাই তাইক মোৰ ওচৰত থকা মোবাইলত মেচেজ এটা লিখিলোঁ । তাতে সকলো বোৰ স্পষ্ট কৈ লিখি দিলোঁ যে তাই মোৰ ভনী , আমাৰ প্ৰকৃত সমন্ধ ভাই ভনীৰ গতিকে আমি এই প্ৰেমৰ সমন্ধটো ত্যাগ কৰিব লাগিব। তাইৰ চকুৰ পৰা পানী ওলাই গল। অলপ পাছত তাই হিহতৰ ঘৰ গুচি আহিল।
পাছদিনা তাই স্কুল আহিল । এতিয়া মই তাইৰ লগত কথা নাপাতো। সেইদিনাৰ পৰা মই অকলশৰীয়া অনুভৱ কৰিছিলোঁ। ৰাতি সদাই গাৰো তিতিছিল। 
এমাহ মনৰ পাছত সকলো সাধাৰণ হৈ গল। তাইক পাহৰা নাই যদিও তাইৰ পৰা দূৰত থাকোঁ। তাই ভাবিছিল মই মোৰ স্বাৰ্থৰ বাবে তাইক এৰিছো । কিন্তু এয়া সঁচা নহয়। এতিয়া মই আৰু জয়ন্ত ভাল বন্ধু । কাৰণ যি হল তাত জয়ন্তৰ একো দোষ নাই । দিনক দিনে জয়ন্ত মোৰ ওচৰত আহিলে আৰু এতিয়া জয়ন্ত মোৰ প্ৰিয় বন্ধু। ( Best friend) 
 এতিয়া কোৱা ইয়াত মোৰ দোষ নে ভাগ্যৰ ? 
        Comment ত জনাব এয়া মোৰ দোষ নে ভাগ্য 
     
         Also Read :- নীলা খামৰ চিঠি-এটি ৰোমান্টিক লাভ ষ্টৰি     

অসমীয়া কবিতা






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!