Type Here to Get Search Results !

Assamese Romantic Love story | প্ৰথম প্ৰেম - এটি ৰোমান্টিক লাভ ষ্টৰি (দ্বিতীয় খণ্ড) | Love story in assamese language

 Assamese Romantic Love story | প্ৰথম প্ৰেম - এটি ৰোমান্টিক লাভ ষ্টৰি (দ্বিতীয় খণ্ড) | Love story in assamese language

                         (দ্বিতীয় খণ্ড)

Assamese Love story Lyrics
প্ৰথম প্ৰেম - এটি ৰোমান্টিক লাভ ষ্টৰি


                         প্ৰথম প্ৰেম

(আপুনি যদি প্ৰথম প্ৰেম কাহিনীটোৰ (প্ৰথম খণ্ড) টো যদি এতিয়ালৈকে পঢ়া নাই তেন্তে প্ৰথমে সেইটো পঢ়ি লওক  প্ৰথম প্ৰেম (১ম খণ্ড))

স্কুললৈ আহিলো । সেইদিনা মই স্কুল আধা ঘণ্টা আগতে আহিছোঁ আৰু তাইৰ লৈ বাট চাই আছোঁ ।..
অলপ সময়ৰ পাছত দেখিলোঁ তাই স্কুলৰ গেটৰ সন্মুখত ! তাইক দেখিয়েই মোৰ হৃদয়ত ঢপঢপনি উঠিল । আৰু নালাগিব কিয় সেইদিনা তাই মোৰ বন্ধু হৈ থকা নাই। তাই মোলৈ চাই মিচিকিয়াই মৰমৰ হাঁহি এটা মাৰি ক্লাছ ৰুমলৈ সোমালে। 
     উফ্... হৃদয় যেন থান - বান ! 
ক্লাছ আৰম্ভ হল, তাইৰ পৰা চকু আঁতৰাব নোৱাৰা অৱস্থা । এতিয়া অপেক্ষা আছে জিৰণিলে ! মই পিন্ধা হাত ঘড়ী লৈ বাৰে বাৰে চাই আছোঁ । কিন্তু সেইদিনা ঘড়ীৰ কাইট কেইডাল যেন কোনোবাই কাঁইট কেইডালক পাছফালৰ পৰা টানি আছে কোনোমতে হে আগ বাঢ়িছে । অপেক্ষা অন্ত পৰিল । জিৰণিত মই স্কুলৰ পাছ ফালে গলোঁ । মই তাইক এটা কথা চিঠিতে লিখি দিছিলোঁ " তাই স্কুলত লগ কৰিব " কিন্তু মনটো আজি কিবা বেলেগ অনুভৱ কৰিছে বাকীবোৰ দিনত তাই বান্ধৱী আছিল কিন্তু আজি তাই আৰু মোৰ মাজত প্ৰেম নামৰ এটা অচিনাকি শব্দই ঠাই লৈছে। তাই আহিছে, হৃদয়ৰ কঁপনি বাঢ়িছে । তাই ওচৰত আহি ৰল ।
    দুয়ো অলপ সময় মৌন আছোঁ। পাছত তাই কলে কিবা কিবা নে ? মোৰ মুখৰ পৰা যেনে তেনে এষাৰ কথা ওলালে।
" মধু মই যি শুনিছোঁ সঁচা নে ? মোৰ প্ৰস্তাব সঁচাকৈয়ে গ্ৰহণ কৰিলি ? 
উমম,.... 
কবলৈ একো নাই । পাছত বন্ধু কেইজন আহি মোক লৈ গল। 
জিৰণি সমাপ্ত হল । খুৰাই বেল মাৰিলে । আমি সকলোৱে ক্লাছত সোমালো 
। অলপ সময়ৰ পাছত স্কুল চুটি দিলে । স্কুল গেটৰ সন্মুখৰ পৰা তাইৰ পাছে পাছে গৈ আছোঁ ... এতিয়া তাইৰ ৰাস্তা সলনি কৰিব লাগিব কিয়নো তাই বেলেগ গাঁওৰ । মইও চাইকেল লৈ ঘৰলৈ বুলি আহিলো। পাছদিনা স্কুল বন্ধ আছিলে। বন্ধ দিনা কিবা কৰি দিনটো কাটিল ,কিন্তু নিশা তাইৰ মনত পৰি আছে। কি কৰো !
 অৱশেষত গাৰো খন বুকুত লৈ ৰাতিপুৱাৰ অপেক্ষাত শুই গলো। ...
পাছদিনা ৰাতপুৱা চাহ জলপান খাই স্কুললৈ বুলি চাইকেল খন লৈ ওলাই আহিলোঁ। 
স্কুলত সেই একেই অৱস্থা প্ৰথম দিনা নিচিনা । কিন্তু আজি লাজ নাই। 
জিৰণি হল। মই স্কুলৰ পাছ ফালে আহিলো। অলপ পাছত তাই কেইবাজনী বান্ধৱী ৰ মাজত হাঁহি হাঁহি আহিছে । তাৰ মাজতে মোৰ ওচৰলৈ আহিল ।
 তাই - কি হল মাত দিয়া নাই নে ?
 নহয় অ' তোমাৰ বান্ধৱী হত আছে বুলি মাত দিয়া নাই । 
অ' ইমান লাজ নে ? 
- অই শুনা তুমি আজি আমাৰ গাঁৱলৈ বলা , তোমাৰ এজনী বান্ধৱী আমাৰ গাঁওত আছে নহয় , তালৈ বলা । 
Ess... তাৰ পাছত মই অকলে আহিম নি ?
মই তোমাক‌ তোমালোকৰ ঘৰত থৈ আহিম ! হব নে ?
হব তেনেহলে ? বাৰু এতিয়া যাওঁ মই ।
হব।...
স্কুল ছুটিৰ পাছত তাই আমাৰ গাঁৱলৈ আহিল । একেলগে আহিলো , মাথোঁ তাই আগত মই বন্ধু সকলৰ লগত পিছে পিছে আহিছোঁ। তাইৰ বান্ধৱীৰ নাম আছিল নন্দিনী । নন্দিনী ঘৰ আমাৰ ঘৰৰ আগতে পাই । সিহঁত সোমাই গল। মই ঘৰলৈ আহি মুখ হাত ধুই কোনোমতে ভাত কেইটা মান খাই চাইকেল লৈ ওলাই গলো।
তাই আহিলে -" বলা যাও।"
বলা .. তাই চাইকেলত উঠিলে , আৰু আমি হিহঁতৰ ঘৰলৈ বুলি ওলালো।
বাটতে সুধিলো-" তুমি মোক কেতিয়াৰ পৰা ভাল পোৱা " তাই মিচিকিয়া হাহিৰে - " সেইদিনা তোমাৰ লগত মই চাইকেলত উঠি আহিছিলো,তেতিয়াই মোৰ মনত তোমাৰ বাবে মৰম জাগিছিল। কিন্তু তেতিয়া মই অনুভৱ কৰিব পৰা নাছিলোঁ । তুমি মোলৈ ক্লাছত চাই থাকা তোমাৰ চকুত চাই সেয়া অনুভৱ কৰিব পাৰিছো।
অ,
কথা কথাত তাইৰ গাঁও পালোঁ। সিহঁতৰ ঘৰৰ অলপ আগতে চাহৰ বাগান আছে । মই বাগানৰ মাজতে তাইক কলো- তুমি ইয়াৰ পৰা যোৱা , ঘৰৰ মানুহে দেখিলে তোমালে প্ৰশ্ন কৰিব , আৰু মই সেয়া নিবিচাৰোঁ।
উম হব দিয়া । 
তাই অলপ আগত গৈ থমকি ৰল । 
মই তাতে ৰখি তাইক চাই আছোঁ। তাই দৌৰি আহি একো নোকোৱাকৈ মোৰ ওচৰত ৰখিল আৰু মোক খাবটি ধৰিলে। আৰু গুছি গ'ল ।
 মই ঘৰলৈ আহিলো।
এইবিলাক সকলো ঠিকেই চলি আছে ।
তিনি চাৰি মাহ এনে দৰে চলিলে । পাছত আহিল আমাৰ মাজত ধুমুহা। এজন লৰা নাম আছিল জয়ন্ত । ......
                             আগলৈ... ৩য় খণ্ড Read More.....



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
error: Content is protected !!