Type Here to Get Search Results !

এটি আধৰুৱা প্ৰেম | Assamese love story | love story in Assamese

এটি আধৰুৱা প্ৰেম | Assamese love story | love story in Assamese

Assamese love story , Love story in assamese , best love story in assamese , new best love story in assamese
Assamese Romantic love story

💕💔এটি আধৰুৱা প্ৰেম💔💕

      (প্ৰথম খণ্ড)         

     সেইদিনা আছিল বৃহস্পতিবাৰ । sweety হতৰ ঘৰত সকলোৱে কামত ব্যস্ত আছিল। সেই সময়তে ওচৰৰ ঘৰৰ মানুহ এজন আহি ওলাল । মানুহজন আহি বহিল আৰু Sweetyৰ দেউতাৰ লগত কথা পাতি আছিল আৰু বহু কথা পতাৰ মাজতে sweety ৰ বিয়াৰ সম্বন্ধ এটাৰ কথা ক'লে । লৰা আৰু লৰাৰ পৰিয়ালৰ বিষয়ে সকলো কথা ক'লে ভাল পৰিয়ালৰ ভাল লৰা । এনে বহুত কথা ক'লে সম্বন্ধটোৰ বিষয়ে । কিন্তু সেই সময়ত sweety B.A 4th semester ত পঢ়ি আছিল সেই কাৰণে এতিয়া বিয়া নিদিও বুলি ক'লে। কিন্তু মানুহজনে বহুত জোৰকে ক'লে আৰু বিয়াৰ পিছতো পঢ়িব পাৰিব বুলি কথা দিলে । তেতিয়া sweety ৰ দেউতাই কথাতো ভাবি চাম বুলি ক'লে কিন্তু মানুহজনে বহুত emargency বুলি ক'লে আৰু পিছদিনা লৰা ঘৰৰ মানুহ আহিব বুলি ক'লে সেই কাৰণে হয় নহয় যিটোৱে কয় আজিয়ে কব লাগে।

    সেই সময়ত sweetyৰ মামীও আছিল তেতিয়া তাৰ দেউতাই তাৰ মামীৰ লগত কথা পাতি লৰা ঘৰৰ মানুহ আহিব দিলে । কিন্তু সেই সময়ত sweetyৰ বিয়া হোৱাৰ মন নাছিল কিন্তু কোনো উপায়ো নাছিল কাৰণ sweety আছিল ঘৰৰ আৰু দেউতাৰ বাধ্য ছোৱালী । তাই দেউতাৰ ইচ্ছাতেই সকলো কৰে। সেই কাৰণে অনিচ্ছা চৰ্তেও সকলো মানি লৈছিল। আৰু কথা মতে কাম । পিছদিনাখন আহিল লৰাৰ বাইদেউ আৰু ভিনদেউ । আহি sweetyক চালে পছন্দ হ'ল। আৰু তাৰ এদিন পিছত লৰাজনে বন্ধু কেইজন লৈ আহিল আৰু sweetyক চালে । আৰু sweetyৰ লগত কথা পাতিলে আৰু তেতিয়াই সিঁহতৰ চাৰি চকুৰ চাৱনীত যেন সিঁহতৰ মাজত প্ৰেমৰ সৃষ্টি হ'ল। আৰু বহুত কথা পাতাৰ লগতে লৰাজনে sweetyৰ ফোন নাম্বাৰটো বিচাৰিলে আৰু তাইয়ো দি দিলে । আৰু অলপ পিছত সিঁহত গুচি গল। আৰু যাওতে sweetyহতৰ ঘৰৰ পৰা যাবলৈ নিমন্ত্ৰণ দি থৈ গ'ল। দুয়ো ঘৰত বিয়াৰ কথা আলোচনা কৰি আছে । এইফালে লৰাজনে sweetyৰ লগত কথা পাতিবলে ফোন মেছেজ কৰি আছে কিন্তু তাই কোনো ৰিপ্লাই কৰা নাই । এনেকে কেইদিন কৰাৰ পিছত sweetyৰ মামীয়ে লৰাক ফোন মেছেজ কৰিব মানা কৰিলে তাৰ পিছত আৰু লৰাজনে নকৰে। এনেকে কেইদিনমান গ'ল।

   এইফালে sweetyৰ কলেজৰ পৰা ডাটা কৰিবলৈ ওচৰৰ এটা place ত লৈ গ'ল। সেই সময়ত sweetyৰ সৰু বটামৱালা টিপিট মোবাইল এটা আছিল আৰু সেই কাৰণে তাই তাৰ মামীৰ মোবাইলটো লৈ গৈছিল। মামীৰ লগত সেই লৰাজনে কথা পাতে । কিন্তু সিদিনা মোবাইলটো যে sweety তাত আছে লৰাজনে গম নাপায় আৰু ফোন কৰি আছিল । তাই ফোন ৰিচিব কৰা নাছিল । কিন্তু লগৰ friends সকলে ৰিচিব কৰিবলে বহুত জোৰ কৰিলে আৰু তাই ৰিচিব কৰিলে আৰু মোবাইলটো তাই লৈ আনিছে বুলি ক'লে তেতিয়া তাই কত আছে বুলি খুদিলে আৰু তাই থকা ঠাইৰ ঠিকনা দিলে আৰু লৰাজনে 1ঘণ্টাৰ বাট আধাঘণ্টাত আহি পালে । আৰু দুয়ো অলপ সময় কথা পাতিলে আৰু কথা পাতাৰ সময়ত লৰাজনে তাইক I Love you কৈছিল আৰু উত্তৰ বিচাৰিছিল কিন্তু তাই পিছত দিম বুলি কৈছিল । 

    আৰু তাৰ পৰা চাৰহঁতৰ লগত গুচি আহিছিল। আহোতে friends হতৰ লগত লৰাজনৰ কথা পাতি পাতি ঘৰ আহি পাইছিল। তাই প্ৰথমবাৰ লৰাৰ প্ৰেমত পৰিছিল । তাই ৰাতি I Love you ৰ উত্তৰ দিলে । লৰাজনে উত্তৰ পাই আনন্দত আত্মহাৰা হৈ গৈছিল। বন্ধুহতক লৈ পাৰ্টি কৰিলে । আৰু সিদিনাৰ পৰাই সিহঁতৰ কথা পাতা আৰম্ভ হ'ল। আৰু sweetyৰ জীৱনৰ প্ৰথম প্ৰেমৰ সৃষ্টি হ'ল। সেইটো আকৌ ঘৰে বিয়াৰ বাবে চোৱা লৰাজনৰ লগতে। বৰ আচৰিত প্ৰেম। sweetyৰ জীৱনৰ প্ৰথম প্ৰেম । প্ৰথম প্ৰেমৰ কথাই বেলেগ । সিঁহত দুয়ো ফোন আৰু মেছেজত কথা পাতে । sweetyৰ সৰু মোবাইল কোনো ভিডিঅ কল কৰিব নোৱাৰে । এনেকেই মেচেজ ফোনত কথা পাতে ।

    সেই লৰাজন মানে sweety ৰ প্ৰেমিক ৰিহান (ক্ষমা কৰিব লৰাজনৰ নাম আগত নোকোৱাৰ বাবে)।
sweety আৰু ৰিহানৰ কথা পতা লাহে লাহে বাঢ়ি গৈ থাকিল। sweety ৰিহানৰ লগত কথা নপতাকে থাকিব পৰা নাছিল। সকলোৱে জানেই প্ৰথম প্ৰেম কিমান গভীৰ হৈ আৰু কিমান আমনি কৰে যৌৱনৰ প্ৰথম প্ৰেমে sweetyৰো তেনেকোৱাই হৈছিল জীৱনৰ প্ৰথম প্ৰেম তাতে আকৌ বিয়াৰ বাবে ঘৰত চাবলে আহা লৰাৰ লগত কথাটো বৰ আচৰিত । sweety ৰিহানৰ লগত কথা পতা সিঁহতৰ সম্পৰ্কৰ কথা ঘৰত sweetyৰ ভণ্টিৰ বাহিৰে কোনেও জনা নাছিল । ভণ্টিয়ে জনাৰ বাবে সিঁহতৰ ভয় অলপ কম আছিল ।কিন্তু sweetyৰ মামীলে বহুত ভয় আছিল কাৰণ মামী সদায় সিহতৰ ঘৰত আহিছিল কথাটো গম পালে বহুত অসুবিধা হব।

প্ৰথম প্ৰেম -এটি ৰোমান্টিক লাভ ষ্টৰি এইটো কাহিনী পঢ়ক 

যাৰ বাবে সিঁহতে দিনত বেছি কথা পাতা নাছিল বেছি কথা ৰাতি পাতিছিল। সদায় সন্ধিয়া ফোনত অলপ কথা পাতি তাই ভাত বনাই থৈ (ঘৰৰ সকলো কাম sweetyৰ কৰিব লাগিছিল কাৰণ তাৰ মা সৰুতেই ঢুকাইছিল)6:30 টা মান বজাত sweety পঢ়িব বহিছিল আৰু ৰিহান লগৰবোৰৰ লগত ফুৰিব গৈছিল। কিন্তু sweety পঢ়িব বহিলেও আগৰ দৰে পঢ়াত মন বহা নাছিল । কত মন বহিব তাৰ গাত লাগিছে প্ৰেমৰ বতাহ । তাৰ মনটোৱে সকলো সময়তে ৰিহানৰ কথাই ভাবিছিল । যাৰ বাবে পঢ়াত মন বহা নাছিল । সেয়ে অলপ সময় পঢ়ি ভাত খায় শুই পৰিছিল । আৰু লগৰবোৰৰ লগত মেছেজত কথা পাতি কেতিয়াবা টুপনিও গৈছিল। কিন্তু ৰিহান ঘূৰি ফুৰি ঘৰত আহি ভাত খায় সদায় ৰাতি ১১টা বজাত sweetyক মেছেজ দি নহলে ফোন কৰি জগায় তুলিছিল আৰু তাৰ পিছত দুয়ো গোটেই ৰাতি মেছেজত কথা পাতিছিল। যেতিয়া ৰাতিপুৱা ৪ টা বাজিছিল তেতিয়া সিঁহত কথা এৰি টুপনি গৈছিল। এনেকে সদায় সিঁহতে সিঁহতৰ বিয়াত আৰু বিয়াৰ পিছত কি কি কৰিব এইবোৰ লৈ বহুত কথা পাতিছিল। বহুত সপোন ৰচিছিল সিঁহতে।

 sweetyক পায় ৰিহানৰ ইমান ফূৰ্তি ভাষাৰে কৈ বুজাব নোৱাৰিম। সচাকৈ ৰিহান sweetyৰ বাবে পাগল আছিল। sweety ও ৰিহানৰ বাবে পাগল। দুয়ো দুয়োক পায় বহুত সুখী হৈছিল।এদিন কথা পাতি থাকোতে sweetyক ৰিহানে ক'লে sweety তুমি মোক কিয় ইমান ভাল পোৱা কোৱাচোন । sweety হাঁহি এটি মাৰি ক'লে নাজানো তুমাৰ মৰম লগা মুখনি চাই আৰু মায়া খনা কথাবোৰ শুনি তুমাৰ প্ৰেমত পৰি গলো কিন্তু তুমি কিয় মোক ভালপোৱা তেতিয়া ৰিহানে হাঁহি মাৰি কলে sweety সচাকৈ তুমাৰ দুচকুত যাদু আছে প্ৰথমবাৰ যেতিয়া চাও নাচাওকৈ লাজে লাজে তুমি মোলে চাইছিলা আৰু মই তুমাৰ চকুলে চাইছিলো তেতিয়াই তুমাৰ প্ৰেমত পৰি গৈছিল । আৰু তুমাৰ ধুনীয়া মৰম লগা মুখনি আৰু তুমাৰ মূৰৰ আগফালৰ চুলিৰ ইষ্টাইলত আৰু বেছিকে প্ৰেমত পেলালা জানা। ৰিহানৰ কথা শুনি sweety যে খুব হাঁহিলে আৰু ৰিহানক সুধিলে ৰিহান তুমি মোক পায় সুখী নে ? আৰু মোক তুমাৰ জীৱন লগৰী হিচাপে পালে সুখী হবা নে ? আৰু কিমান সখী হবা? sweety যে একে লগে কেইবাটাও প্ৰশ্ন সুধিলে। আৰু ৰিহানে sweety ৰ প্ৰশ্নৰ উত্তৰ দিলে sweety মই তুমাক পায় বহুত সুখী মোৰ এনেকা লাগে যে তুমাক আৰু আগত কিয় লগ নাপালো জানা । আৰু তুমাক মোৰ জীৱন লগৰী হিচাপে যিদিনা পায় যাম সিদিনা মই স্বৰ্গ পোৱা যেন লাগিব এনে লাগিব যে মই স্বৰ্গৰ সকলো সূখ পায় গৈছো সঁচাকে sweety মই তুমাক বহুত ভাল পাও মোক এৰি নাযাবা । তুমি এৰি গলে মই জীয়াই থাকিব নোৱাৰিম ।     
     ৰিহানে sweety ক খুব ভাল পায় sweety ক নাপালে ৰিহান জীয়াই থাকিব নোৱাৰিব এনেকোৱা বহুত কথা ক'লে ৰিহানে । ৰিহানৰ কথাবোৰ শুনি sweety যে ৰিহানক সুধিলে যে ৰিহান যদি কিবা কাৰণত আমাৰ ঘৰৰ পৰা বিয়া নিদিয়ে তুমি কি কৰিবা তেতিয়া ৰিহানে কলে আমি পলাই গৈ বিয়া পাতিম কিন্তু sweety যে লগে লগে কলে নাই নাই মই এইবোৰ নকৰো মই দেউতাক কেতিয়াও দুখ নিদিও । দেউতাই আমাক বহুত সৰুৰ পৰা মা-দেউতা দুজন হয়েই আমাক লালন পালন কৰি ডাঙৰ কৰিছে নিজৰ কেৰিয়াৰ শেষ কৰি আমাৰ কেৰিয়াৰৰ বাবে আমাক পঢ়া-শুনা কৰাইছে এতিয়াও কৰাই আছে আমাৰ কাৰণে বহুত কষ্ট কৰিছে আৰু কৰি আছে। আৰু সেই মানুহজনৰ লগত বেইমানী কৰিব মই নোৱাৰিম । আৰু ৰিহান তুমি জানাই দেখোন মোৰ বাইদেউ পলাই গৈ বিয়া পাতিছে যাৰ বাবে দেউতাই এতিয়াও বাক মানি লোৱা নাই আনকি মইয়ো মানি লব পৰা নাই বাক। আৰু এতিয়া নিজে কেনেকে এই ভূল কৰিম মই এইবোৰ কৰিব নোৱাৰিম। 

     এনেকে কৈ sweetyঅলপ মানে মানে থাকিল। তেতিয়া ৰিহানে sweetyক কলে মই পলাই যোৱাৰ কথা এনেই কৈছিলো অ এইবোৰ কথাত মাইণট নকৰিবা ok my sweet heart.চাবা ঘৰৰ পৰাই আমাৰ বিয়া দিব ঘৰত বিয়াৰ কথাতো চলি আছে তুমালোকৰ ঘৰৰ মানুহক আহিব মাতিছে আহিলেই চব ঠিক হৈ যাব। তেতিয়া sweety যে কলে উম যাব চাগে এইবোৰ আলোচনা কৰি আছিল দেউতাই মামাহতৰ লগত । ঐ এতিয়া হব দিয়া জান বহুত ৰাতি হল টুপনি যোৱা ok by good night .ৰাতিপোৱা sweety উঠিল আৰু ৰিহানক মেছেজ দিলে good morning jaan কিন্তু ৰিহান সদায় দেৰিকৈ উঠে প্ৰায় ৮,৯ টা মান বজাত সেই কাৰণে দেৰিকে মেছেজ ৰিপ্লাই দিলে very good morning Jaanকি কৰা চাহ খালা এনেকে ইজনে সিজনৰ খবৰ ললে আৰু কথা পাতি থাকিল হঠাৎ sweety যে কলে ঐ পিছে কথা এটা হল নহয় কি হল sweety নাই মানে তুমালোকৰ ঘৰত যে আমাৰ ঘৰৰ মানুহক যাব মাতিছিল না যাব বোলে কথাটো শুনিছা নে নাই। কি সচাই কৈছা নে? সচাকে আহিব নে ?হয় কথাটো আজি ৰাতিপোৱা ফাইনেল কৰিলে আজি তুমালোকৰ ঘৰত জনাই দিব বোলে শুক্ৰবাৰে যাব আজিতো মংলবাৰ আৰু দুটা দিন আছে মানে । 

Assamese love story | Love story in assamese

কিবা হয় মোৰতো ভয় লাগিছে । sweety মোৰো বহুত ভয় লাগিছে মই তুমাক এৰি থাকিব নোৱাৰিম তুমাক নাপালে মই মৰিয়ে যাম চাগে । ঐ পাগল এনেকে নকবা একো নহয় চাবা মোৰ বিশ্বাস আছে আৰু তুমিও মনত বিশ্বাস আৰু সাহস ৰাখা চাবা চব ঠিক হৈ যাব ।sweety যে যদিও ৰিহানক সাহস দিছিল কিন্তু মনে মনে সিও বহুত ভয়ত আছিল কিবা হয়। এনেকে মনত ভয় লৈ ফোন মেছেজত কথা পাতি দুই দিন পাৰ হল । আহিল শুক্ৰবাৰ sweety ৰ আৰু ভয় বাঢ়ি গল। দেউতাই সোনকালে ৰান্ধা-বঢ়া কৰিব কলে sweety যেও সোনকালে সকলো কাম শেষ কৰিলে দেউতাক খাবলে দিলে । তেতিয়ালৈ সিহতৰ ঘৰত সিহতৰ নিজৰেই মামা,খুৰা,ককা এনেকুৱা প্ৰায় ৮,৯জন মানুহ লৰা চাব যাবৰ বাবে ওলায় আহিল ।মানুহবোৰক চাই sweety ভয় দুগুনে বাঢ়িছিল কিন্তু আকৌ কিবা এটা ভাবি ভালো লাগিছিল ।sweetyৰ এটাই আশা আছিল যাতে ভালে ভালে সিহতৰ বিয়াটো হৈ যায়। সি যাতে ৰিহানক পায় । 

( কিন্তু বাস্তৱত sweety যে ৰিহানক পাই নে?)


                          (দুই)

 

     Sweety য়ে এনেকুৱা ভাবি থাকোতেই sweety ক তাৰ দেউতাই মাত লগালে কাৰণ তাৰ দেউতা যতেই যাক যৰ পৰাই আহক আহিয়েই sweety ক মাতে কৰবাত গলেও তাকেই কৈ যায় । মানে যি কৰে চব sweety ৰ মতামত লৈ কৰে আৰু যাৰ বাবে সিদিনা যাব ওলাওতেও sweety ক মাতিছিল আৰু তেতিয়া তাই দেউতাৰ মাত শুনি ভিতৰলৈ গৈছিল আৰু দেউতাক কলৈ দেউতা মোক মাতিছা অ মা মাতিছো ১১টা হল আমি এতিয়া যাম আমাৰ আহোতে দেৰি হবও পাৰে চিন্তা নকৰিবা সাৱধানে থাকিব। চিন্তাৰ কোনো কাৰণ নাই আমি বহুত বেছি দূৰত যোৱা নাই । ঠিক আছে দেউতা তুমালোকেও সাৱধানে যাবা । এনেকে কৈ যাবলে ওলাই গল sweety ৰ দেউতাৰ লগতে আৰু কেইবাজন । তেওলোক ওলাই যোৱাৰ পিছত sweetyয়ে ৰিহানলে ফোন কৰিলে ৰিহানে ফোন ৰিচিব নকৰিলে । তেতিয়া sweety সুব চিন্তা হৈছিল কিয় ফোন উঠোৱা নাই কিবা হল ভাবি তাৰ চিন্তা হৈছিল। তাই কি কৰো কি নকৰো ভাবি থাকোতেই ৰিহানৰ ফোন আহিল কি হল মোৰ ফোন ৰিচিব কৰা নাই কিবা prblem হল নেকি ? এ আৰু নকবা বউহতে যে কি কৰে না আজি কি কৰিছে আজি সিহতৰ ইমান ফুৰ্তি সিহতে আজি বিয়াৰ দৰাৰ দৰে মা-হালদীৰে মোক গা ধুৱাইছে জানা আৰু বউহতে কান্দিছে জানা ডাঙৰ বউৱে বেছি কান্দছে মোক বহুত সৰুৰ পাৰাই পাইছে এতিয়া মই বিয়া কৰিব ওলাইছো মই যদি আজিৰ দৰে নাথাকো বিয়াৰ পিছত যদি বদলি হৈ যাও এইবোৰ কৈ কান্দি আছে জানা।আৰু মাজনীযেও কান্দি আছে জানা । মাজনী নামটো শুনি sweety যে আচৰিত হৈ সুধিলে মাজনী কোন? কিয় কান্দিছে ? মাজনীক চিনি নোপোৱা অ sorry মই মাজনীৰ কথা কোৱা নাছিলো মাজনী মোৰ মাজো বউৰ বণ্টি তাৰ মা নাই মাহী মাৰ অত্যচাৰত আমাৰ ঘৰতে থাকি পঢ়ি আছে মই তাক যিমান পাৰো সহায় কৰো আৰু বিয়াৰ পিছত মই যদি change হৈ যাও এই কাৰণেই কান্দিছে । sweety বৰ সাধাৰণ সহজ সৰল ছোৱালী।তাই নিজেই আনক সহায় কৰি ভাল পাইছিল। আৰু তাই আনৰ ওপৰত ইমান সন্দেহ নকৰে। যাৰ বাবে ৰিহানৰ কথাবোৰ শুনি তাই হাঁহি মনে ক'লে অ হয় নেকি ভাল কথা তুমি তাক সহায় কৰিছা আৰু তাক কৈ দিবা বিয়াৰ পিছতো তুমি এতিয়াৰ দৰেই থাকিবা সহায় কৰিবা আৰু মইয়ো যিমান পাৰিম তাক সহায় কৰিম মই আনক সহায় কৰি ভাল পাও আৰু আনক সহায় কৰা মানুহকো বহুত ভাল পাও আৰু বউহতকো কৈ দিবা মই ভাগিবলে শিকা নাই যোৰা দিব শিকিছো গতিকে বিয়াৰ পিছতো তুমি আজিৰ দৰেই থাকিবা কোনো change নোহোৱা ok. sweetyৰ কথা শুনি ৰিহানে কলে উম ok সচাকে sweety তুমাৰ কথা যিমান শুনো সিমান আচৰিত হও তুমি সচাকে বহুত কোমল মনৰ তুমাৰ এই মিঠা কথাবোৰে মোক বেছি পাগল কৰি দিছে জানা । অ হয় নেকি ? ইমান পাগল নহবা নহলে আকৌ মেনটেলত যাব লাগিব মেনটেল হস্পিতালো বেছি দূৰ নহয় আমাৰ তেজপুৰতে গতিকে সাৱধান । এ মই তুমাৰ হে পাগল মেনটেল প্ৰেছেন নহয় দিয়া ঐ পিছে দেউতাহতে আহি আছে নে নাই তুমি একো নকলাই দেখোন ১০টাতে মেছেজত কৈছিলা ওলাই আছে বুলি এতিয়াও নাহিল। অ কেতিয়াবাতে ওলাই গল গৈ পাবই চাজে ৱাইট কৰা । পিছে তুমি এতিয়া কি কৰি আছা ? ৰিহান--মই কেৰেম খেলি আছো, তুমি ?sweety---মই এনেই আছো । তেতিয়াই ৰিহানে ক'লে sweety দেউতাহতে আহি পালে । অ হয় নেকি? ঠিক আছে তুমি ঘৰত যোৱা মই ফোন ৰাখো ok by. ৰিহান----ok by পিছত ফোন কৰিম ok love you . Sweety---- ok love you too .


(ৰিহানক চাবলে sweetyৰ ঘৰৰ মানুহ ৰিহানৰ ঘৰত গল এতিয়া কি হয় চাবলে আগলৈ.....)

(আৰু যদি কিবা ভূল হৈছে মোক ক্ষমা কৰিব🙏 ) 


  আগলৈ........

                  ✍️Rumela Khatun(Sweety hiya)               
                 

           


Post a Comment

2 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. ৩য় খণ্ডটো কেতিয়া দিব

    ReplyDelete
  2. Agoloi porhibo bisarisilu prem kahini

    ReplyDelete

Top Post Ad

Join Teligram Group Click Here
Join Whatsapp Group Click Here
Join Facebook Group Click Here
error: Content is protected !!